দেশত প্রথম বেচৰকাৰী ট্রেইনৰ যাত্রা আৰম্ভ

বছৰি ৩.৩৪ কোটি টকা পাব ৰে'ল বিভাগে

0 91

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুন : ভাৰতত বেচৰকাৰী ট্রেইনৰ চলাচল আৰম্ভ হৈ গ’ল। প্রথমখন ট্রেইনে যোৱা ১৪ জুনত তামিলনাডুৰ কইম্বাটুৰৰ পৰা যাত্রা আৰম্ভ কৰিছে। ৰে’লৱেৰ ‘ভাৰত গৌৰৱ’ প্রকল্পৰ অধীনত চলিব এই ট্রেইনখন। আজি, ১৬ জুন বৃহস্পতিবাৰে ট্রেইনখন পাবগৈ মহাৰাষ্ট্রৰ চিৰডিত।কইম্বাটুৰলৈ উভতি আহিব অহা ১৮ জুনত। অতীতত ৰে’লৱেৰ অধীনস্থ নিগম আইআৰচিটিচিয়ে ট্রেইন চলালেও এয়াই প্রথমবাৰলৈ কোনো বেচৰকাৰী সংস্থাৰ উদ্যোগত চলিছে ট্রেইন। পূৰ্বতেই ৰে’ল বিভাগে ১৫০খন ট্রেইন বেচৰকাৰী পর্যটন সংস্থাৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত লৈছিল। অনেক সংস্থাই ৰে’লৰ পৰিকাঠামো ব্যৱহাৰ কৰি পর্যটন ট্রেইন চলোৱাৰ প্রস্তাৱ দিছিল। ৰে’লৱে সূত্রে জনা যায় যে, কর্নাটক আৰু উৰিষ্যা চৰকাৰেও ট্রেইন চলোৱাৰ আবেদন জনাইছে। অৱশ্যে দেশৰ প্রথমখন বেচৰকাৰী ট্রেইন চলোৱাৰ ঠিকা পাইছে ‘ছাউথ ষ্টাৰ’ নামৰ এটা সংস্থাই। মূলতঃ দেশ আৰু বিদেশৰ পর্যটকসকলৰ ভাৰতৰ বিভিন্ন ঐতিহাসিক ঠাই ভ্রমণৰ বাবেই এই ট্রেইন চলোৱা হ’ব। প্রথম যাত্রা আৰম্ভ হয় ১৪ জুন মঙ্গলবাৰে সন্ধিয়া। যি সূচী পোৱা গৈছে ‘ভাৰত গৌৰৱ’ যাত্রাৰ এই ট্রেইনখন বহুকেইটা পর্যটন কেন্দ্র ঘূৰি ১৬ জুন বৃহস্পতিবাৰে উপনীত হ’ব চিৰডিত। গোটেই দিন তাতেই থাকিব। ৰে’ল সূত্রে জনা গৈছে, প্রথমবাৰৰ যাত্রাত ট্রেইনখনত ১,১০০ গৰাকী যাত্রী আছে। সকলো ধৰণৰ বাতানুকূল ডবাৰ লগতে পাঁচটা স্লিপাৰ ক্লাছো আছে ট্রেইনখনত। মুঠ ২০ টা ডবাৰ এই ট্রেইনত আছে এখন পেন্ট্রি কাৰ।কইম্বাটুৰৰ ‘ছাউথ ষ্টাৰ’ সংস্থাই এই ট্রেইন চলাবৰ বাবে দক্ষিণ ৰে’লৱেক এক কোটি টকা ছিকিউৰিটি ডিপজিট হিচাবে দিছে। তদুপৰি বছৰি ৩.৩৪ কোটি টকাকৈ দিব লাগিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More