দেৱালত দুলিছে বৃহদাকাৰ জোতা

বিপণন জগতৰ নতুন অৱতাৰ- ত্রিমাত্রিক বিজ্ঞাপন

0 39

দাদুল দেৱকৃষ্ণ বৰুৱা

যদি আপুনি বিচাৰে যে, আপোনাৰ পণ্য বা সংস্থা সফল হওক, তেতিয়া সেই লক্ষ্য অর্জনৰ সকলোতকৈ কার্যকৰী মাধ্যম হিচাপে বিবেচিত হ’ব বিজ্ঞাপন। গৱেষণাত দেখা গৈছে যে, গ্রাহকসকলে সকলো সময়তে উদ্ভাৱনী বিজ্ঞাপন দেখিয়েই যিকোনো সামগ্ৰীৰ প্ৰতি বেছি আকৃষ্ট হয়। সাধাৰণ বিজ্ঞাপন বহু সময়ত গ্রাহকৰ ওচৰ চাপিবলৈ সক্ষম হৈ নুঠে। মহামাৰীৰ ফলত প্ৰায়বোৰ সংস্থাই ভার্চুৱেল মাধ্যমত অধিক দক্ষতাৰে ব্যৱসায় বঢ়োৱাৰ ক্ষেত্রত আগ্রহী হোৱা পৰিলক্ষিত হৈছে। এই সময়ত ‘ই-কমার্চ’ হৈ উঠিছে বিপণনৰ অন্যতম প্রধান মাধ্যম। গৱেষণাত দেখা গৈছে যে, ই-কমার্চৰ সমানে সমানে অনলাইন খুচুৰা বিক্রেতাসকলৰ মাজত প্রতিযোগিতা আৰু তীব্র হৈ উঠিছে এই সময়ত। যাৰ ফলত সংস্থাবোৰে প্রবল প্রতিযোগিতাৰ বজাৰত নিজৰ পৃথক পৰিচয় সৃষ্টি কৰাৰ নতুন উপায়ৰ সন্ধান কৰিছে আৰু সেইবাবেই দৰকাৰী হৈ পৰিছে ত্রিমাত্রিক বিজ্ঞাপন বা থ্ৰীডি এডভাৰটাইজ। সংস্থাসমূহৰ দাবী— ত্রিমাত্রিক বিজ্ঞাপনে বিপণনক পৰৱর্তী পর্যায়লৈ লৈ গৈছে। যিকোনো সংস্থাই নিজৰ পণ্য সম্পর্কীয় যাৱতীয় তথ্য প্রতিটো সম্ভাৱ্য দিশৰ পৰা গ্রাহকৰ সমুখত তুলি ধৰিব পাৰিছে। ইয়াৰ ফলত গ্রাহকে আৰু সহজে তেওঁলোকৰ চাহিদা অনুযায়ী পণ্যবিধ বাচি উলিয়াব পাৰিছে। বিভিন্ন নামী দামী সংস্থাই ইতিমধ্যেই তেওঁলোকৰ ত্রিমাত্রিক বিজ্ঞাপনৰ ওপৰত জোৰ দিবলৈ আৰম্ভ কৰিছে।

