দেশৰ পৰিৱেশৰ বাস্তৱ ছবি ‘ডাউন টু আৰ্থ’ত

কৃষি আৰু ভূমি, বন আৰু বন্যপ্ৰাণী, জলবায়ু পৰিৱৰ্তন, মহানগৰসমূহ, বায়ু প্ৰদূষণ, পানী আৰু নদীসমূহ, আৱৰ্জনা, শক্তি আৰু স্বাস্থ্যৰ সন্দৰ্ভত প্ৰতিবেদন

0 46

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ৫ জুন, বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে দক্ষিণ এছিয়াৰ এখন আগশাৰীৰ পৰিৱেশ সম্পৰ্কীয় বাৰ্তালোচনী ‘ডাউন টু আৰ্থ’ এ কালি প্ৰকাশ কৰি উলিয়াইছে তেওঁলোকৰ বছৰেকীয়া প্ৰতিৱেদন “State of India’s Environment, 2022″। নিৰৱিচ্ছিন্ন ভাবে আজি কেইবাবছৰৰো পৰা প্ৰকাশ কৰি অহা এই তথ্যপূৰ্ণ প্ৰতিৱেদনখন ভাৰতবৰ্ষৰ পাৰিপাৰ্শ্বিক বিষয়ক এখন গুৰুত্বপূৰ্ণ দলিল ৰূপে বিবেচিত হয়। এইবছৰ প্ৰকাশ হোৱা প্ৰতিৱেদনখনত দেশখনৰ কৃষি আৰু ভূমি, বন আৰু বন্যপ্ৰাণী, জলবায়ু পৰিৱৰ্তন, মহানগৰসমূহ, বায়ু প্ৰদূষণ, পানী আৰু নদীসমূহ, আৱৰ্জনা, শক্তি আৰু স্বাস্থ্য এইকেইটা বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছে। প্ৰতিৱেদনখনত ব্যৱহৃত তথ্য-পাতি সমূহৰ উৎস চৰকাৰী বিভিন্ন বিভাগ। ‘ডাউন টু আৰ্থ’ বাৰ্তালোচনীখনৰ সম্পাদক সুনীতা নাৰায়ণে প্ৰতিৱেদনখনৰ সম্পৰ্কত কয় যে, “ইয়াত উল্লেখিত তথ্যসমূহে বিষয় সমূহৰ গভীৰতাৰ কথাকেই সূচাইছে। এই তথ্যসমূহৰ পৰাই আমি পৃথিবীখন কেনেদৰে সলনি হৈছে তাৰ উমান ল’ব পাৰোঁ আৰু আমি কি কৰা উচিত ইয়ে আমাক মাৰ্গ দৰ্শন দিব পাৰে।”0.27682000 1654171289 soe in figures 2022 cover
বিস্তৃত এই প্ৰতিৱেদনখনে আঙুলিয়াই দিয়া কেইটামান গুৰুত্বপূৰ্ণ তথ্যৰ পৰা ভাৰতৰ ক্ৰমবৰ্ধমান পৰিৱেশ সমস্যাটোৰ গভীৰতা উপলদ্ধি কৰিব পাৰি। উদাহৰণ স্বৰূপে কৃষিকাৰ্যৰ ব্যয় এতিয়া প্ৰায় পূৰ্বৰ তুলনাত ৩৫ শতাংশ বৃদ্ধি পাইছে। কৃষিজীৱী পৰিয়াল এটাৰ আয় ২০১২-১৩ চনৰ ৪৮ শতাংশৰ পৰা হ্ৰাস হৈ ২০১৮-১৯ চনত ৩৭ শতাংশ হৈছেগৈ। ৫০ শতাংশ কৃষিজীৱী পৰিয়ালেই এতিয়া মূৰত গড়ে ৭৪,০০০ টকাৰ ঋণৰ বোজা লৈ ককবকাই থাকিবলগীয়া অৱস্থা। ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই দৈনিক ২৯ জন কৃষক আৰু কৃষি শ্ৰমিকে এতিয়া আত্মহত্যাৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। গোটা আৱৰ্জনাৰ ক্ষেত্ৰত কোৱা হৈছে যে, ২০১৯-২০ চনৰ বছৰটোত দেশখনত প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হৈছিল ৩.৫ নিযুত মেট্ৰিক টন। ইয়াৰে মাত্ৰ ১২ শতাংশকহে পুনৰব্যৱহাৰ যোগ্য কৰা হৈছিল, বাকী ২০ শতাংশ জ্বলাই দিয়া হৈছিল আৰু ৬৮ শতাংশ এতিয়াও আমাৰ চাৰিওকাষৰ পৰিৱেশতেই মিহলি হৈ আছে। তেনেদৰে যোৱা দুবছৰত ভাৰতত বিপজ্জনক আৱৰ্জনাৰ পৰিমাণ ৫ শতাংশ আৰু ইলেক্ট্ৰ’নিক আৱৰ্জনাৰ পৰিমাণ ৩২ শতাংশ বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰতো দেখা গৈছে, ২০২২ চনৰ মাৰ্চ মাহটো ভাৰতৰ আটাইতকৈ উষ্ণ মাহ হিচাপে পৰিগণিত হৈছে। ১১ মাৰ্চৰ পৰা ১৮ মে’লৈকে দেশখনত ২৮০ টা উষ্ণপ্ৰবাহৰ ঘটনা সংঘটিত হৈছে, যিটো যোৱা দহ বছৰত সৰ্বাধিক। এনে অলেখ উদাহৰণেৰে বাৰ্তালোচনীখনে প্ৰতি বছৰে প্ৰকাশ কৰি অহা এই প্ৰতিৱেদনে ভাৰতবৰ্ষৰ সাম্প্ৰতিক পৰিৱেশ সমস্যাটোৰ গভীৰতাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More