দেশে-বিদেশে ৮টা ‘তাজমহল’

প্ৰেমৰ প্ৰতীকৰ প্ৰতি সৰ্বত্ৰ আকৰ্ষণ

0 157

দাদুল দেৱকৃষ্ণ বৰুৱা

তাজমহল। নামটোৰ লগত জড়িত হৈ আছে এটুকুৰা ইতিহাস আৰু হিচাপ কৰিব নোৱৰা ভালপোৱা। বিশ্বৰ সপ্ত আশ্চর্যৰ অন্যতম আশ্চর্য। আগ্ৰা চহৰত যমুনাৰ পাৰত এই ভালপোৱাৰ অমলিন ইতিহাস। মোগল সম্রাট ছাহজাহানে তেওঁৰ প্রিয়তমা মমতাজৰ স্মৃতিত ১৬৩২ খ্রীষ্টাব্দত এই তাজমহল নিৰ্মাণৰ কাম আৰম্ভ কৰে। ২০ হাজাৰ মানুহে ২০ বছৰ ধৰি গঢ়িছিল এই স্বপ্ন। ১৬৫৩ খ্রীষ্টাব্দত শেষ হয় তাজমহল নিৰ্মাণৰ কাম। ৩৫০ বছৰ পিছত ১৯৮৩ চনত ইউনেস্ক’ই তাজমহলক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে ঘোষণা কৰে। ইছলামিক, পার্চিয়ান আৰু ভাৰতীয় স্থাপত্যৰ এই সমন্বয় দৰ্শনৰ বাবে দেশ-বিদেশৰ পৰা অসংখ্য পর্যটকে গোটেই বছৰ ধৰি এই চহৰত ভিৰ কৰে। কিন্তু আপুনি এই কথা জানেনে যে, তাজমহলৰ প্রতিৰূপ আছে বিশ্বৰ বিভিন্ন চহৰত ! চাওঁ আহক, ক’ত ক’ত আছে ‘তাজমহল’।

