দুৰ্নীতিৰ অভিযোগত কৰিমগঞ্জৰ গ্ৰামোন্নয়ন বিভাগৰ চাৰি কৰ্মচাৰীক নিলম্বন

0 19

IMG 20220616 WA0022IMG 20220616 WA0023IMG 20220616 WA0024

শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ ১৬ জুন: দুৰ্নীতিৰ অভিযোগত কৰিমগঞ্জ জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ চাৰিজন কৰ্মচাৰীক নিলম্বন কৰা হৈছে । দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত চাৰিজন কৰ্মচাৰীক নিলম্বিত কৰা হয়। উল্লেখ্য, এমজিএনৰেগা ২০২০-২১ চনৰ কামত ব্যাপক দুৰ্নীতিৰ কৰিছিল এই চাৰি কৰ্মচাৰীয়ে। নিলম্বিত চাৰিজন হল অংশুমান গুপ্ত একাউন্টটেন্ট দুল্লভছড়া খন্ড উন্নয়ন কাৰ্যালয়। ছাদিক আহমেদ গ্ৰাম সেৱকৰ লগতে ইনচার্জ সচিব ৰাতাবাড়িৰ গাঁও পঞ্চায়তৰ। মিহিৰ ৰঞ্জন ধৰ একাউণ্টেন্ট পাথাৰকান্দি খন্ড উন্নয়ন বিভাগ আৰু ধলছড়া গাঁও পঞ্চায়তৰ সচিব নুৰুদ্দিন আহমেদ।এই চাৰিজনে এম জি এনৰেগাৰ আঁচনিৰ ধনৰ ব্যাপক খেলি মেলি লগাই লুণ্ঠন চলোৱা বুলি বিধায়ক ছিদ্দিক আহমেদে যোৱা ২২মাৰ্চত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰী, অসম ভাইড লেটাৰ নং,চি এম,অ,/পি এন আৰ ডি/১/২০২২/২৩০০ তাৰিখে ২২মাৰ্চ/২০২২/নিৰ্দেশ দিয়া আয়ুক্ত পি,এন, আৰ, ডিয়ে বিষয়টো জৰুৰী ভাৱে তদন্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়ে। আনহাতে আয়ুক্ত পি এন আৰ ডি, অসম ভাইড লেটাৰ নং No,CPRD/MGNREGA/99/2020 /184 dtd.31-03-2022 ৰ দ্বাৰা চাৰি জনীয়া এটি প্রতিনিধি দল পঠিয়াই তদন্ত কৰায়। যোৱা ছয় এপ্ৰিলত তদন্তকাৰী দলটিয়ে তদন্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ পিছত অভিযোগৰ সত্যতা প্ৰতিপন্ন হোৱাত কালি আণ্ডাৰ ৰোল ৬(১)(এ)অসম চাৰ্ভিচ ডিচিপ্লিন এণ্ড এপিল, ৰোল ১৯৬৪ অধীনত পি এন আৰ ডিৰ কমিচনাৰে এই চাৰিজনক নিলম্বন কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More