দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী বি এল বাৰ্মাৰ

0 7

শতাব্দ প্ৰতিনিধি মঙ্গলদৈ ৩ মে’: দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ড’নাৰ আৰু সমবায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মাই দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত চলি থকা উন্নয়নমূলক কাৰ্যসমূহৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰি আচঁনি ৰূপায়নৰ গতি অধিক ক্ষীপ্ৰ কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে গুৰুত্ব আৰোপ কৰে । আকাংক্ষিত জিলা প্রকল্পৰ সময়সাপেক্ষ ৰূপায়ণৰ ফলত জিলাখনৰ সকলো স্তৰৰ বাসিন্দাসকল লাভান্বিত হ’ব বুলি তেওঁ কয় । ইয়াৰ লগতে তেওঁ পিছ পৰি থকা দিশসমূহৰ প্রদর্শনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ নির্দেশ প্রদান কৰে। উল্লেখযোগ্য যে আকাংক্ষিত জিলা প্ৰকল্পৰ দ্বাৰা দেশৰ পিছ পৰি থকা জিলা সমূহৰ সামগ্রিক উন্নয়নৰ পথ সুচল কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। ইয়াৰ অধীনত জিলা সমূহৰ মাজত প্রতিযোগিতামূলক ভাৱৰ জৰিয়তে ৫ টা অর্থ-সামাজিক ক্ষেত্ৰত যেনে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জল সম্পদ, অর্থনৈতিক অর্ন্তভুক্তি আৰু কৌশল বিকাশ, আন্তঃগাঁথনিৰ ৪৯ টা মূল প্রদর্শন সূচাংকৰ (Key Performance Indicator) ডেল্টা ৰেংকিংত উন্নয়ন সাধন কৰিবলৈ পদক্ষেপ গ্রহন কৰে । আজিৰ সভাখনত মংগলদৈৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত থাকে । ইয়াৰ পিচতে মঙ্গলদৈ আৱৰ্ত ভৱনত সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত বিভিন্ন শিতানত দৰং জিলাই সাধন কৰিবলৈ সক্ষম হোৱা উন্নয়নৰ প্রশংসা কৰে । তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে তেওঁৰ দৰং জিলা ভ্ৰমণকালত দৰং কৰ্কট চিকিৎসালয় আৰু মঙ্গলদৈ ক্ৰিকেট ষ্টেডিয়ামো পৰিদৰ্শন কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More