ধাৰাবাহিক বৰষুণত বিধ্বস্ত ঐতিহাসিক দুৱৰণী আলি

শিৱসাগৰৰ বিধায়কে দিয়া প্ৰতিশ্ৰুতি নহল পূৰণ

0 101

শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ২৩ এপ্রিলঃ শিৱসাগৰ চহৰৰ সমীপৰ ঐতিহাসিক দূবৰণি আলিৰ মধ্যভাগ অর্থাৎ আমগুৰি গাঁৱৰ অংশটো ধাৰাবাহিক বৰষুণৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত ৰূপ লােৱাত হাজাৰ হাজাৰ পথচাৰীয়ে দুর্ভোগ ভুগিব লগাত পৰিছে। ধাৰাবাহিক বৰষুণত পথটো ৰূপান্তৰ হৈছে বৃহৎ পুখুৰীলৈ। নিৰ্বাচনৰ আগত আৰু জয়ী হোৱাৰ পিছত শিৱসাগৰ বিধায়ক অখিল গগৈয়ে পথটো পুনৰ নিৰ্মাণ আৰু পথটোৰ এটা পাৰত কোনো নৰ্দমা নথকাত বনাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়া কেৱল প্ৰতিশ্ৰুতিতেই আৱদ্ধ থাকিল। আনকি স্থানীয় ৰাইজে বহুবাৰ এইক্ষেত্ৰত বিধায়কৰ লগতে গড়কাপ্টানি বিভাগতো আবেদন কৰিছিল যদিও কাৰোৰে নাই আহৰি। ঐতিহাসিক পথটোৰ মেৰামতিৰ বাবে কোনাে গুৰুত্ব প্রদান নকৰাত সম্প্রতি সৰু বৰ দুর্ঘটনাৰ স্থানলৈ পৰিগণিত হৈছে। এই পথটো বগীদ’লৰ পৰা ৰংঘৰ চাৰিআলি হৈ দিচিয়াল মঠাদাঙেদি সংযােগ হৈছেগৈ ৰাষ্ট্ৰীয় পথত। শিৱসাগৰ চহৰৰ পৰা নাজিৰাক সংযোগ কৰা এই দূবৰণি আলিটোৰ অৱস্থা বর্তমান অতি দুখলগা। পথটোৰ কেৱল আমগুৰি গাঁৱৰ মাজ অংশতেই নহয়, দীঘলীয়া পথটোৰ একো একোটা অংশ এতিয়া পুখুৰীলৈ ৰূপান্তৰিত হৈছে। আমগুৰি গাঁৱৰ মাজ অংশৰ পথটোৰ এটা পাৰত পানী যােৱা নর্দমা ব্যৱস্থা আছে যদিও আনটো পাৰত পানী যােৱাৰ কোনাে ব্যৱস্থা নাই। কাৰণ এচাম ব্যক্তিয়ে নিজা গৃহৰ বাৰাণ্ডা পথটোলৈ আগবঢাই আনি বা এচামে সম্পূৰ্ণ পথলৈ পকীকৰণ কৰি লৈছে যদিও পানী ওলাই যোৱাৰ বাবে নিজা ঘৰৰ আগত কোনো ব্যৱস্থা কৰি নোলোৱাটো এটা সমস্যা বুলি বহুজনে ব্যক্ত কৰিছে। ফলত পানী অহা-যােৱা কৰা নর্দমাৰ ব্যৱস্থা নথকাত এজাক বৰষুণতেই পথটোৰ মাজ অংশত পানী জমা হৈ থকা বাবে পথটোৰ এনে ভগ্নপ্রায় অৱস্থা হৈছে। আনহাতে পূৰ্বতে ৰাংচলীয়া গাঁওখনৰ সন্মুখতে থকা এটি পুৰণি পানী যোৱা পুল আছিল যদিও তাকো পুতি পেলোৱাত পানী চলাচল কৰিব নোৱাৰি দুয়োকাষৰ পানীয়ে পথটো পুখুৰী সদৃশলৈ ৰূপান্তৰ কৰিছে। যাৰ ফলত পথটো ধ্বংসৰ দিশে গতি কৰিছে। উল্লেখ কৰি প্ৰয়োজন যে, জিলাখনৰ আটাইতকৈ ডাঙৰ পঞ্চায়ত হিচাপে পৰিগণিত ৰংপুৰ পঞ্চায়তখনৰ অন্তৰ্গত উক্ত অংশটো জোলাগাঁও আদর্শ গাঁৱত অন্তর্ভুক্তি যদিও পঞ্চায়তখনৰ কোনাে এগৰাকী প্রতিনিধিৰ দৃষ্টিগােচৰ নােহােৱাটো পৰিতাপৰ বিষয়। ৰাইজে অভিযােগ কৰা মতে, শিৱসাগৰৰ গড়কাপ্টানী বিভাগৰ পথ সংমণ্ডলৰ মুখ্য অভিযন্তাগৰাকীলৈ স্থানীয় বিধায়ক অখিল গগৈয়ে লিখিতভাৱে পথটোৰ সন্দৰ্ভত তদন্ত কৰিবলৈ দিয়াৰ পিছতাে কিয় বিহিত ব্যৱস্থা গ্রহণ নকৰিলে ইও ৰহস্যৰ আৱর্তত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More