দেশৰ বিভিন্ন আই আই টিত লখিমপুৰৰ ৰেভ উইলিয়াম ৱাৰ্ড শিক্ষানুষ্ঠানৰ সাতজনকৈ ছাত্ৰৰ স্থান লাভঃ সম্বৰ্ধনা

ছাত্ৰ-ছাত্ৰীৰ বাবে মোবাইল জ্ঞান অৰ্জনৰ আহিলা হ’ব লাগে

0 164

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ অক্টোবৰঃ লখিমপুৰৰ অন্যতম শিক্ষানুষ্ঠান ৰেভ উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা এইবাৰ সাতজনকৈ ছাত্ৰই দেশৰ আগশাৰীৰ বিভিন্ন আই আই টি শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত আনন্দ উল্লাসৰ সৃষ্টি হয়৷ যাৰবাবে নগৰখনৰ খেলমাটিস্থ শিক্ষানুষ্ঠানখনত আজি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে ড° গোলোক চন্দ্ৰ দত্তই৷ বিদ্যালয়খনৰ অধ্যক্ষ উদয় গগৈয়ে সৰ্বাংগ সুন্দৰকৈ আঁতধৰা আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱাই৷ শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষী চুতীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে শৈলেন বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে- কেতিয়াবা অকৃতকাৰ্য হোৱা মানুহেও পিছত নিজৰ প্ৰচেষ্টাৰ বলত বিভিন্ন দিশত কৃতকাৰ্যতা লাভ কৰি দেশত নাম উজ্জ্বলাই তুলিবলৈ সক্ষম হৈছে৷ বৰ্তমান বিজ্ঞানে আমাৰ সমাজখনক কেনেদৰে আগুৱাই লৈ গৈছে সেই সন্দৰ্ভতো তেওঁ বহুমূলীয়া বক্তব্য আগবঢ়ায়৷ বৰ্তমান শিক্ষা ব্যৱস্থাৰ লগত পূৰ্বৰ শিক্ষা ব্যৱস্থাৰ যি তাৰাতম্য সেই সন্দৰ্ভতো তেওঁ বিতং তথ্য আগবঢ়ায়৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ হাবিয়াসৰ জৰিয়তে লক্ষ্যত উপনীত হ’ব পাৰে বুলি উল্লেখ কৰাৰ লগতে মোবাইল জ্ঞান অৰ্জনৰ আহিলা হ’ব লাগে বুলিও তেওঁ কয়৷ আজিৰ যুগত ছাত্ৰ-ছাত্ৰীয়ে মোবাইল লোৱাতো কেতিয়াও বেয়া হ’ব নোৱাৰে বুলি উল্লেখ কৰি ইয়াত নিজৰ অভিৰুচি বা সৃজনশীলতা (ক্ৰিয়েটিভিটি) প্ৰদৰ্শন কৰিব পাৰে বুলি কোৱাৰ লগতে আজিৰ যুগৰ বাবে মোবাইল অতি প্ৰয়োজনীয় বুলি কয়৷IMG 20221021 WA0011 1 ছচিয়েল মিডিয়া ব্যৱহাৰ সন্দৰ্ভত তেওঁ কয় যে ছচিয়েল মিডিয়া হৈছে দুয়োফালে ঢাল থকা তৰোৱাল৷ ইয়াক ব্যৱহাৰ কৰিব নাজানিলে নিজকো কাটিব পাৰে৷ কোনটো ভাল কোনটো বেয়া সেয়া ছাত্ৰ-ছাত্ৰীসকলে নিজে নিৰ্ণয় কৰি আগবাঢ়ি যাবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়৷ উল্লেখ্য যে আজিৰ সভাত ৰেভ উইলিয়াম ৱাৰ্ড ছিনিয়ৰ চেকেণ্ডাৰীৰ পৰা গৈ এইবাৰ আই আই টি খড়গপুৰত নামভৰ্তিৰ বাবে স্থান লাভ কৰা টুচিন চোহানা ৰহমান, আই আই টি ৰুৰকিত নামভৰ্তিৰ বাবে স্থান লাভ কৰা প্ৰবীণ পেগু, আই আই টি গুৱাহাটীত নামভৰ্তিৰ বাবে স্থান লাভ কৰা টুচিফ টামান্না ৰহমান, এন ই ই টি নামভৰ্তিৰ বাবে স্থান লাভ কৰা দেৱজিত বৰা, তেজপুৰ বিশ্ববিদ্যালয়ত বি টেকত নামভৰ্তিৰ বাবে স্থান লাভ কৰা অভিজিৎ গগৈ, বি বি ইঞ্জিনিয়াৰিং কলেজত নামভৰ্তিৰ বাবে স্থান লাভ কৰা মনমোহন গগৈ আৰু এচ আই টি বেংগালোৰত নামভৰ্তিৰ বাবে স্থান লাভ কৰা সনজিৎ কুমাৰ মালাক শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা, চেলেং চাদৰ আৰু একোখনকৈ সম্বৰ্ধনা পত্ৰৰে আদৰণি জনোৱা হয়৷  সভাতে এই বিদ্যালয়ৰ পৰা গৈ লখিমপুৰ মেডিকেল কলেজত প্ৰথম বাৰ্ষিকত নাম ভৰ্তি কৰি অধ্যয়ন কৰি থকা ঋতিকশ্যাম শইকীয়াৰ মাতৃ তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যাপিকা মিনাক্ষী শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সভাত কৃতীমান কেবাজনো অভিভাৱকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More