দেশত এদিনতে নতুন সংক্রমণ ৩৩০৩

ক'ৰনাৰ চতুর্থ লহৰৰ চিন্তা

0 8
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ এপ্ৰিল : ভাৰতত যোৱা ২৪ ঘণ্টাত ৩৩০৩টা নতুন কভিড সংক্রমণৰ তথ্য ৰেকর্ড কৰা হৈছে। তদুপৰি এই ২৪ ঘন্টাত ৩৯ জনৰ মৃত্যু হৈছে বুলিও জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা। দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ৫২৩৬৯৩ জন। বর্তমান মুঠ সক্রিয় কেচৰ সংখ্যা ১৬৯৮০। বিগত ২৪ ঘণ্টাত ৭০১টা সক্রিয় সংক্রমণ বৃদ্ধি পাইছে বুলি জনা গৈছে। তদুপৰি দেশত এদিনত মুঠ ৰোগমুক্ত হৈছে ২৫৬৩ জনৰ। ইয়াৰ ফলত দেশত মুঠ আৰোগ্য লাভৰ সংখ্যা হৈছে ৪২৫২৮১২৬ জন। দেশত মুঠ সংক্রমণৰ ০.০৪ শতাংশ হ’ল সক্রিয় সংক্রমণ। আনহাতে দেশত ৰোগ মুক্তিৰ হাৰ ৯৮.৭৪ শতাংশ বুলি জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে। দেশত প্রাত্যহিক সংক্রমণৰ হাৰ ০.৬৬ শতাংশ আৰু সাপ্তাহিক সংক্রমণৰ হাৰ ০.৬১ শতাংশ। আনহাতে দেশত মুঠ টিকাকৰণৰ সংখ্যা হৈছে ১৮৮.৪০ কোটি। যোৱা ২৪ ঘণ্টাত মুঠ ৪৯৭৬৬৯টা নমুনা পৰীক্ষা কৰা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More