দুই নৱেম্বৰঃ ৭৯সংখ্যক  ওপজাদিনতো নাট উপহাৰ ঐশ্বৰ্য কাকতিৰ

প্ৰবীন অভিনেতা, নাট্যকাৰ, পৰিচালকগৰাকীৰ ইচ্ছা আমৃত্যু মঞ্চৰ মাজতে থকাৰ

0 28

তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১নৱেম্বৰ:

তেজপুৰ তথা ৰাজ্যখনৰ এগৰাকী প্ৰবীন অভিনেতা,পৰিচালক তথা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে দুই নৱেম্বৰত সম্পূৰ্ণ কৰিব জীৱনৰ ৭৯টা বছৰ৷১৯৪৩ৰ দুই নৱেম্বৰত পিতৃৰ কৰ্মস্থলী তিনিচুকীয়াৰ ৰাজআলি চাহ বাগিচাত জন্ম গ্ৰহণ কৰিছিল য’দিও শৈশৱতে তেওঁক তেজপুৰৰ খুড়াকৰ ঘৰলৈ পঠিওৱা হৈছিল পঢ়াৰ বাবে৷প্ৰায়াত তাৰানাথ কাকতি আৰু প্ৰয়াত মোহিনী কাকতিৰ পুত্ৰ ঐশ্বৰ্য কাকতিয়ে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিকৰ পাছত দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰি স্নাতক ডিগ্ৰী অৰ্জন কৰে৷তেজপুৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰে শৈশৱৰে পৰাই জড়িত হৈ পৰা কাকতিয়ে পৰৱৰ্তী সময়ত নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ পৰিচালনাত উপপথ, সাঁকো,বৰুৱাৰ সংসাৰ,বান,সময়,মৃত্যুঞ্জয়,হীৰেণ চৌধুৰীৰ নাটক অলিম্পিক,নটসূৰ্য ফণী শৰ্মাৰ নাটক এমুঠি চাউল,চন্দ্ৰধৰ গোস্বামীৰ নাটক কাঞ্চনৰংগ, সুজিৎ সিংহৰ পৰিচালনাত ৰূপালিম,মেন উইদাউত ছেদ’,চি আই ডি আৰু দেবকুমাৰ নাথৰ পৰিচালনাত ভিউ ফ্ৰম দি ব্ৰীজ আদি মুঠ ১৩খন নাটকত বলিষ্ঠ অভিনয় কৰে৷পৰৱৰ্তী সময়ত তেওঁ নাটক ৰচনা আৰু পৰিচালনা আৰম্ভ কৰে আৰু দূৰদৰ্শনৰ বাবে তেওঁ মৃত্যু জানো এক শিল্প, দেৱাল ভঙাৰ গান, আখৰি চালাম, সেই মৃত্যু অপৰাজেয় নাটক পৰিচালনা তথা ৰচনা কৰে৷ আনহাতে অবৈতনিক নাট্য গোষ্ঠীৰ বাবে তেওঁ ৰচনা কৰে ঔৰংজেৱৰ ফাঁচী,মইনামতীৰ কুৰুক্ষেত্ৰ, বদন বৰফুকন, ইপাৰ সিপাৰ, শাৰী শাৰী পতাকা, ছাঁ পোহৰৰ খেলা, অংকুৰ, দেশ চলি আছে, মমেন্তাম, ইভলিউচন, কোমাই চিমাই, সুখ এটা ইলিউশ্যন, বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুন, ৰঙীন চশমাৰ পৃথিৱী, হৃদয়ত গোপনে, সন্ধ্যা আহিল কোনবাটে, ধুমুহাতো জ্বলি আছে বন্তি গছি আদি অৰ্থবহ নাটক৷ কেবল সিমানেই নহয়,তেওঁ দেৱাল ভঙাৰ গান, থোৰা চা আচমান, আখৰি চালাম আৰু স্কুল বেগ নামৰ চাৰিখন শিশু নাটক ৰচনা তথা পৰিচালনা কৰে যি কেইখন নাটক দেশে বিদেশে সমাদৃত হৈছে৷ এইজন ছিৰিয়াছ নাট্যকাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবেও ভালে কেইখন নাটক ৰচনা কৰিছে৷ই য়াৰে ভিতৰত ৰূপালীম থিয়েটাৰৰ বাবে ৰাতিৰ জুই, শেষ প্ৰহৰ, অসম ষ্টাৰৰ বাবে জয় জয়ন্তী, সম্ৰাট, গিৰিৰাজ আৰু সমন্বয় থিয়েটাৰৰ বাবে অপবিত্ৰ দেৱতা, দেৱতাৰ মৃত্যু অগ্নিগৰ্ভা জন্মভূমি নাটক ৰচনা কৰিছিল৷ কটক,দেৰাদুন,কলকাতা,কোচি আৰু দিল্লীত এই পৰ্যন্ত কাকতিৰ ৰচনা আৰু পৰিচালনাৰে আঠখন নাটক প্ৰদৰ্শিত হোৱাৰ উপৰি আন্তৰাষ্ট্ৰীয় তথা বিশ্ব শিশু নাট মহোৎসৱ উপলক্ষে দেশক প্ৰতিনিধিত্ব কৰা কাকতিৰ সাতখন নাটক জাৰ্মানী, ক্ৰৱেচিয়া, চুইজাৰলেণ্ড, টুৰ্কীৰ উপৰি মুম্বাই আৰু নতুন দিল্লীত প্ৰদৰ্শিত