দেশত বিশ্বৰ আটাইতকৈ বিৰল ৰক্তগোটৰ নমুনা!

0 23
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুলাই : মানৱ শৰীৰত A, B, AB, Oকে ধৰি মুঠ ৪২টা ভিন্ন প্ৰকাৰৰ তেজৰ গ্ৰুপ আছে যদিও সাধাৰণতে উল্লিখিত চাৰিটা তেজৰ গোটৰ কথাহে বিবেচনা কৰা হয়। বাকীবোৰ বিৰল বুলি তালিকাভুক্ত কৰা হৈছে। কাৰণ অভিযোজনৰ ফলত তেজত ৩৭৫টা ভিন্ন ধৰণৰ এন্টিজেনৰ উপস্থিতি আছে। তেনে এটা গোট হ’ল EMM। ই আটাইতকৈ বিৰল তেজৰ গ্ৰুপ। যিটো শেহতীয়াকৈ গুজৰাটৰ এজন ব্যক্তিৰ মৃতদেহত উদ্ধাৰ কৰা হৈছে। শৰীৰ বিজ্ঞানত এই ধৰণৰ তেজৰ গোটক ABO গোট হিচাপে গণ্য কৰা হয়। ঠিক যেনে— ‘বম্বে ব্লাড গ্ৰুপ’। এই EMM গ্ৰুপটোও তেনেকুৱাই। এই তেজ থকা মানুহে আনক ৰক্তদান কৰিব পাৰে আৰু আনৰ পৰা তেজ লাভ কৰিব পাৰে সেইবাবেই ইহঁতক বিৰল বুলি তালিকাভুক্ত কৰা হৈছে। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল এই পৃথিৱীত এনে ব্লাড গ্ৰুপ মাত্ৰ ৯ জন লোকৰহে আছে। আৰু এইবাৰ এই তালিকাত গুজৰাটৰ এই ব্যক্তিজনৰ নামো সংযোজন কৰা হৈছে। ৰাজকোটৰ এজন ৬৫ বছৰীয়া ব্যক্তিক হৃদযন্ত্ৰৰ সমস্যাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। হাৰ্ট এটেক হৈ চিকিৎসাধীন হৈ আছিল তেওঁ। অস্ত্ৰোপচাৰৰ বাবে তেজৰ প্ৰয়োজন হৈছিল। সেই সময়ত তেওঁৰ তেজৰ প্ৰকাৰ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰি থাকোঁতে পেথ’লজিষ্টসকলৰ চকু কপালত উঠিল। প্ৰতিবেদনত দেখা গৈছে যে ব্যক্তিজনৰ তেজ বিৰল। এইজন ব্যক্তিয়ে ভাৰতত আটাইতকৈ বিৰল ৰক্ত প্ৰকাৰৰ প্ৰথম আৰু বিশ্বৰ দশম ৰক্ত প্ৰকাৰৰ অভিলেখ লাভ কৰিছে। ইণ্টাৰনেশ্যনেল ছ’চাইটি অৱ ব্লাড ট্ৰেন্সফিউজন (ISBT)ই ইয়াক ইএমএম নিগেটিভ ব্লাড গ্ৰুপ হিচাপে তালিকাভুক্ত কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More