  •  নাইকি, মেটাভাৰ্চ ইত্যাদি
    দেৱালত দুলি আছে বৃহদাকাৰ জোতা। গ্ৰাহকৰ মনত সাঁচ বহুৱাব পৰাকৈ জীৱন্ত এই জোতা ! সম্প্রতি জোতা আৰু ক্ৰীড়া সামগ্ৰী প্রস্তুতকাৰী সংস্থা ‘নাইকি’য়ে তেওঁলোকৰ নতুন এয়াৰ মেক্স জোতাৰ প্রচাৰৰ বাবে জাপানৰ টকিঅ’ৰ চিনজুকু এলেকাত এক সুবিশাল ত্রিমাত্রিক বিজ্ঞাপন দিছিল। ২১ মার্চৰ পৰা ২৭ মার্চ অবধি চলা এই প্রচাৰত নাইকিয়ে যিমান দূৰ সম্ভৱ তেওঁলোকৰ পণ্য সম্পর্কীয় তথ্য গ্রাহক আৰু সাধাৰণ মানুহৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। জনসাধাৰণৰো সেই বিজ্ঞাপন বেছ মন খাইছে। কেৱল নাইকিৰ দৰে পণ্য প্রস্তুতকাৰী সংস্থাই নহয়, ‘মেটা’য়ো ফেচবুক আৰু ইনষ্টাগ্রামৰ বাবে ত্রিমাত্রিক বিজ্ঞাপনৰ চিন্তা ভাবনা আৰম্ভ কৰিছে। ইয়াৰ বাবে তেওঁলোকে এটা সংস্থাৰ লগত চুক্তিও কৰিছে। ফেচবুক আৰু ইনষ্টাগ্রাম ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ কম্পিউটাৰ বা ফোনত ব্রাউজ কৰাৰ সময়ত যদি কোনো পণ্যৰ ত্রিমাত্রিক বিজ্ঞাপন দেখে, তেওঁলোকে তেতিয়াই সেই পণ্য সম্পর্কে আৰু বিস্তাৰিতভাৱে জানি ল’ব পাৰিব আৰু পণ্যবিধক সমস্ত দৃষ্টিকোণৰ পৰা ভার্চুৱেল মাধ্যমত দেখুৱাবও পাৰিব। মেটাভাৰ্চতো ত্রিমাত্রিক বিজ্ঞাপন আৰম্ভ কৰাৰ বিষয়ে ভাবনা চিন্তা কৰা আৰম্ভ কৰিছে মেটাই। ইতিমধ্যে প্রসাধনী, ফেছন আৰু ফার্নিচাৰ বিক্রী কৰা যিসমূহ সংস্থা আছে, তেওঁলোকে তেওঁলোকৰ পণ্যবোৰৰ দ্বিমাত্রিকৰ পৰা ত্রিমাত্রিক বিজ্ঞাপন কৰাৰ বাবে কাম আৰম্ভ কৰি দিছে।
  •  কিয় এই ত্ৰিমাত্ৰিক বিজ্ঞাপনৰ দৌৰ?
    সংস্থাবোৰে কিয় ত্রিমাত্রিক বিজ্ঞাপনৰ ফালে দৌৰ দিছে? ইয়াৰো বিশেষ কেইবাটাও কাৰণ আছে। এক সমীক্ষাত দেখা গৈছে যে, ত্রিমাত্রিক বিজ্ঞাপনবোৰত দ্বিমাত্রিকৰ তুলনাত আঠ গুণ বেছি ‘ট্রেফিক এনগেজমেন্ট’ হয়। এই গৱেষণাৰ দাবী— এই ধৰণৰ বিজ্ঞাপনত লাভৰ পৰিমাণো বেছি। অর্থাৎ, কোনো সংস্থাই বিজ্ঞাপনৰ পিছত যি পৰিমাণৰ টকা ঢালিব, তাৰ দুইৰ পৰা তিন গুণ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। জোতা প্রস্তুতকাৰী সংস্থা এদিদাছে কলম্বিয়াত ত্রিমাত্রিক বিজ্ঞাপনৰ মাধ্যমত প্রচাৰ কৰাৰ ফলত প্রায় তিনি গুণ লাভৰ মুখ দেখিছিল বুলিও উল্লেখ কৰা হৈছে এই গৱেষণাত। গৱেষকসকলে দেখিছে যে, ত্রিমাত্রিক বিজ্ঞাপনে গ্রাহকৰ কোনো বিশেষ পণ্য ক্রয় কৰাৰ অভিপ্রায় বঢ়োৱাত সহায় কৰে। তদুপৰি এই ধৰণৰ বিজ্ঞাপনে গ্রাহকসকলৰ মনত চাপৰ ধাৰণা কমোৱাত উল্লেখযোগ্য ভূমিকা লয় বুলিও গৱেষণাত পোহৰলৈ আহিছে। গ্রাহকসকলে এই বিজ্ঞাপনৰ মাধ্যমেৰেই কোনো পণ্য সম্পর্কীয় যাৱতীয় তথ্য জানি ল’ব পাৰে। ত্রিমাত্রিক জগত আৰু এগমেন্টেড ৰিয়েলিটিৰ দৰে প্রযুক্তিয়ে ২০১৯ চনৰ পৰা বিশ্বজুৰি জনপ্রিয়তা অর্জন কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু মহামাৰীৰ কালত এই জনপ্রিয়তা অধিক বৃদ্ধি পাইছে। আশা কৰা হৈছে যে, ত্রিমাত্রিক বিজ্ঞাপনে ডিজিটেল বিজ্ঞাপনৰ দুনিয়াত পণ্যৰ কার্যকাৰিতা বঢ়োৱাৰ লগতে প্রতিযোগিতাৰ পৰা যিকোনো সংস্থাৰ পণ্যসমূহক পৃথক কৰাৰ প্রধান চাবিকাঠি হৈ উঠিব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More