ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুন : বিগত কেইবাটাও দশকত ভাৰতত নৱজাতকৰ মৃত্যুৰ হাৰ কমিছে। কিন্তু তাৰ মাজতেই পোহৰলৈ আহিছে চৰকাৰী তথ্য। সেই তথ্য অনুযায়ী, এতিয়াও এই দেশত জন্মৰ প্রথম বছৰৰ ভিতৰতেই প্রতি ৩৬টি শিশুৰ ভিতৰত এটিৰ মৃত্যু হয়। ভাৰতৰ মহা পঞ্জীয়কৰ তৰফৰ পৰা প্রকাশিত প্ৰতিবেদনত কোৱা হৈছে যে, ২০২০ চনৰ শিশুৰ মৃত্যুৰ হাৰ বা আইএমআৰ ১৯৭১ চনতকৈ প্রায় এক চতুর্থাংশ কমিছে। ১৯৭১ চনত প্রতি হাজাৰ নৱজাতকৰ ভিতৰত ১২৯ জনৰ মৃত্যু হৈছিল। ২০২০ চনত সেয়া কমি হৈছে ২৮ জন। বিগত ১০ বছৰত এই দেশত নৱজাতকৰ মৃত্যুৰ হাৰ প্রায় ৩৬ শতাংশ কমি গৈছে। গড় সংখ্যাত ধৰিলে ৪৪ৰ পৰা ২৮ হৈছে এই মৃত্যুৰ সংখ্যা। কিন্তু তাৰ পিছতো নৱজাতকৰ মৃত্যু হাৰৰ যি প্ৰতিবেদন প্ৰকাশ পাইছে, সেয়া চাঞ্চল্যকৰ। চৰকাৰী তথ্যই কৈছে, চহৰ-গাঁও নির্বিশেষে জন্ম হোৱা এবছৰৰ ভিতৰত প্রতি ৩৬টি নৱজাতকৰ মাজত এটিৰ মৃত্যু হয়। ৰাজ্যভিত্তিক এই প্ৰতিবেদন কেনে ধৰণৰ? ২০২০ চনত নৱজাতকৰ মৃত্যুহাৰ সকলোতকৈ বেছি আছিল মধ্যপ্রদেশত (৪৩)। সকলোতকৈ কম মৃত্যুহাৰ মিজোৰামত (৩)।নৱজাতকৰ মৃত্যুহাৰৰ এই পৰিসংখ্যাই চহৰ-গাঁৱৰ ভেদাভেদ খুব বেছি নহয়। অৱশ্যে বিগত পাঁচ দশক ধৰি চহৰৰ তুলনাত গাঁৱৰ জন্ম হাৰ বহু বেছি।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা