দুই ‘ছুপাৰ ছাব’ৰ গ’ল, স্পেইন-জাৰ্মানীৰ ড্ৰ

ফিফা বিশ্বকাপৰ মেচ ৰিপ’ৰ্ট, স্পেইন বনাম জাৰ্মানী: দুয়োটা দলে ব্যৱধান বৃদ্ধিৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল। ৬ মিনিট অতিৰিক্ত সময় দিয়া হৈছিল। স্ক’ৰলাইনৰ অৱশ্যে কোনো পৰিৱৰ্তন নহ’ল। গ্ৰুপৰ প্ৰথমখন মেচত জাপানৰ বিৰুদ্ধে পৰাজয়ৰ পিছত স্পেইনৰ বিৰুদ্ধে ১ পইণ্ট লাভেৰে জাৰ্মানীৰ স্বস্তি।

0 61

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰ : কাটাৰ বিশ্বকাপ ২০২২ত স্পেইনৰ আৰম্ভণি ভাল হৈছিল। প্ৰথমখন খেলত কোষ্টাৰিকাক ৭-০ গ’লত পৰাস্ত কৰিছিল। ২০১০ চনৰ চেম্পিয়ন স্পেইন। সেইবাৰ সমগ্ৰ প্ৰতিযোগিতাখনত মাত্ৰ ৮টা গ’ল কৰিয়েই খিতাপ দখল কৰা স্পেইনে এইবাৰৰ প্ৰথমখন মেচতে দিছিল ৭টা গ’ল। কিন্তু চাৰিবাৰৰ চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে খেলা খেলখন একেবাৰেই সহজ নাছিল। প্ৰথমখন খেলত জাপানৰ হাতত পৰাস্ত হৈছিল জাৰ্মানী। তেওঁলোকৰ বাবে সেয়া আছিল মৃত্যুসম। স্পেইন-জাৰ্মান দুয়োটা দলে বল নিজৰ দখলত ৰাখি ভাল পায়। পাছিং ফুটবলত ইটো দলে সিটো দলক অতিক্ৰম কৰিবলৈ চেষ্টা কৰি এইখন আকৰ্ষণীয় মেচ উপহাৰ দিব বুলি আশা কৰা হৈছিল। প্ৰথমাৰ্ধত বল দখলত ৰখাৰ যুঁজতেই শেষ হৈছিল। ৰুডিগাৰৰ গ’লটো অফছাইডৰ বাবে বাতিল হ’ল। একেদৰে ফেৰাণ টৰেছে অফছাইড হ’লেও এটা সুযোগ হেৰুৱাইছিল। জাৰ্মানীৰ বিৰুদ্ধে একেৰাহে বল দখলত ৰখাটো সম্ভৱ নহ’ল। অৱশ্যে স্পেইনৰ পাছৰ মানদণ্ডই জাৰ্মানীক অস্বস্তিত কৰি ৰাখিছিল। কেইবাটাও স্ক’ৰ কৰাৰ সুযোগ সৃষ্টি কৰা হৈছিল। জাৰ্মানীৰ এটা ছেটপিচ গ’ল অফছাইডৰ বাবে বাতিল হৈছিল। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে (৫৪ মিনিট) স্পেইনৰ প্ৰশিক্ষক লুইছ এনৰিকে টৰেছৰ সলনি আলভাৰো মৰাটাক যুঁজত নমায়। খেলপথাৰত প্ৰৱেশ কৰাৰ ৮ মিনিটৰ ভিতৰতে তেওঁ খেলৰ ৰং সলনি কৰি দিলে। জোৰ্ডি আলবাৰ ক্ৰছৰ পৰা আলভাৰো মৰাটাই গ’ল দি স্পেইনক অগ্ৰগতি প্ৰদান কৰে। কাৰিকৰী ক্ষেত্ৰত প্ৰশিক্ষক লুইছ এনৰিকৰ উৎসাহ দৰ্শনৰ যোগ্য আছিল। কিন্তু ১ গ’লৰ অগ্ৰগতি কেতিয়াও সুৰক্ষিত নহয়; সেই কথা স্পেইনে আকৌ এবাৰ অনুভৱ কৰিলে। জামাল মুছিয়ালাই গ’লবক্সত অকলে পালে গ’লৰক্ষকক। অৱশ্যে উনাই চিমুনে জাৰ্মান ফুটবলাৰগৰাকীৰ শ্বটটো অতি দক্ষতাৰে ব্লক কৰে। খেলখনৰ ৭০ মিনিটত জাৰ্মানীৰ প্ৰশিক্ষক হান্সি ফ্লিকে এই যুটি সলনি কৰে। আইক গুণ্ডোগান আৰু থমাছ মূলাৰৰ ঠাইত লেৰয় ছানে আৰু নিক্লাছ ফুলক্ৰুগক আক্ৰমণৰ দায়িত্ব দিলে। এই সাল-সলনি কামত আহিল। জামাল মুছিয়ালাৰ শ্বৰ্ট পাছ বক্সত, ফুলক্ৰুগৰ নিখুঁত শ্বট। স্পেইনৰ গ’লৰক্ষক উনাই চিমুনে দুৰ্গ ৰক্ষা কৰিবলৈ কোনো সুযোগেই নাপালে। ৮৩ মিনিটত ১-১ গ’লত স্ক’ৰ লাইন। দুয়োটা দলে এই ব্যৱধান বৃদ্ধিৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল। অতিৰিক্ত ৬ মিনিট যোগ কৰা হ’ল। স্ক’ৰলাইনৰ কোনো পৰিৱৰ্তন নঘটিল। এইটো গ্ৰুপত জাৰ্মানী নিজৰ প্ৰথমখন মেচত জাপানৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পিছত স্পেইনৰ বিৰুদ্ধে ১ পইণ্ট লাভেৰে সামান্য স্বস্তি লভিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More