  • ব্রিটিছে ২০০ বছৰ ভাৰত শাসন কৰি যোৱাৰ সময়ত তাজমহলৰ প্রতিৰূপ নিৰ্মাণৰ ইচ্ছা লগত লৈ দেশ ত্যাগ কৰিছিল। ইংলেণ্ডৰ ব্রাইটনত আছে ‘ৰয়েল পেভিলিয়ন’; যি দেখিবলৈ তাজমহলৰ দৰে। ৰয়েল পেভিলিয়ন ১৯ শতিকাৰ ৱেলছৰ ৰাজকুমাৰ জর্জৰ বাসস্থান হিচাবে নিৰ্মাণ কৰা হয়। ৰাজকুমাৰ জর্জৰ চিকিৎসকে তেওঁক তেওঁৰ স্বাস্থ্যৰ বাবে সমুদ্র তীৰৱর্তী কোনো ঠাইত থকাৰ পৰামর্শ দিছিল। তেতিয়া তেওঁ তাজমহলৰ প্ৰতিৰূপ হিচাপে এই পেভিলিয়ন নিৰ্মাণ কৰায় ব্রাইটনত সমুদ্রৰ তীৰত।1651582977850
  • আপুনি জানেনে যে চীনতো আছে ‘তাজমহল’! চীনৰ চেনজেন চহৰৰ ‘উইণ্ড অব দ্য ৱর্ল্ড’ পার্কত আছে তাজমহলৰ এই প্রতিৰূপ। উইণ্ড অব দ্য ৱর্ল্ড পার্কত তাজমহলৰ প্রতিৰূপৰ উপৰি বিশ্বৰ বিভিন্ন বিস্ময়কৰ স্থাপত্যৰ প্রতিৰূপ আছে।
  •  বিশ্বৰ অন্যতম আধুনিক চহৰ ডুবাইতো আছে ছাহজাহান-মমতাজৰ ভালপোৱাৰ নিদর্শনৰ প্রতিৰূপ ‘তাজ আৰাবিয়া’। ‘তাজ আৰাবিয়া’ হৈছে ২০ মহলাৰ এখন পঞ্চ তাৰকা হোটেল। এই হোটেলত আছে চাৰে তিনিশটা কোঠা। তাজমহলতকৈ চাৰি গুণ ডাঙৰ এই ‘তাজ আৰাবিয়া’।1651582977763
  • আমাৰ প্রতিবেশী বাংলাদেশৰ ৰাজধানী ঢাকা চহৰতো আছে ‘তাজমহল’। বাংলাদেশী চলচ্চিত্র নির্মাতা আহচানউল্লাই এই ‘তাজমহল’ নিৰ্মাণ কৰায় ২০০৮ চনত। আহচানুল্লাৰ মতে, ১৯৮০ চনত তেওঁৰ মনলৈ আহিছিল তাজমহলৰ প্রতিৰূপ নিৰ্মাণৰ কথা। সেই বছৰেই তেওঁ এই কামৰ বাবে আগবাঢ়ি যায়। বাংলাদেশৰ বহু মানুহে তাজমহল দেখাৰ স্বপ্ন দেখে। কিন্তু বেছিভাগেই ব্যয়বহুল বিদেশ ভ্ৰমণ কৰিব নোৱাৰে। সেয়ে নিজৰ দেশতেই তেওঁ সজাই দিছে তাজমহলৰ প্ৰতিৰূপ।
  •  বুৰহানপুৰৰ পৰা আগ্ৰাৰ দূৰত্ব ৮০০ কিলোমিটাৰ। কিন্তু এই দুই ঠাইক একেলগে বান্ধিছে তাজমহল আৰু ভালপোৱাই। মধ্যপ্রদেশৰ বুৰহানপুৰৰ স্কুল শিক্ষক আনন্দপ্রকাশ চৌকচে তেওঁৰ পত্নী মঞ্জুষাৰ বাবে ঘৰ সজাইছে তাজমহলৰ আৰ্হিত। তেওঁৰ চৌহদত আছে চাৰিটা ঘৰ।1651582977807
  •  পিতৃ আৰু মাতৃৰ প্রেমৰ সৌধ তাজমহল। ছাহজাহানৰ পুত্ৰ ঔৰংজেৱে তেওঁৰ পত্নী ৰাবিয়া-উদ-দৌৰানীৰ মৃত্যুৰ পিছত তেওঁৰ কবৰস্থলত সৌধ নিৰ্মাণৰ পৰিকল্পনা কৰে। সৌধৰ নাম দিলে ‘বিবি কা মাকবাৰা’। ঔৰংজেৱৰ পুত্ৰ আজম খানে এই সৌধৰ নির্মাণ সম্পূর্ণ কৰে। আনুমানিক ১৬৬৯ খ্রীষ্টাব্দত এই সৌধ নির্মাণ শেষ হয় মহাৰাষ্ট্রৰ ঔৰঙ্গাবাদত। এইটো ‘গৰীবৰ তাজমহল’ নামেৰেও পৰিচিত।
  • উত্তৰ প্রদেশৰ বুলন্দ চহৰৰ ডাক বিভাগৰ এজন অৱসৰপ্রাপ্ত কর্মী ফয়জুল হাচান কাদৰীয়ে তেওঁৰ সমস্ত সঞ্চয় উজাৰি দিছিল ভালপোৱা মানুহগৰাকীৰ স্মৃতি জীয়াই ৰাখিবলৈ। ফয়জুল হাচান কাদৰীৰ পত্নী তাজামুল্লি বেগম ২০১১ চনত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ ফলত মৃত্যু হৈছিল। পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ ফয়জুল হাচানে তাজমহলৰ প্রতিৰূপ নিৰ্মাণ কৰায়। ২০১৮ চনত সংঘটিত এক পথ দুর্ঘটনাত ফয়জুল হাচানৰ মৃত্যু হোৱাত তেওঁ নিৰ্মাণ কৰোৱা ‘তাজমহল’ৰ কাষতেই তেওঁক কবৰ দিয়া হয়।1651582977862

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More