দৰং মহাবিদ্যালয়ৰ ছাত্ৰী জটিল ৰোগত আক্ৰান্তঃ আপোনাৰ এধানিমান সহায়ৰ প্ৰয়োজন

0 26

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ জুনঃ তেজপুৰৰ দৰং মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত ছাত্ৰী চিমি গোস্বামী জটিল ৰোগত আক্ৰান্ত। ছাত্ৰীগৰাকীক সম্প্ৰতি ব্যয়বহুল চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱাত সুহৃদসকলৰ সঁহাৰিৰ প্ৰয়োজন হৈছে ।IMG 20220625 WA0060 উল্লেখ্য যে, কলিয়াবৰৰ মূলনিবাসী ছাত্ৰীগৰাকী পৰীক্ষাৰ মাজতে যোৱা ১২ জুনত হঠাৎ অসুস্থ হৈ পৰে আৰু তেওঁক খানাপাৰাস্থিত হেল্থ কেয়াৰ চিটি হাস্পতালত ভৰ্ত্তি কৰিব লগা হয়।ব্যক্তিগতখণ্ডৰ চিকিৎসালয়খনত ছাত্ৰীগৰাকী ব্ৰেইন হেম’ৰে’জত আক্ৰান্ত বুলি ধৰা পৰাৰ পিছত ততাতৈয়াকৈ অস্ত্ৰোপচাৰো কৰিবলগীয়া হয়। ছাত্ৰীগৰাকীক সম্প্ৰতি ভেন্টিলেছনত ৰখা হৈছে যদিও তেওঁ সংকটমুক্ত হৈ উঠা নাই । আনহাতে চিকিৎসাৰ বৰ্ধিত খৰচ বহন কৰাটো এতিয়া প্ৰায় অসম্ভৱ হৈ পৰিছে বুলি ছাত্ৰীগৰাকীৰ পৰিয়ালটোয়ে জানিবলৈ দিছে । যোৱা ১৩ জুনৰ পৰা চিকিৎসাধীন ছাত্ৰীগৰাকীৰ জীৱন ৰক্ষাৰ্থে এতিয়া সুহৃদসকলে সহায়ৰ হাত আগবঢ়োৱাৰ আশা কৰিছে পৰিয়ালবৰ্গই । সুহৃদসকলৰ সহায়ে এই ছাত্ৰীগৰাকীৰ জীৱন ৰক্ষা কৰাত অলপ হলেও যে সহায় কৰিব সেয়া নিশ্চিত। এনে পৰিপ্ৰেক্ষিতত অসুস্থ ছাত্ৰীগৰাকীক আৰ্থিক সহযোগিতা প্ৰদানৰ উদ্দেশ্যে পুঁজি সংগ্ৰহ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থাই প্ৰত্যেকগৰাকী হৃদয়ৱান দৰঙীয়ান তথা ৰাইজক ছাত্ৰী চিমি গোস্বামীৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ সহযোগী হ’বলৈ আহ্বান জনাইছে । ছাত্ৰীগৰাকী আৰ্থিক সাহায্য প্ৰদানৰ বাবে তেজপুৰৰ লগতে বিভিন্ন প্ৰান্তৰ ইচ্ছুক সুহৃদসকলৰ জ্ঞাতাৰ্থে পৰিয়ালবৰ্গৰ তৰফৰ পৰা সদৰী কৰা বেংক একাউণ্ট আৰু যোগাযোগ নম্বৰ হ’ল :

একাউণ্ট নম্বৰ-৫০১৪৭২৪৪০৯৬

আই এফ এছ চি-আই ডি আই বি ০০০এন৫০৯

ইণ্ডিয়ান বেংক

একাউন্টৰ গৰাকী:পংকজ মহন্ত (ছাত্ৰীগৰাকীৰ মোমায়েক)

ফোন নম্বৰ-৮৪৮৬৩১২৮৫৪

ৰাইজৰ সঁহাৰি চিমি পৰিয়ালৰ বাবে বিশেষ সহায়ক হ’ব বুলি পৰিয়ালটোৱে প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More