দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত অভিলেখ সংখ্যক জোৱানৰ বদান্যতা

 লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ একে দিনাই ১৯২ জোৱানৰ ৰক্ত দান

0 14

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২৫ এপ্ৰিল: ৰক্ত দান মহান দান। এই কথাকে সাৰোগত কৰি দেওবাৰে কিমিনত দেশ মাতৃৰ সেৱাত নিয়োজিত অভিলেখ সংখ্যক জোৱানে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰক্ত দান কৰি বদান্যতাৰ পৰিচয় দঙি ধৰে। কিমিনৰ আই টি বি পি ত নিয়োজিত ১৯২ জন জোৱানে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ নিখিল কাকতি, ডাক্তৰ গুণিন গগৈ, আদিৰ উপস্থিতিত  লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰক্ত দান কৰে। দেশৰ সীমান্ত সুৰক্ষাত সদা নিয়োজিত এই জোৱান সকলে দেশ মাতৃৰ সুৰক্ষাত দিনে নিশাই কৰ্তব্য পালন কৰি অহাৰ সময়তে মানৱ সেৱাৰ লক্ষ্যৰে এনেদৰে ৰোগীৰ বাবে বৃহৎ পৰিমাণৰ ৰক্ত দান কৰি মহানুভৱতাৰ পৰিচয় দিয়ে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰক্ত দান কৰা আই টি বি পি ৰ এই মহান কাৰ্যসূচীত আৰ টি চি কিমিনৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰি জোৱানসকলক উৎসাহিত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More