ধেমাজিত মইনা পাৰিজাতৰ ৰাজ্যিক সমাৰোহ

২৪ জিলাৰ ৪ হাজাৰ মইনাক আদৰাৰ প্ৰস্তুতি

0 191

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২১ ছেপ্টেম্বৰ : সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহখনি আগন্তুক ২০২৩ চনৰ ৩০, ৩১ মার্চ আৰু ১,২ এপ্রিলত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ধেমাজি মহাবিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হ’ব। সমাৰোহ উদযাপন সমিতিৰ সম্পাদক নৱজ্যোতি দত্ত আৰু কার্যকৰী সভাপতি ঘনকৃষ্ণ বৰগোঁহায়ে আজি ধেমাজি প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধনৰে এই কথা সদৰি কৰে ৷ উল্লেখ্য যে ধেমাজি জিলা মইনা পাৰিজাতৰ আহ্বান মৰ্মে ২০১৯ চনৰ ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বার্ষিক ৰাজ্যিক শিশু সমাৰোহখনি ধেমাজিত অনুষ্ঠিত কৰাৰ বাবে ২২ খন উপসমিতিৰে সৈতে গঠিত পূর্ণাঙ্গ আদৰণি সমিতিয়ে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰিছিল যদিও ১৫ দিনমান বাকী থকাৰ সময়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰৱল আন্দোলনে সৃষ্টি কৰা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত সমাৰোহখনি অনুষ্ঠিত কৰিব পৰা নহ’ল । পৰৱৰ্তী বৰ্ষত পুনৰ প্ৰস্তুতি আৰম্ভ কৰোতেই ক’ৰণা মহামাৰীৰ বাবে সমাৰোহখনি পুনৰ স্থগিত হৈ পৰিল । বৰ্তমান শিশুৰ বাবে পৰিবেশ অনুকুল হোৱালৈ লক্ষ্য ৰাখি সদৌ অসম মইনা পাৰিজাতে সমাৰোহখনি অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনোৱাত আদৰণি সমিতিয়ে ৰাজহুৱা সভাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰি পুনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। পূৰ্বৰ আদৰণি সমিতিখন সামান্য সালসলনি আৰু নতুন ব্যক্তি অন্তর্ভূক্তিৰে সমিতিখন পূৰ্ণাংগ কৰি তোলা হৈছে বুলি সংবাদমেলত উল্লেখ কৰে। সেই অনুসৰি পূৰ্বৰ কাৰ্যকৰী সভাপতি প্রয়াত নৰেন কোঁৱৰৰ পৰিৱৰ্তে ধেমাজিৰ সমাজকর্মী- ক্রীড়াবিদ ঘনকৃষ্ণ বৰগোঁহাইক দায়িত্ব অৰ্পণ কৰাৰ লগতে আন কেইটামান পদৰ সালসলনি ঘটোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ সমাৰোহখনি সফল ৰূপায়ণৰ বাবে পূৰ্বৰ ৩৩ লাখ টকাৰ বাজেটৰ পুনৰীক্ষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সমাৰোহত অসমৰ ২৪ খন জিলা মইনা পাৰিজাত সমিতিৰ পৰা ৪ সহস্ৰাধিক শিশুৱে অংশগ্ৰহণ কৰিব লগা সমাৰোহখনিত শিশুসকলৰ শুশ্রূষাৰ বাবে আদৰণি সমিতিয়ে ২২ খন উপসমিতিক দায়িত্ব অর্পণ কৰিছে ৷ সমাৰোহখনত ধেমাজিবাসী ৰাইজৰ লগতে সকলো শিশুপ্রেমী ব্যক্তিৰ পূৰ্ণ সহযোগিতা আৰু অংশগ্রহণ কামনা কৰিছে আদৰণি সমিতিয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More