দেশ ‘পুলিচ ষ্টেট’ হ’ব নালাগে

জামিন আইন সৰল কৰাৰ পৰামৰ্শ

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জুলাই: মহম্মদ জুবাইৰক আজি ১২ জুলাইত উচ্চতম ন্যায়ালয়ত জামিন প্ৰদান কৰা হয়। কিন্তু পাটিয়ালা হাউছ কোৰ্টৰ আন এক গোচৰৰ শুনানি স্থগিত ৰখাৰ বাবে অভিযুক্ত সাংবাদিকগৰাকী আপাততঃ কাৰাগাৰত থাকিবলগা হৈছে। এনে অৱস্থাত জামিন আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। জামিনৰ নিয়মাৱলী পুনৰীক্ষণৰ বাবে ন্যায়াধীশসকলে কেন্দ্ৰলৈ বাৰ্তা প্ৰেৰণ কৰে। একে সময়তে আদালতে মন্তব্য কৰিছে যে, এদিন গৈ দেশখন ‘পুলিচ ষ্টেট’ হ’ব নালাগে! একে সময়তে আদালতে অপ্ৰয়োজনীয় গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ কয়। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, এম এম সুন্দৰেশে ন্যায়িক প্ৰক্ৰিয়াৰ কেইবাটাও ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰে। বিভিন্ন অপৰাধমূলক গোচৰত যাতে অভিযুক্তই ন্যায় লাভ কৰে তাৰ বাবে ন্যায়ালয়ে এই বিষয়ত কেইবাটাও বাৰ্তা জাৰি কৰে। অপ্ৰয়োজনীয় গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ উত্থাপন কৰে ন্যায়াধীশসকলে। ন্যায়াধীশ কৌল আৰু ন্যায়াধীশ সুন্দৰেশে উল্লেখ কৰে যে অসংখ্য গ্ৰেপ্তাৰৰ বাবে দেশৰ সকলো কাৰাগাৰ পূৰণ কৰা হৈছে। গ্ৰেপ্তাৰৰ ক্ষেত্ৰত অধিক সংযম কৰাটো প্ৰয়োজন। ইয়াৰ ফলত শেষত নাগৰিক অধিকাৰ হ্ৰাস পায়। আদালতৰ মতে, শেষত অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱা লোকৰ সংখ্যা নগণ্য, কিন্তু অভিযুক্তৰ সংখ্যা তাতকৈ বহু বেছি। আদালতে লগতে মন্তব্য কৰে যে, কিছুমান ক্ষেত্ৰত গ্ৰেপ্তাৰৰ পৰা হাত সাৰিব পৰাটো সম্ভৱ। দেশৰ সকলো আদালতে যাতে অপৰাধমূলক গোচৰত একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তাৰ বাবে আদালতক বিষয়টো চাবলৈ কোৱা হৈছে। লগতে তদন্তকাৰীসকললৈ আদালতৰ বাৰ্তা হৈছে কঠোৰ মনোভাৱেৰে দ্ৰুত আৰু সঠিক তদন্ত চলোৱা। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে— “গণতান্ত্ৰিক দেশসমূহ কেতিয়াও ‘পুলিচ ৰাষ্ট্ৰ’ হ’ব নালাগে। কাৰণ ই গণতন্ত্ৰৰ বিৰোধী।” উল্লেখযোগ্য যে, শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত বহু ৰাজনৈতিক নেতা-কৰ্মী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্য, সমাজকৰ্মী, সাংবাদিকক বিভিন্ন অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More