দুৱাৰ খুলি তালিবানে মাতিছে- ” আহা ভাৰত আমি বন্ধু হও “

শোচনীয় তালিবান প্ৰশাসনৰ ভাৰতৰ প্ৰতি কৌশলপূৰ্ণ প্ৰস্তাব

0 22

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে’ :ভাৰতৰ প্ৰতি শেহতীয়াকৈ মনোভাৱ সলনি হৈছে আফগানিস্তানৰ তালিবান প্ৰশাসনৰ। সংবাদ প্ৰতিষ্ঠান এটাৰ লগত অলপতে হোৱা এটা সাক্ষাৎকাৰত তালিবানৰ শীৰ্ষ নেতা আনাছ হাক্কানীয়ে এনে এটা ইঙ্গিতেই ভাৰতলৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, ২০২১ চনৰ আগষ্ট মাহৰ পৰা তালিবান প্ৰশাসনে আফগানিস্তানৰ শাসনভাৰ লোৱাৰ পাছৰে পৰাই ভাৰতবৰ্ষই দেশখনৰ লগত কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰে যদিও খাদ্যকে ধৰি আন আন মানৱীয় সাহায্য অব্যাহত ৰাখিছে।
সাক্ষাৎকাৰটোত হাক্কানীয়ে কৈছে যে,

“ভাৰতবৰ্ষই আফগানিস্তানৰ লগত থকা পুৰণি সম্পৰ্ক পুনৰ স্থাপন কৰা উচিত আৰু আফগানিস্তান প্ৰশাসনে ভাৰতক এই ক্ষেত্ৰত মুকলিমূৰীয়াকৈয়ে আমন্ত্ৰণ জনাইছে। এইক্ষেত্ৰত আমাৰ কোনো সমস্যা নাই আৰু আমাৰ দৰজা সদায়েই খোলা। আমাৰ কাষলৈ আহক আৰু পূৰ্বৰ পুৰণি বন্ধুৰ দৰে থাকক।”

ভাৰতে যদি সহযোগ আগবঢ়াই তেন্তে আফগানিস্তানে সম্প্ৰতি সন্মুখীন হোৱা জটিল সমস্যাসমূ্হৰ পৰা ক্ৰমান্বয়ে ৰেহাই পাব। ইতিমধ্যে তালিবান প্ৰশাসনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে বহুবোৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত দেশখনৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। খাদ্য, স্বাস্থ্য, শিক্ষাকে ধৰি বিভিন্ন খণ্ডত এতিয়া আফগানিস্তানক জৰুৰী সাহায্যৰ প্ৰয়োজন হৈ পৰিছে। তালিবানৰ শীৰ্ষ নেতা গৰাকীয়ে ভাৰতৰ লগত পুনৰ সম্পৰ্ক স্থাপন কৰাৰ ওপৰত মন্তব্য কৰি কয় যে, ভাৰতে আফগানিস্তানত ইয়াৰ দূতাবাস পুনৰ মুকলি কৰিব লাগে আৰু বৰ্তমানৰ সুস্থিৰ প্ৰশাসনৰ অধীনত দুয়োখন দেশৰ সম্পৰ্ক অধিক দৃঢ় কৰা উচিত। খাদ্য, অৰ্থনীতি, স্বাস্থ্য, শিক্ষা আদি সকলো খণ্ডতে আফগানিস্তানক এতিয়া ভাৰতৰ সহায়- সহযোগৰ প্ৰয়োজন আছে।anas haqqani 3 twitter 16536173823x2 1 কিন্তু দেশখনক সহযোগিতা আগবঢ়াবলৈ কেনেদৰে আগবাঢ়ি আহে সেয়া ভাৰত চৰকাৰৰ ওপৰতেই নিৰ্ভৰ কৰিব। কোনো ক্ষেত্ৰত যদি ভাৰতৰ আশংকা আছে সেয়া জনালে আফগানিস্তানৰ প্ৰশাসনে গুৰুত্ব সহকাৰে বিবেচনা কৰিব আৰু সকলো ধৰণৰ সমৰ্থন আৰু আশ্বাস আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি নেতা গৰাকীয়ে প্ৰদান কৰিছে। আফগানিস্তানৰ তালিবান প্ৰশাসনক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে এঘৰীয়া কৰি ৰখাৰ পাছত তালিবান প্ৰশাসনে এতিয়া বিমোৰত পৰি ভাৰতৰ সহায় ভিক্ষা কৰাটো সম্প্ৰতি দক্ষিণ এছিয়াৰ ভূ-ৰাজনীতিত এক তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে গণ্য হৈছে। তালিবানৰ শীৰ্ষ নেতা গৰাকীৰ মুকলি আমন্ত্ৰণৰ পাছত ভাৰতে এতিয়া কেনেধৰণে কৌশলগত স্থিতি গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More