দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষস্থানত  আন এগৰাকী অসম সন্তান

এছ এছ বিৰ মুৰব্বী হিচাবে নিযুক্তি এছ এল থাউছেনক

0 85
 কৰিমগঞ্জৰ পৰা ছৈয়দ মুজিব আহমেদ ,১ জুন:কেন্দ্রীয় চৰকাৰে দেশৰ সুৰক্ষা বাহিনীৰ শীৰ্ষ স্থানত আন এগৰাকী অসমীয়া সন্তানক নিয়োজিত কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ এই গৰাকী আই পি এছ বিষয়া হল এছ,এল,থাউছেন। তাহানিৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা বৰ্তমানৰ ডিমা হাচাও জিলাৰ পৰা ১৯৮৮ চনত মধ্যপ্ৰদেশৰ আই পি এছ কেডাৰ হিচাপে নিযুক্তি লাভ কৰিছিল।তেতিয়াৰ পৰাই বিভিন্ন পদত সুখ্যাতিৰে দায়িত্ব পালন কৰি আহিছে থাউছেনে।বৰ্তমান সীমান্ত সুৰক্ষাৰ বাহিনীৰ (বিএচ এফৰ) বিশেষ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সীমান্ত সুৰক্ষাৰ বাহিনীৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত নিয়োজিত এই গৰাকী অসম সন্তানক কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ সীমা বল (এছ,এছ বি)ৰ নতুন সঞ্চালক প্ৰধান হিচাপে পদোন্নতি দিয়াৰ কথা ঘোষণা কৰে। এছ এছ বিৰ মুৰব্বী হিচাবে নিযুক্তি লাভ কৰা আই পি এছ (এম পি 88) বিষয়া এছ এল থাউছেনক গৃহ মন্ত্ৰালয়ৰ প্ৰস্তাৱক মন্ত্ৰী সভাৰ নিযুক্তি সমিতিয়ে অনুমোদন জনায় ৩০,১১,২০২৩ তাৰিখলৈকে কাৰ্য নিৰ্বাহ কৰাৰ বাবে। উল্লেখ্য যে যোৱা ৩১ ডিচেম্বৰ বৰ্তমানৰ ডি জি কুমাৰ ৰাজেশ চন্দ্ৰই অৱসৰ লোৱাৰ পিছত এছ এছ বিৰ মুৰব্বী গৰাকীৰ পদ খালী হৈ আছিল। ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ ডি জি সঞ্জয় আৰোৰাৰ হাতত তেতিয়াৰ পৰাই এছ এছ বিৰ অতিৰিক্ত দায়িত্ব আছিল। নেপালৰ সৈতে ১৭৫১ কিলোমিটাৰ আৰু ভূটানৰ ৬৯৯ কিলোমিটাৰৰ সৈতে ভাৰতৰ সীমান্ত চোৱাচিতাৰ দায়িত্ব সশস্ত্ৰ সীমা বাহিনীক দিয়া হৈছে। পাহাৰীয়া পিছপৰা জিলাৰ পৰা দেশৰ এটি সুৰক্ষা বাহিনীৰ  শীৰ্ষ স্থানত নিযুক্তি লাভ কৰাত ডিমা হাচাওৰ লগতে বৰাক উপত্যকাত ৰাইজৰ আনন্দিত হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More