দৰং মহাবিদ্যালয়ত স্মৃতিকাতৰ হ’ল ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল

মেজৰ জেনেৰেল অতুল পান্নুক মহাবিদ্যালয় পৰিয়ালৰ উষ্ম আদৰণি

0 19

উত্তৰ ভাৰতৰ সেনা বিষয়া গৰাকীয়ে ক’লে অসমীয়া মানুহৰ দৰে সৰল মানুহ পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাই

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২০ মে’ঃ 20230520 190252তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰিজনৰ মেজৰ জেনেৰেল (Major General, Eastern Command) তথা প্ৰাক্তন দৰঙিয়ান অতুল পান্নু আজি উপস্থিত হৈ স্মৃতিকাতৰ হৈ পৰে । উল্লেখ্য যে, ১৯৮৬-৮৭ চনৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰো আবাসী হিচাপে থকা সেনা বিষয়া গৰাকীয়ে এসময়ত নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনত উপস্থিত হোৱাৰ পিছত প্ৰথমে দৰং মহাবিদ্যালয়ৰ এন চি চিৰৰ তৰফৰ গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। তাৰ পিছত দৰং মহাবিদ্যালয়ৰ শিক্ষক জিৰণি কোঠাত দৰং মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু তেওঁৰ সহপাঠী সকলৰ লগত এখন স্মৃতি ৰোমন্থন সভাত মিলিত হয়। দৰং মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা এসময়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ শীৰ্ষ সেনা বিষয়াগৰাকীক দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই আৰু উপাধ্যক্ষ খীৰেন্দ্ৰ কুমাৰ হালৈয়ে ফুলাম গামোচা, চেলেং চাদৰ আৰু মহাবিদ্যালয়ৰ প্ৰতীক চিহ্নৰে সম্ভাষণ জনোৱাৰ লগতে সহধৰ্মিনী অঞ্জলি পান্নুকো এখন ফুলাম গামোচাৰে আদৰণি জনায় অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকাই । দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্হাৰ তৰফৰ পৰা সংস্হাৰ সভাপতি ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাই সংস্হাৰ প্ৰতীক সম্বলিত এখন গামোচাৰে আদৰণি জনায়। দৰং মহাবিদ্যালয় শিক্ষক গোটৰ তৰফৰ পৰা আদৰণি জনায় গোটৰ সভাপতি হৰেন্দ্ৰনাথ মৰাঙে । দৰং মহাবিদ্যালয়ৰ অধ্যক্ষৰ আদৰণি ভাষণৰ পাছত মেজৰ জেনেৰেল তথা প্ৰাক্তন দৰঙিয়ান গৰাকীয়ে মহাবিদ্যালয়ৰ, বিশেষকৈ ছাত্ৰাবাসৰ দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। । ভাষণ প্ৰসংগত সেনা বিষয়া গৰাকীয়ে উল্লেখ কৰে যে অসমীয়া মানুহৰ দৰে ইমান সহজ-সৰল মানুহ তেওঁ ক’তো দেখা নাই। যদিও তেওঁ উত্তৰ ভাৰতৰ লোক আছিল, ছাত্ৰাবাসত থকা তিনিবছৰ কালতেই অসমীয়া ভাষা সলসলীয়াকৈ ক’ব পৰা হৈছিল আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি তেওঁৰ এতিয়াও বহু আদৰ আছে , সেইবাবে তেওঁ ক’ৰবাত অসমীয়া মানুহ লগ পালে অসমীয়াতে কথা পাতে বুলি মন্তব্য কৰে ।  সভাখনৰ আঁত ধৰে অধ্যাপিকা ড০ হিমাশ্ৰী বৰদলৈয়ে । তাৰ পাছত তেওঁ মহাবিদ্যালয়ৰ চৌহদত, নিৰ্মীয়মান এলুমনাই গেলাৰী শ্ৰেণীকোঠা, ছাত্ৰাবাস পৰিভ্ৰমণ কৰি স্মৃতিকাতৰ হৈ পৰে । দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাসতো এখন আদৰণি সভাত তেখেতে অংশগ্ৰহণ কৰে । প্ৰাক্তন আবাসীৰ হৈ তেখেতক সম্ভাষণ জনায় অধিবক্তা তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্হাৰ যুটীয়া সম্পাদক পৰমানন্দ কাকতি আৰু ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰতন দত্তই ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More