দুই বিশ্বযুদ্ধ আৰু দুই মহামাৰীৰ সাক্ষী ফৰাচী নান

বিশ্বৰ সবাতোকৈ বয়স্ক মহিলাৰ খিতাপ

0 89
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ এপ্ৰিলঃ এগৰাকী ফৰাচী সন্নাস্যী। নাম ছিষ্টাৰ আন্দ্রে (Sister Andre)। যোৱা ২৫ এপ্ৰিল সোমবাৰে তেওঁ বিশ্বৰ সকলোতকৈ বয়স্ক জীৱিত ব্যক্তিৰ খিতাপ পাইছে। নাম তুলিছে গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডছত। বর্তমান তেওঁৰ বয়স ১১৮ বছৰ ৭৩ দিন। বিশ্ব ৰেকর্ড কৰিয়েই তেওঁ জনাইছে তেওঁৰ এই দীৰ্ঘ জীৱনৰ গোপন ৰহস্য। এই সুস্থ আৰু দীর্ঘ জীৱনৰ চাবি-কাঠি আছে এগিলাছ ৱাইন আৰু চকলেটেৰ মাজত ! যোৱা বছৰ ছিষ্টাৰ আন্দ্রেই লাভ কৰিছিল ইউৰোপৰ সকলোতকৈ বয়স্ক ব্যক্তিৰ খিতাপ। জাপানী মহিলা কেন তানাকাৰ (Kane Tanaka) মৃত্যুৰ পিছত তেওঁ বর্তমান বিশ্বৰ সবাতোকৈ বয়স্ক নাগৰিকৰ সম্মান লাভ কৰিছে। গিনিছ বুক অব ৱর্ল্ড ৰেকর্ড কৰ্তৃপক্ষই তেওঁলোকৰ নিজা ৱেব ছাইটত জনাইছে যে, ১৯০৪ চনৰ ১১ ফেব্রুৱাৰীত দক্ষিণ ফ্ৰান্সত তেওঁ জন্ম গ্ৰহণ কৰিছিল। আগেয়ে তেওঁৰ নাম আছিল লুচিল ৰেণ্ডন (Lucile Randon)। জীৱনৰ আদিচোৱা পেৰিছত গভর্নেছ (governess) হিচাবে শিশুৰ তত্বাৱধান লৈছিল। ১৯৪৪ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰাই সংসাৰ ত্যাগ কৰি সন্ন্যাসীৰ জীৱন কটাবলৈ আৰম্ভ কৰে। ছিষ্টাৰ আন্দ্রেই তেওঁৰ জীৱনত প্রথম আৰু দ্বিতীয় বিশ্বযুদ্ধ দেখিছে। তেওঁ ১৯১৮ চনৰ স্পেনিচ ফ্লু আৰু ২০২০ চনৰ কোভিড মহামাৰীৰ সাক্ষী। এই চাৰিটা ভয়ঙ্কৰ বিপর্যয় দেখিছে আন্দ্রেই। তেওঁ তেওঁৰ ঘনিষ্ঠসকলক জনাইছে, এই সম্মান পাই তেওঁ এতিয়া সুখী। বিগত ১২ বছৰ ধৰি ছিষ্টাৰ আন্দ্রেই টুলনৰ (Toulon) এখন নাৰ্চিংহোমত বাস কৰি আহিছে। যোৱা বছৰ মহামাৰীয়ে যেতিয়া ভয়ঙ্কৰ ৰূপ লৈছিল তেতিয়াও তেওঁ ইয়াতেই আছিল। তেওঁ দীৰ্ঘ জীৱনৰ গোপন ৰহস্যৰ কথা এতিয়া অকপটে জনাইছে। আন্দ্রেই জনাইছে ৱাইনৰ প্রতি থকা তেওঁৰ বিশেষ অনুৰাগৰ কথা। লগতে কৈছে এতিয়াও তেওঁৰ চকলেট প্রীতি অব্যাহত থকাৰ কথা। এতিয়ালৈকে বিশ্বৰ সকলোতকৈ বয়স্ক ব্যক্তিৰ ৰেকর্ড আছে ফৰাচী মহিলা জিন লুইচ কেলমেন্ট (Jeanne Calment)ৰ নামত। তেওঁ ১২২ বছৰ ১৬৪ দিন বাচি আছিল। ছিষ্টাৰ আন্দ্রে তেওঁতকৈয়ো বেছিদিন বাচি থাকিব পাৰে। তেওঁ এই ৰেকর্ড ভাঙি দিব পাৰিব বুলিও আশাবাদী। তেওঁৰ ঘনিষ্ঠ ডেভিড তাভেলাই জনোৱা মতে আৰু বেছি দিন ছিষ্টাৰ আন্দ্রে পৃথিৱীত থাকিব বিচাৰে। এই ৰেকর্ড কৰাৰ পিছতেই ছিষ্টাৰ আন্দ্রেক চিঠি লিখি অভিনন্দন জনাইছে পোপ ফ্রান্সিচ, ফৰাচী ৰাষ্ট্ৰপতি ইমানুয়েল মেক্রন, টুলনৰ মেয়ৰ হুবার্ট ফয়ালকোৱে। অনেকেই কৈছে যে তেওঁৰ এই দীর্ঘ সুস্থ জীৱন সকলোৰে বাবেই এক আদর্শ। সূত্রৰ খবৰ মতে, বার্ধক্যই এতিয়াও সম্পূৰ্ণ গ্রাস কৰিব পৰা নাই আন্দ্রেক। এতিয়াও তেওঁ নিজৰ কাম নিজেই কৰি ল’ব পাৰে। স্মৃতিশক্তিও সক্রিয় হৈ আছে তেওঁৰ। এই ৰেকর্ডো তেওঁ উপভোগ কৰিছে। ছিষ্টাৰ আন্দ্ৰেৰ পিছতে আছে পোলেণ্ডৰ এগৰাকী ১১৫ বছৰীয়া মহিলা। উল্লেখ্য যে, শতায়ু লাভ কৰা ব্যক্তি ঘাইকৈ নীল অঞ্চল বা ব্লু জ’ন হিচাপে খ্যাত জাপানৰ অকিনাৱা বা ইটালিৰ চাৰ্দিনিয়া আদিতহে সততে পোৱা যায় বুলি এক ধাৰণা প্ৰচলিত হৈ আহিছে। কিন্তু ফ্ৰান্স ব্লু জ’নত নপৰা সত্বেও দেশখনত বহুসংখ্যক শতায়ুপ্ৰাপ্ত লোক আছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। ইয়াৰ ভিতৰত ৪০ গৰাকীৰ বয়স ১১০ বছৰ বা তাতোকৈ অধিক।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More