দুগ্ধ সাগৰ! পোৱা গ’ল ভাৰত মহাসাগৰৰ পুৰণি সাঁথৰৰ উত্তৰ

0 81
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুলাই : গাখীৰৰ সাগৰ! ভাৰতৰ পৌৰাণিক কাহিনীত ‘গাখীৰৰ নদী’, ‘গাখীৰৰ সাগৰ’ বা ‘গাখীৰৰ সৰোবৰ’ৰ বিষয়ে উল্লেখ পোৱা যায়। কিন্তু ইয়াক ৰূপকভাৱে লোৱা হৈছে বুলি সাহিত্যৰ ৰসগ্ৰাহীসকলে কৈ আহিছে। কিন্তু এয়াচোন দিনৰ পোহৰৰ দৰেই স্পষ্ট! চকুৰ সন্মুখত সৌৱা গাখীৰৰ সাগৰ! এয়া কি সপোন? এয়া মায়া নেকি? কিন্তু যি দেখা গৈছে এয়া সপোন বা মায়া নহয়। এয়াটো বাস্তৱ! ‘গণেশ’ নামৰ এজন নাৱিক এসময়ত পূব ভাৰত মহাসাগৰ পাৰ হৈ আছিল। হঠাতে তেওঁৰ চকুহালে এট আশ্চৰ্যকৰ দৃশ্য দেখি পলক পেলাবলৈ পাহৰি গৈছিল। এয়া সম্ভৱনে? ইয়াৰ পিছত কি হ’ব? বিশ্বাস-অবিশ্বাসৰ দোমোজাৰ মাজতে তেওঁ সেই দৃশ্যৰ এখন ফটো তুলিলে। এই ঘটনাৰ তিনি বছৰ পাৰ হৈ গ’ল। আৰু এতিয়া তিনি বছৰ পাছত বিজ্ঞানীসকল নিশ্চিত হৈছে যে, নাৱিকজনে তোলা ফটোখন আচলতে Milky Sea গাখীৰৰ দৰে সাগৰৰ ফটো! সেই ফটোখনত কি আছিল? সাগৰৰ ওপৰৰ স্তৰ জিলিকি উঠিছে। যেন ধকধকীয়া শুকুলা হৈ উঠিছে সমুদ্ৰ। কিহৰ বাবে সাগৰৰ পৃষ্ঠভাগ ইমান চিকচিকিয়া হৈ পৰিছে? এইটো সঁচা নে মিথ? সত্য বা মিথ যিয়েই নহওক কিয়, তথ্যবোৰ কিন্তু নতুন নহয়। মানে ৩ বছৰৰ আৱিষ্কাৰ নহয়। চাৰ্লছ ডাৰউইনে নিজেই ১৮৩০ চনত ক্ষীৰ সাগৰৰ দৃশ্য দেখিছিল। পাঁচ বছৰীয়া যাত্ৰাকালত তেওঁ এই গাখীৰৰ সাগৰ দেখিছিল। তেওঁ নিজৰ লেখাত উল্লেখ কৰিছে যে গোটেই যাত্ৰাটোত তেওঁ দেখা আটাইতকৈ সুন্দৰ দৃশ্যটোৱেই হৈছে এইটো। তেতিয়াৰে পৰা মানুহৰ কৌতুহল বাঢ়িছিল। কিহৰ বাবে সাগৰ এখন গাখীৰৰ সাগৰ হয় তাক জানিবলৈ কৌতুহল। এই সন্দৰ্ভত বহু গৱেষণা হৈছে। অঞ্চলটোৰ পৰা পানী সংগ্ৰহ কৰা হৈছে। বিশ্লেষণ কৰা হৈছে। বিশ্লেষণত দেখা গ’ল, এক প্ৰকাৰৰ ‘বায়’লুমিনেচেণ্ট বেক্টেৰিয়া’ৰ বাবেও এনেকুৱা হয়। সাগৰৰ পৃষ্ঠত যেতিয়া বৃহৎ পৰিমাণৰ এনে বেক্টেৰিয়া জমা হয় তেতিয়া সাগৰ পৃষ্ঠ দেখাত গাখীৰৰ দৰে বগা হৈ পৰে। ইয়াত ‘এলিবিব্ৰিঅ’ হাৰ্ভি’ নামৰ ‘বায়’লুমিনেচেণ্ট বেক্টেৰিয়া’ৰ উপস্থিতি লক্ষ্য কৰা হৈছিল। যেতিয়া এই বেক্টেৰিয়াবোৰ সাগৰৰ পানীৰ ওপৰত জমা হয় তেতিয়া নীলা ৰঙৰ ৰং নিৰ্গত হয়। সেইবাবেই পোহৰৰ বাবে বগা পোহৰ প্ৰায়ে দেখা যায়। উল্লেখ্য যে সাগৰত বিভিন্ন ধৰণৰ মাছ, জেলিফিছৰ দৰে ‘বায়’লুমিনেচেণ্ট জীৱ’ও আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More