দুখীয়াৰ দুৱাৰত হাজিৰ হ’ব বেংক!ঃ দেশত ৭৫টা ডিজিটেল বেংকিং ইউনিট উদ্বোধন

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ অক্টোবৰ : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিগত বাজেটতে ঘোষণা কৰিছিল যদিও কাৰ্যকৰীকৰণত পলম হ’ল। অৱশেষত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশৰ ৭৫খন জিলাত ৭৫টা ডিজিটেল বেংকিং ইউনিট আৰম্ভ কৰে৷ মোদীয়ে অনলাইন উদ্বোধনীৰ পিছত ভাৰ্চুৱেল ভাষণত কয় যে দেশৰ জনসাধাৰণে ন্যূনতম ডিজিটেল আন্তঃগাঁথনিৰে সৰ্বাধিক সেৱা লাভ কৰিব। লগতে প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে তেওঁৰ চৰকাৰৰ লক্ষ্য হৈছে বেংকিং ব্যৱস্থাক দৰিদ্ৰ লোকৰ দুৱাৰমুখলৈ অনা। তেওঁ কয়— “এই সেৱাই আপোনাক কাগজ-পত্ৰ আৰু অন্যান্য হেঁচাৰ পৰা ৰক্ষা কৰিব। এফালে গ্ৰাহকে শক্তিশালী ডিজিটেল বেংকিং সুৰক্ষাৰ লগতে বিভিন্ন সুবিধাও লাভ কৰিব।” মোদীয়ে কয় যে তেওঁৰ চৰকাৰে দুটা বিষয়ত কাম কৰিব বিচাৰে। এটা হ’ল বেংকিং ব্যৱস্থাৰ উন্নতি আৰু আনটো হ’ল বিত্তীয় লেনদেনত স্বচ্ছতা। তেওঁৰ ভাষাত— “আমি বেংকবোৰক দুখীয়াৰ দুৱাৰমুখলৈ অনাৰ সিদ্ধান্ত লৈছোঁ। আৰু ইয়াৰ বাবে প্ৰথমে দৰিদ্ৰ লোক আৰু বেংকৰ মাজৰ দূৰত্ব কমাই দিব লাগে। আমি শাৰীৰিক দূৰত্ব আৰু আৱেগিক দূৰত্ব হ্ৰাস কৰিব বিচাৰোঁ। সেইটোৱেই মূল বাধা।” তেওঁ লগতে কয় যে ডিজিটেলাইজেচনৰ জৰিয়তে সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰক্ৰিয়াত ভাৰতে নেতৃত্ব দিছে বুলি বিশ্ব বেংকে মানি লৈছে। আনকি প্ৰযুক্তি জগতৰ সফল লোকসকলো এই খণ্ডত ভাৰতৰ সফলতা দেখি আচৰিত হৈছে বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে। মন কৰিবলগীয়া যে প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা অধিসূচনাখনত কোৱা হৈছে যে দেশৰ প্রতিটো চুকে-কোণে ডিজিটেল বেংকিং সুবিধা প্রদানৰ বাবে ইউনিটসমূহৰ পৰিকল্পনা কৰা হৈছে৷ অধিসূচনাখনত লগতে জনোৱা হৈছে যে এই পদক্ষেপত ১১টা চৰকাৰী বেংক, ১২টা ব্যক্তিগত বেংক আৰু এটা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More