ধেমাজিত সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহৰ প্ৰস্ততিৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

0 75

ধেমাজি, ৮ মাৰ্চ : ধেমাজিত অহা ৩১ মাৰ্চ, ১ আৰু ২ এপ্ৰিলত অনুষ্ঠিতব্য সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ প্ৰস্ততিৰ সবিশেষ আজি বুজ লয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা মইনা পাৰিজাতৰ ৰাজ্যিক সভাপতি কেশৱ মহন্তই।WhatsApp Image 2023 03 08 at 8.53.04 PM স্বাস্থ্য-পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী মহন্তই আজি বিয়লি ধেমাজি আৱৰ্ত ভৱনত জিলাখনৰ উপায়ুক্ত পল্লৱী ফুকন, জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠক আৰু ৰাজ্যিক শিশু সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ নেতৃবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হৈ সমাৰোহৰ প্ৰস্ততিৰে জড়িত বিভিন্ন দিশ পৰ্যালোচনা কৰে। এই বৈঠকত সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ দায়িত্বত থকা ধেমাজি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ লক্ষীধৰ শেনচোৱাকে ধৰি অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকল আৰু সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক সমিতিৰ একাধিক বিষয়ববীয়ায়ো অংশগ্ৰহণ কৰে। ৰাজ্যিক শিশু সমাৰোহখনত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ সকলো জিলাৰে পৰা আহিব লগা শিশু প্ৰতিনিধি আৰু তত্বাৱধায়কসকল থাকিবৰ বাবে শিবিৰ স্থাপন আৰু আহাৰৰ ব্যৱস্থাপনাকে ধৰি সমাৰোহৰ প্ৰতিটো কাৰ্যসূচী সুনিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা ল’ব লগা ব্যৱস্থাৱলীৰ বিষয়ে বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। এইক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰ পৰাও অভ্যৰ্থনা সমিতিক সম্ভৱপৰ সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি উপায়ুক্তই মন্ত্ৰী মহন্তক অৱগত কৰে। শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱেও এই ৰাজ্যিক শিশু সমাৰোহখনি সাফল্যমণ্ডিত কৰি তোলাৰ দিশত বিশেষ সঁহাৰি আগবঢ়োৱাৰ বাবে মইনা পাৰিজাতৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী মহন্তই বৈঠকত শিক্ষামন্ত্ৰীগৰাকীৰ শলাগ লৈ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলক শিক্ষামন্ত্ৰীগৰাকীৰ মাৰ্গদৰ্শনত এই সমাৰোহ সম্পূৰ্ণ সফল কৰি তোলাত সম্পূৰ্ণ মনোনিবেশ কৰিবলৈ আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More