দুই পূৰ্ণৰ চাকৰি অপূৰ্ণ হৈ পৰিল

লখিমপুৰত ২০০ টকাৰ উৎকোচ লৈ চাৰি আৰক্ষীয়ে হেৰুৱালে চাকৰি

0 13

 

  • লখিমপুৰত ঘোচখোৰ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ
    শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১২ জুনঃ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এইবাৰ নিজৰ আৰক্ষীৰ বিৰুদ্ধেই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ এক তথ্য পোহৰলৈ আহিছে৷ অভিযোগ লাভ কৰা ৫ ঘণ্টাৰ ভিতৰত নিজৰ বিভাগটোৰে চাৰিজনকৈ আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে৷ আজি জিলাখনৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই তথ্য সদৰি কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিন্দ্ৰ নাথ দেউৰীয়ে৷ স্মৰ্তব্য যে কিছুদিনৰ পূৰ্বে লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষকজনে যিকোনো ৰাজহুৱা অভিযোগৰ বাবে এটা হেল্পলাইন ফোন নম্বৰ মুকলি কৰিছিল৷ এই ফোন নম্বৰতে কোনো এজন লোকে লালুকৰ পৰা আৰক্ষীয়ে পথত গাড়ী ৰখাই ধন লৈ থকাৰ এটা ভিডিঅ’ ক্লিপ উক্ত হেল্প লাইন নম্বৰটোলৈ প্ৰেৰণ কৰে৷ ইয়াৰ পিছতে জিলা আৰক্ষী অধীক্ষকৰ পৰামৰ্শ অনুসৰি সংশ্লিষ্ট আৰক্ষী বিষয়াই তাৎক্ষণিক ভাৱে তদন্তত নামি পৰাৰ পিছতে এনেদৰে চাৰিজনকৈ আৰক্ষীয়ে চাকৰি হেৰুৱাব লগা হয়৷ প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে আৰক্ষীয়ে ভিডিঅ’ ক্লিপ পৰীক্ষা কৰাৰ পিছতে তদন্তত নামি পৰে৷ এই ভিডিঅ’ ক্লিপৰ আঁত ধৰি আৰক্ষীয়ে অনুসন্ধান চলোৱাৰ পিছত পোহৰলৈ আহে যে ৰাষ্ট্ৰীয় ঘাইপথত তালাচীৰ নামত আৰক্ষীৰ এটা দলে পথেৰে চলাচল কৰা গাড়ীৰ পৰা ধন সংগ্ৰহ কৰি আছে৷ আৰক্ষীৰ দলটোৱে তালাচী চলাই থকাৰ সময়তে এখন গাহৰি কঢ়িওৱা বাহনৰ পৰা দলটোৰ এজন গৃহৰক্ষী জোৱান তথা গাড়ীচালক গৃহৰক্ষী জোৱান পূৰ্ণকান্ত নেওগে দুশ টকা উৎকোচ লয় বুলি প্ৰমাণিত হয়৷ ফলত দলটোত থকা মুখ্য কনিষ্টবল পূৰ্ণকান্ত শইকীয়াক নিলম্বিত কৰাৰ লগতে গৃহৰক্ষী জোৱান পূৰ্ণকান্ত নেওগক বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে আন দুজন কনিষ্টবল তথা অসম আৰক্ষী বেটেলিয়নৰ জোৱান তথা হাবিলদাৰ খন্দেশ্বৰ বৰুৱাৰ লগতে দুলুমণি কছাৰীক ব্যৱস্থা গ্ৰহণৰ বাবে ত্ৰয়োদশ আৰক্ষী বেটেলিয়ানৰ মুখ্য কাৰ্যালয়লৈ ঘূৰাই পঠোৱা হয়৷ আৰক্ষীয়ে ভৱিষ্যতেও এনে দুৰ্নীতি-অভিযোগ লাভ কৰিলে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব বুলি আজি আৰক্ষী বিষয়াজনে সংবাদমেলত সদৰি কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More