দুখন অসমীয়াসহ পাঁচখন ভাৰতীয় ছবি কান মহােৎসৱলৈ

জয়ছেং চাই দহােটিয়াৰ 'বাঘজান' বিশ্বজিৎ বৰাৰ 'বুম্বা ৰাইড’ নিৰ্বাচিত

0 19

জয়ছেং চাই দহােটিয়াই নির্মাণ কৰা ‘বাঘজান’ কান চলচ্চিত্র মহােৎসৱৰ ‘ফিল্ম বাজাৰ’ শাখাত প্রদর্শিত হ’ব। বাঘজানত তেলৰ খাদত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডক লৈ আৰু তাৰ পৰৱৰ্তীৰ সময়ত তৈল উদ্যোগৰ কু-ফল ভােগ কৰা স্থানীয় বাসিন্দাৰ মর্মবেদনা ছবিখনত প্রদর্শিত হৈছে। কান চলচ্চিত্র মহােৎসৱত ভিন্ন শাখাত প্ৰদৰ্শিত হ’ব আন এখন অসমৰ পূৰ্ণ দৈর্ঘৰ ছবি ‘বুম্বা ৰাইড’। পৰিচালনা কৰিছে ‘গড় অন দ্য বেলকনি’ নামৰ ছবিখনেৰে বহু পুৰস্কাৰ লাভ কৰা পৰিচালক বিশ্বজিৎ বৰাই।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৫ মে’ : সন্মানীয় কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘বাঘজান’। কান চলচ্চিত্র মহােৎসৱৰ ‘ফিল্ম বাজাৰ’ শাখাত প্রদর্শিত হ’ব ‘বাঘজান’। জয়ছেং চাই দহােটিয়াই নির্মাণ কৰা বাঘজান নামৰ ছবিখন এইবাৰ কান মহােৎসৱত প্রদর্শন কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে। ফ্রান্সৰ সৈতে ভাৰতৰ কুটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ সম্পূর্ণ হােৱা উপলক্ষে এইবাৰ ফৰাচী চৰকাৰৰ উদ্যোগত ভাৰতীয় ছবিত কান চলচ্চিত্র মহােৎসৱত বিশেষ সুযােগ প্রদান কৰা হৈছে। সেই অনুসৰি উক্ত চলচ্চিত্র মহােৎসৱৰ ফিল্ম বাজাৰ শাখালৈ অসমৰ বাঘজান নামৰ ছবিখনৰ উপৰি আৰু আন চাৰিখন ছবি প্রেৰণ কৰা হ’ব। ১৭-২২ মে লৈ অনুষ্ঠিত হ’বলগীয়া কান চলচ্চিত্র মহােৎসৱৰ ফিল্ম বাজাৰ শাখাত অসমৰ বাঘজান নামৰ ছবিখনৰ লগতে শৈলেন্দ্র চাহু নির্মিত ছত্তিশগড়ৰ হিন্দী ছবি বাইলাডিলা, আনখন হিন্দী ছবি এক জগহ অপনি, কানাড়া ছবি ফলােৱাৰ আৰু আন এখন কানাড়া ছবি শিৱম্মা প্রদর্শিত হ’ব। মৰাণৰ জয়চেং চাই দহােটিয়াই নির্মাণ কৰা বাঘজান নামৰ ছবিখন ফ্ৰান্সৰ এই বিখ্যাত চলচ্চিত্র মহােৎসৱত প্রদর্শিত হ’বলৈ লাভ কৰা সুবিধাই অসমক গৌৰৱান্বিত কৰিছে। উল্লেখ্য, বাঘজানত তেলৰ খাদত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডক লৈ আৰু তাৰ পৰৱৰ্তীৰ সময়ত তৈল উদ্যোগৰ কু-ফল ভােগ কৰা স্থানীয় বাসিন্দাৰ মর্মবেদনা এই ছবিত প্রদর্শিত হৈছে।img 20220505 173313 ইপিনে একেখন কান চলচ্চিত্র মহােৎসৱত ভিন্ন শাখাত অসমৰ পূৰ্ণ দৈর্ঘৰ ছবি ‘বুম্বা ৰাইড’ প্রদর্শিত হ’ব বুলি ছবিখনৰ প্রযােজক লুইত বর্মনে জানিবলৈ দিছে। ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ চলচ্চিত্র মহােৎসৱ সঞ্চালকালয়ৰ পৰা ‘বুম্বা ৰাইড’ ২২ মে’ত কান চলচ্চিত্র মহােৎসৱৰ মূল ছবিঘৰ ‘অলিম্পিয়া থিয়েটাৰ’ত প্রদর্শন কৰিবলৈ নির্বাচিত কৰা বুলি ছবিখনৰ প্রযােজক-পৰিচালকক জনাইছে। ছবিখন পৰিচালনা কৰিছে ‘গড় অন দ্য বেলকনি’ নামৰ ছবিখনেৰে বহু পুৰস্কাৰ লাভ কৰা পৰিচালক বিশ্বজিৎ বৰাই। এই ছবিখনাে ভাৰত আৰু ফ্রান্স কূটনৈতিক সম্পর্কৰ ৭৫ বছৰ সম্পূৰ্ণ হােৱা উপলক্ষে বিশেষ সন্মান দি বিশেষ শাখাত প্রদর্শন কৰা হ’ব। এই অসমীয়া ছবিখনৰ লগতে সেই বিশেষ শাখালৈ ভিন্ন ভিন্ন ভাষাৰ মুঠতে পাঁচখন ভাৰতীয় ছবি কান মহােৎসৱলৈ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ অধীনত নির্বাচিত কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More