হৈছে৷ নিৰলস ভাবে নাটক সৃষ্টি কৰি যোৱা এইজন নাট্যকাৰে অঁনাতাৰ কেন্দ্ৰৰ বাবে ৰচনা কৰে আবেলিৰ ৰং,  সঞ্জীৱনী, সুখ, পদশব্দ, দৃষ্টি, যাত্ৰা আদি নাটক৷ এই পৰ্যন্ত তেওঁৰ শাৰী শাৰী পতাকা নামৰ নাটকখন গ্ৰন্থ ৰূপে প্ৰকাশ পোৱাৰ লগতে জীৱন যাত্ৰাৰ সংগী নামৰ উপন্যাস আৰু ঐশ্বৰ্য বিচিত্ৰা নামৰ আন দুখন গ্ৰন্থ প্ৰকাশ পাইছে৷ উল্লেখযোগ্য যে,কেতিয়াও কিবা পোৱাৰ আশাত নাটক ৰচনা তথা অভিনয় আৰু পৰিচালনা নকৰা এইজন স্পষ্টবাদী শিল্পীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাৰ লগতে কটকৰ উৎকল যুৱক সাংস্কৃতিক সন্হাৰ পৰা নাট্যভূষণ সন্মান লাভ কৰে৷তদুপৰি অসম চৰকাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক নাট্যকাৰ পৰিচালক তথা অভিনেতা গৰাকীক স্হানীয় ভাবে নৰেন্দ্ৰ দেৱ শাস্ত্ৰী স্মাৰক বঁটা আৰু প্ৰফুল্ল বৰা সোঁৱৰণী বঁটাও আগবঢ়োৱা হৈছে৷তেজপুৰৰ পাৰ্বতী নগৰ নিবাসী আৰু বৰ্তমানেও নাট্যক্ষেত্ৰ খনত অতি সক্ৰিয় হৈ থকা নাট্যকাৰ পৰিচালক গৰাকীয়ে প্ৰতিটো জন্ম দিনত এখন নাটক দৰ্শকক উপহাৰ দি আহিছে আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়৷ ৭৯সংখ্যক জন্ম দিন উদযাপন কৰাৰ প্ৰাকমুহূৰ্তত প্ৰবীন নাট্য শিল্পীজনে মনৰ ভাব প্ৰকাশ কৰি কয় যে,এক জেদত পৰিয়েই মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাত ১৯৬৬ত সংগীত নাটকম নামৰ অনুষ্ঠানৰ জন্ম দিছিল৷ এই অনুষ্ঠানৰ সহযোগী কাণ্ডাৰী সকল নিপন গোস্বামী, প্ৰণৱ সিংহ, সত্যৰঞ্জন কলিতা, ৰবীন গায়নে ইতিমধ্যে পৃথিৱীৰ পৰা বিদায় লৈছে৷ একেদৰেই আন এক বিশেষ কাৰণত তেওঁ ১৯৮০ত ৰচনা কৰিছিল শিশু নাটক “দিৱাৰ ট’ৰনি হ্যেয়” ৰ৷ প্ৰথম অৱস্থাত অভিনেতা হিচাপে সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত থকাৰ বিপৰীতে বন্ধু নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ বিয়োগৰ পাছত শুভাকাংক্ষী সকলৰ আহ্বানত কাকতিয়ে নাটক ৰচনা কৰিবলৈ লয়৷অভিনয়ৰ কথা স্মৰণ কৰি তেওঁ কয় যে,১৯৫৮ত পুৰণা বাণ থিয়েটাৰত কুলেন গোস্বামীৰ স’তে প্ৰথম নাটকত অভিনয় কৰিছিল৷ আনাহতে টিপু চুলতান নাটকত নটসূৰ্য ফণী শৰ্মাৰ স’তে অভিনয় কৰিছিল বেংগলী থিয়েটাৰত৷তেতিয়া তেওঁ আছিল অষ্টম শ্ৰেণীৰ ছাত্ৰ৷যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে মঞ্চৰ মাজতে থকাৰ আৰু মঞ্চতে মৃত্যু হোৱাটোকে কামনা কৰা বুলি কোৱা এইজন নাট্যকাৰ পৰিচালকে বৰ্তমান তেওঁৰ নাট্যক্ষেত্ৰৰ বন্ধু সকলৰ ভিতৰত হেমন্ত দত্ত,বিষ্ণু খাৰঘৰীয়া আৰু দীনেশ দাসেই জীৱিত থকাৰ বিষয়েও উল্লেখ কৰে৷ বৰ্তমান পৰিবাৰ, দুই বিবাহিতা কন্যা আৰু একমাত্ৰ পুত্ৰৰে এক সুখী দাম্পত্য জীৱন অতিবাহিত কৰি থকা এইজন বিশিষ্ট নাট্যকাৰ পৰিচালক তথা অভিনেতালৈ জনালোঁ ৭৯সংখ্যক জন্ম দিনটোত কাকতিৰ ৰচনা আৰু পৰিচালনাৰে ইউনাইটেড আৰ্টিষ্টৰ দ্বাৰা তেজপুৰৰ ড° ভূপেন হাজৰিকা কলাভূমিত পৰিৱেশিত হ’ব ছ হাত মাথো নামৰ অৰ্থৱহ নাটকখন৷ বিশিষ্ট নাট্য শিল্পী জনলৈ জনালোঁ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More