দুই শ্ৰমিক নিহত হোৱাৰ ঘটনাৰ তদন্তৰ দাবীত শ্ৰমিকৰ প্ৰতিবাদ

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১এপ্ৰিলঃ কালি দিনৰ প্ৰায় আঢ়ৈ বজাত তেজপুৰৰ নিকটৱৰ্তী ৰূপাজুলি চাহ বাগিচাত দুই স্হায়ী শ্ৰমিক ৰোহিত তাঁতি(২৯)আৰু ছৱি তাঁতি(৫০) কলঘৰৰ এজবেষ্টাৰ টিন মেৰামতি কৰিবলৈ গৈ প্ৰায় ৪২ফুট উচ্চতাৰ পৰা তলত পৰি নিহত হোৱা ঘটনাৰ তদন্ত দাবীৰ লগতে কলঘৰ পৰিদৰ্শকৰ বৰ্খাস্তকৰণ আৰু নিহত শ্ৰমিকৰ নিকট আত্মীয়লৈ ক্ষতিপূৰণ আদায়ৰ দাবীৰে আজি পুৱাৰে পৰাই চাহবাগিচাখনৰ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷শ্ৰমিক সকলে আজি পুৱা ন বজাৰ পৰা চাহবাগিচাখনত সমবেত হৈ কৰ্মবিৰতি পালন কৰে৷ইয়াৰ ফলত চাহবাগিচাখনৰ সকলো কামকাজ অচল হৈ পৰে৷উল্লেখযোগ্য যে,প্ৰতিবাদকাৰী শ্ৰমিকসকলে তেওঁলোকৰ দাবী সমূহ পূৰণ নোহোৱালৈকে চাহবাগিচাখনত কৰ্মবিৰতি পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷এনে পৰিস্থিতিত আজি দিনৰ প্ৰায় ১১বজাত চাৰিদুৱাৰ ৰাজহচক্ৰ বিষয়া,শ্ৰম আয়ুক্ত আৰু আৰক্ষী প্ৰতিবাদস্হলীত উপস্থিত হৈ প্ৰতিবাদকাৰী চাহশ্ৰমিক সকলৰ স’তে আলোচনাত মিলিত হয় আৰু শ্ৰমিক দুজন নিহত হোৱা ঘটনাৰ কাৰ্যবাহী দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে তদন্তত য’দি কোনো লোক দোষী সাব্যস্ত হয় তেনেহলে সেই সকলৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে৷ তদুপৰি নিহত শ্ৰমিক দুজনৰ পৰিয়াললৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰা হয়৷ইয়াৰ পাছতে প্ৰতিবাদকাৰী শ্ৰমিক সকলে কৰ্মবিৰতি প্ৰত্যাহাৰ কৰে আৰু দিনৰ ১২ বজাৰ পৰা চাহবাগিচা খনৰ কাম পুণৰ আৰম্ভ হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More