দেশৰ এটৰ্নী জেনেৰেল কে কে বেণুগোপালৰ মহানুভৱতা

0 32

ৰাণু বৰুৱা, ১৭ মে’ :

27live venugopalঅৱশেষত থিৰুৱনন্তপুৰমত থকা কেৰালা বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ পুথিভঁৰালত দেওবাৰে ১২ লাখ টকা মূল্যৰ এখন গ্ৰন্থৰ প্ৰৱেশ ঘটিল। মুঠ ৫৪ টা খণ্ডত বিভক্ত আইন সম্পৰ্কীয় এই গ্ৰন্থখনৰ নাম ‘Chisum on Patents’। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী প্ৰসিদ্ধ আইনজ্ঞ বিশেষকৈ পেটেণ্ট আইনৰ এজন বিশেষজ্ঞ ড’নাল্ড চিছামে ১৯৭৮ চনৰ অক্টোবৰত এই বিখ্যাত গ্ৰন্থ খন ৰচনা কৰি উলিয়াইছিল। এই গ্ৰন্থখনক পেটেণ্ট আইন বিষয়ক অধ্যয়নৰ এখন শাস্ত্ৰ হিচাপে গণ্য কৰা হয়। এই গ্ৰন্থখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১,১৭০ টা পেটেণ্ট সম্পৰ্কীয় গোচৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ১৪ টা ৰায়দানৰ সবিস্তাৰে অধ্যয়নপুষ্ট আলোচনা আছে। আজিৰ তাৰিখত ৫৪ টা খণ্ডৰ এই গ্ৰন্থখনৰ মূল্য ১৫,৮৯৪ আমেৰিকান ডলাৰ বা ভাৰতীয় টকাৰ হিচাপত ১২ লাখৰো কিছু অধিক।
১৯১৪ চনত কেৰালা বিশ্ববিদ্যালয়ৰ আইন বিভাগত বুদ্ধি বৃত্তিক সম্পত্তি (Intellectual Property) বিষয়ক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ পাছত শিক্ষক-ছাত্ৰ উভয়কে এই গ্ৰন্থখনৰ আৱশ্যক হৈ পৰিছিল। কিন্তু অতি সীমিত বছৰি ৪ লাখ বাজেটেৰে পৰিচালনা হোৱা আইন বিভাগৰ পুথিভঁৰালটোৱে ১২ লাখ টকীয়া গ্ৰন্থখন ক্ৰয় কৰে কেনেকৈ ? গ্ৰন্থখন ক্ৰয় কৰিবৰ বাবে যেন দৃঢ়প্ৰতিজ্ঞ হৈছিল আইন বিভাগৰ মুৰব্বী অধ্যাপক ড° সিন্ধু থুলাছিধৰন। গ্ৰন্থখনৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহ অভিযানৰ দ্বাৰা দান-বৰঙণি আৰু কেইবাটাও প্ৰতিষ্ঠানৰ সামাজিক দায়ৱদ্ধতা আঁচনিৰ অধীনত তেওঁ সহায় ভিক্ষাৰ বাবে আবেদন-নিবেদন কৰিছিল যদিও তেওঁ নিৰাশ হৈছিল। কিন্তু তথাপি তেওঁ শেষ আশা এৰি দিয়া নাছিল। অৱশেষত অধ্যাপিকা গৰাকীয়ে ২০২২ চনৰ ৩ মাৰ্চ তাৰিখে এই বিষয়ত সহায় প্ৰাৰ্থনা কৰি ভাৰতৰ এটৰ্নী জেনেৰেল কে কে বেণুগোপাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। বিশ্ববিদ্যালয়ৰ সকলোকে আচৰিত কৰি এটৰ্নী জেনেৰেল গৰাকীয়ে ২৬ মাৰ্চৰ এখন পত্ৰৰ দ্বাৰা জনাইছিল যে, তেওঁ ইতিমধ্যেই গ্ৰন্থখনৰ বাবে ফৰমাইছ দিছে আৰু সময়মতেই আইন বিভাগে গ্ৰন্থখন লাভ কৰিব। আৰু লগতে আশা প্ৰকাশ কৰি লিখিছিল গ্ৰন্থখন অধ্যয়নৰ যোগে শিক্ষাৰ্থী সকলে জ্ঞান আহৰণ কৰাত সক্ষম হ’ব। আৰু এটৰ্নী জেনেৰেল গৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি মতেই ১৫ মে’ তাৰিখে কেৰালা বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ পুথিভঁৰালত মূল্যবান গ্ৰন্থখনৰ গৃহ প্ৰৱেশ ঘটিল। বিভাগৰ মুৰব্বী ভ° সিন্ধু থুলাছিধৰনে অমূল্য গ্ৰন্থখন প্ৰাপ্তিৰ পাছত বেণুগোপালক কৃতজ্ঞতা জনোৱাৰ লগতে কয় যে, সম্ভৱতঃ ভাৰতৰ কোনো এখন বিশ্ববিদ্যালয়তে বৰ্তমানলৈকে এইখন গ্ৰন্থ উপলব্ধ নহয়। দেশৰ এটৰ্নী জেনেৰেল কে কে বেণুগোপালৰ এই মহানুভৱতাত বিশ্ববিদ্যালয়খনৰ সকলোৱেই আনন্দত এতিয়া তেওঁৰ প্ৰতি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More