দুই যুৱকৰ অসম-অৰুণাচলৰ সমন্বয় চাইকেল যাত্রাক লখিমপুৰত সাদৰ আদৰণি

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ আগষ্টঃ অসম সাহিত্য সভাৰ সভাপতি পদৰ অন্যতম প্ৰাৰ্থী বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী য়েছে দৰজে ঠংছিৰ সমৰ্থনত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কালিৰে পৰা অৰুণাচলৰ পূৱ চিয়াং জিলা পাছিঘাটৰ পৰা অসমৰ ধেমাজি, লখিমপুৰ হৈ ইটানগৰ- গুৱাহাটীলৈ চাইকেল যাত্ৰা কৰিছে আবিদ আজাদ আৰু চফিউজ জামান নামৰ যুৱক দুজনে ৷20220814 125222 অসম আৰু অৰুণাচলৰ সম্প্ৰীতি অধিক মজবুত কৰা আৰু অৰুণাচলৰ য়েছে দৰজে ঠংছিক অসম সাহিত্য সভাৰ সভাপতি অধিষ্ঠিত কৰিবলৈ ৰাইজৰ দৃষ্টি আৰ্কষণ কৰিবলৈ এই চাইকেল যাত্রা কৰা যুৱক দুজনে বিনা প্রতিদ্বন্দ্বিতাৰে ঠংছিক বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। ঠংছি অসম সাহিত্য সভাৰ সভাপতি হ’লে দুয়ো ৰাজ্যৰ সম্প্ৰীতি সুদৃঢ় হোৱাৰ লগতে দুয়ো ৰাজ্যৰ সীমান্তৰ বাসিন্দাৰ মাজত চলি থকা সংঘাত বহু পৰিমাণে শাম কাটিব বুলিও তেঁওলোকে আশা প্রকাশ কৰে। আজি পুৱা ধেমাজিৰ পৰা চাইকেল যাত্ৰা কৰি দুপৰীয়া ১১ বজাত লখিমপুৰত উপস্থিত হোৱা যুৱকদ্বয়ক নগৰৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেকগেটত ‘শতাব্দ ডিজিটেল মিডিয়া’ গোষ্ঠী, মাছ আদিকে ধৰি বিভিন্ন সংগঠন, ব্যক্তি তথা অনুষ্ঠানৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। প্ৰখৰ ৰদত চাইকেল চলাই অহা যুৱকদ্বয়ক উপস্থিত ৰাইজে গামোচাৰে আদৰণি জনোৱাৰ পিছত পানী, চৰবত, ফলৰ ৰসেৰে আপ্যায়ন কৰে।আনহাতে নগৰৰ মাজমজিয়াৰ প্ৰধান চাৰিআলিতো ৰাইজে চাইকেল আৰোহীদ্বয়ক আদৰণি জনোৱাৰ লগতে যাত্ৰা সফল কৰি তুলিবলৈ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পিছতে দুয়ো ইটানগৰ অভিমুখে ৰাওনা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More