দৰংমহাবিদ্যালয়ত “শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ” শীৰ্ষক গুৰুত্বপূৰ্ণ কৰ্মশালা

0 11

এখন শৈক্ষিক অনুষ্ঠানৰ প্ৰশাসক গৰাকী সজাগ আৰু সতৰ্ক হ’লে সকলো সফলতা লাভ কৰিব পাৰে- ড° মৃদুল কুমাৰ হাজৰিকা, প্ৰাক্তন উপাচাৰ্য

নিজৰ দুৰ্বলতা সমূহ নিৰূপণ কৰিবলৈ শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণৰ প্ৰয়োজন – ড° যোগেন চন্দ্র কলিতা, অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৪ জুন : দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দৰং মহাবিদ্যালয়ৰ “আভ্যন্তৰীণ গুণগতমান নিৰূপণ কোষ”ৰ উদ্যোগত “শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ” (Academic and Administrative Audit) ওপৰত এখন গুৰুত্বপূৰ্ণ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।কৰ্মশালাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বৰ্তমানৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা প্ৰাক্তন দৰঙিয়ান ড° যোগেন চন্দ্ৰ কলিতা। দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমণি শইকীয়াই আদৰণি ভাষণেৰে আৰম্ভ কৰা কৰ্মশালাখনৰ আঁত ধৰে দৰং মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগতমান নিৰূপণ কোষৰ সমন্বয়ক ড° স্বপ্নালী কাকতিয়ে । কৰ্মশালাখনত ড° মৃদুল কুমাৰ হাজৰিকাই শৈক্ষিক প্ৰশাসনিক সফলতাৰ ওপৰত ব্যক্ত কৰি এজন সজাগ আৰু সতৰ্ক প্ৰশাসকহে সদায় সফল হ’ব পাৰি বুলি কৈ এক শৈক্ষিক অনুষ্ঠানে নিয়মীয়াকৈ শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ কৰাটো অতি আৱশ্যক বুলি মন্তব্য কৰে। আনহাতে এই কৰ্মশালাত ড° হাজৰিকাৰ চমু পৰিচয় দাঙি ধৰে আভ্যন্তৰীণ গুণগতমান নিৰূপণ কোষৰ সদস্য ড° অৰ্পিতা শৰ্মা নাথে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড° যোগেন চন্দ্ৰ কলিতাৰ চমু পৰিচয় দাঙি ধৰে আভ্যন্তৰীণ গুণগতমান নিৰূপণ কোষৰ সহকাৰী সমন্বয় ড°স্বেতা মহন্তই। উল্লেখ্য যে এজন প্ৰাক্তন দৰঙিয়ান হিচাপে ড° যোগেন চন্দ্র কলিতা আবেগিক হৈ পৰি দৰং মহাবিদ্যালয়খন যিমান পুৰণা হৈ আহিছে সিমান সুন্দৰ হৈ আহিছে বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে দৰং মহাবিদ্যালয়ে নেকত A grade পাবলৈ সকলো সমল আছে, মাত্ৰ ভালকৈ প্ৰদৰ্শনৰহে অভাৱ বুলি মন্তব্য কৰাৰ লগতে নিজৰ দুৰ্বলতা সমূহ নিৰূপণ কৰিবলৈ এখন শৈক্ষিক অনুষ্ঠানৰ শৈক্ষিক আৰু প্ৰশাসনিক পৰীক্ষণ অতি আৱশ্যক বুলি কয়। কোষৰ সদস্যা অনামিকা দাসে শলাগ জ্ঞাপন কৰা কৰ্মশালাখনত দৰং মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকাসকল, কৰ্মচাৰীসকলৰ লগতে দৰং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More