দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ আৰু কাৰ্যবাহী পাৰিষদৰ শপত গ্ৰহণ

0 16

উত্তৰ লখিমপুৰ, ২৯জানুৱাৰী: আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ আৰু কাৰ্যবাহী পাৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানটি লখিমপুৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়।WhatsApp Image 2023 01 29 at 4.15.40 PM উক্ত অনুষ্ঠানত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত উপাধ্যক্ষ নন্দিতা দেউৰী আৰু ৭ গৰাকী কাৰ্যবাহী পাৰিষদে শপত গ্ৰহণ কৰে। তেওঁলোকক শপত বাক্য পাঠ কৰোৱায় লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তৱানে। শপত গ্ৰহণ কৰা কাৰ্যবাহী পাৰিষদ সকল হল- শশাংক বৰদেউৰী-গহপুৰ, প্ৰফুল্ল দেউৰী-বঙালমৰা, বিজুমনি দেউৰী-কিনাপথাৰ, ৰাকেশ বৰদেউৰী-গোগামুখ, যতীন চন্দ্ৰ দেউৰী-শদিয়া, যোগেন দেউৰী-মাৰ্ঘেৰিটা আৰু হিৰণজিত বীৰেশ্বৰ দেউৰী-কটিয়ৰী। এই শপত গ্ৰহণ অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ অমৃতপ্ৰভা দেউৰী মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ দেউৰী, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মনোৰমা মৰাং , জিলা তথ্য আৰু জনসংযোগ বিষয়া আদিকে ধৰি বিভিন্ন গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More