ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা

শোণিতপুৰৰ কৃষকসকলক চৰকাৰী সংস্থাকহে উচিত মূল্যত ধান বিক্ৰীৰ আহ্বান জিলা কৃষি বিভাগৰ

0 33

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৯ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। এই মাৰ্গদৰ্শনেৰে কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ বাবে ঘোষণা কৰা ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা দৰত অসমৰ বিভিন্ন ধান ক্ৰয় কেন্দ্ৰৰ লগতে শোণিতপুৰ জিলাতো কৃষকৰ ধান ক্ৰয়ৰ ব্যৱস্থা গ্রহণ কৰিছে। শোণিতপুৰ জিলা কৃষি বিভাগ, জিলা প্ৰশাসনৰ সহযোগত ভাৰতীয় খাদ্য নিগম (FCI), অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিত(AFCSCL), অসম ৰাজ্যিক বিপণন পৰিষদ(ASAMB) য়ে বিভিন্ন ঠাইত ক্ৰয় কেন্দ্ৰ স্থাপন কৰি প্ৰতি কুইণ্টলত ২০৪০ টকা দৰত কৃষকৰ পৰা ইতিমধ্যেই ধান ক্ৰয় কৰি আছে । ভাৰতীয় খাদ্য নিগমৰ(FCI) জৰিয়তে ঢেকিয়াজুলি, বিন্দুকুৰী, তিনমাইল আৰু খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিত (AFCSCL) ৰ জৰিয়তে গেজেঙাগুৰী, বৰছলা আৰু ১৮ মাইল, জামুগুৰি আৰু অসম ৰাজ্যিক বিপণন পৰিষদ (ASAMB) য়ে ঢেকীয়াজুলিত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰত কৃষকসকলক তেওঁলোকৰ ধানসমূহ বিক্ৰী কৰিবলৈ আহ্বান জনাইছে শোণিতপুৰ জিলা কৃষি বিষয়া পঙ্কজ শইকীয়াই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More