দুবছৰলৈ ৰাজ্যত অনুষ্ঠিত নহয় টেটঃ শিক্ষামন্ত্ৰী

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯মাৰ্চঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হোৱা টেট পৰীক্ষা আগন্তুক দুবছৰলৈ অনুষ্ঠিত নহয়৷তেজপুৰত এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।তেওঁ প্ৰকাশ কৰে যে, চৰকাৰী বিদ্যালয়ত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে আৰু শিক্ষা বিভাগৰ ১২ হেজাৰ খালী পদৰ ভিতৰত আঠ হেজাৰ পদ পুৰণ কৰা হ’ব।উল্লেখযোগ্য যে,মুখ্যমন্ত্ৰীৰ লগতে তেজপুৰত উপস্থিত হোৱা শিক্ষামন্ত্ৰী জনে সংবাদ মাধ্যমৰ আগত কয় যে, অহা দুবছৰলৈ ৰাজ্যত টেট অনুষ্ঠিত নহয়। শিক্ষাবিভাগৰ বোজা আৰু শিক্ষাৰ্থীৰ বোজা কমোৱাৰ বাবেই অসমত টেট অনুষ্ঠিত নহয় বুলি তেওঁ লগতে কয় যে, উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তিৰ বাবে টেটৰ বিকল্প ব্যৱস্থা লোৱা হ’ব। ইংৰাজী মাধ্যমৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বিৰ্তকৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষামন্ত্ৰীজনে কয় যে,বিদ্যালয়লৈ নোযোৱা, নেদেখা লোকেহে এনে বিৰ্তকৰ সৃষ্টি কৰে৷ গুণোৎসৱৰ ফলাফলৰ ওপৰত শিক্ষা বিভাগে বিদ্যালয় আৰু শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More