ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিলে আছুৱে

0 21

 শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন মীন বিভাগৰ “ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ” আঁচনিহে ৰূপায়ণ হৈছে ৰাষ্ট্ৰীয় ঘাইপথত ৷ চৰ্মৰোগ হোৱাৰ হোৱাৰ দৰেই বখলা-বখলে এৰি যোৱাৰ উপৰি পুখুৰীসদৃশ দ গাঁতৰ সৃষ্টি হোৱাত পথচাৰীয়ে চূড়ান্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ সেয়ে আজি সংশ্লিষ্ট বিভাগলৈ বাট নাচাই ধেমাজিৰ আছু কৰ্মীয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ ধেমাজি নগৰৰ একাংশ মেৰামতি কৰে ৷IMG20220907093505 ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সংগঠনটোৰ ভালেসংখ্যক কৰ্মীয়ে হাতে হাতে কোৰ-বেলচা-টুকুৰী লৈ ছেণ্ডগ্ৰেভেল ছটিয়াই পথটো মসৃণ কৰাৰ চেষ্টা কৰে ৷উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে আছে ধেমাজি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, গড়কাপ্তানি বিভাগৰ অধীক্ষক অভিযন্তা, কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা, যুটীয়া স্বাস্থ্য সঞ্চালক, জলসম্পদ বিভাগৰ আদি কাৰ্যালয় । সকলো চৰকাৰী কৰ্মচাৰী, ছাত্র-ছাত্রী, ৰোগী, জ্যেষ্ঠ নাগৰিক তথা সৰ্বসাধাৰণ ৰাইজে সেইটো পথেৰে অহা যোৱা কৰি ত্রাহি মহুসূধন সোঁৱৰিবলগীয়া হৈছে । জিলাখনৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, জোনাই বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱা, অভিভাৱক মন্ত্রী সঞ্জয় কিষাণকে ধৰি বিভিন্ন মন্ত্রী-সাংসদ, চৰকাৰী উচ্চপদস্থ বিষয়াই সেইফালেদিয়ে অহা যোৱা কৰে যদিও আজিলৈকে কোনোৱে ৰাষ্ট্ৰীয় ঘাইপথটোৰ মেৰামতি কৰাৰ ব্যৱস্থা কৰা নাই । সম্পূৰ্ণ মেৰামতি কৰাৰ দূৰৰ কথা নেতা-মন্ত্রী-সাংসদে স্থানীয় গড়কাপ্তানি বিভাগক কৈ গাঁত কেইটাও পুতিব পৰা নাই। সেয়ে আজি পুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা, সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা, ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি কৰুণজ্যোতি চেতিয়া, সাধাৰণ সম্পাদক ৰন্টু গগৈৰ ,ধেমাজি মহকুমা ছাত্র সন্থাৰ উপ-সভাপতি পুলকিত দত্ত, মহকুমা ছাত্র সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক দিপাংকৰ কলিতা নেতৃত্বত ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ শতাধিক কৰ্মীয়ে হাতে হাতে কোৰ, বেলচা লৈ ছেণ্ড গ্ৰেভেলৰে ৰাষ্ট্ৰীয় ঘাইপথটোৰ ডাঙৰ ডাঙৰ গাঁতবোৰ পোতাত ব্যস্ত হৈ পৰে ।IMG 20220907 111142 ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি-সম্পাদকে কয় যে ছাত্র সন্থাই বাৰে বাৰে বিধ্বস্ত হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও মন্ত্ৰী-সাংসদ-বিধায়কৰ কৰ্তৃত্বহীনতা তথা জিলা প্ৰশাসনৰ দুৰ্বল স্থিতিৰ বাবে সেয়া হৈ উঠা নাই । ধেমাজি আঞ্চলিক ছাত্র সন্থাই যোৱা ১১ জুলাইতে জিলা উপায়ুক্তক পথটো মেৰামতি কৰিবলৈ স্মাৰক পত্র প্ৰেৰণ কৰাৰ পাছত জিলা উপাযুক্তই ডিব্ৰুগড়ত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কাৰ্যবাহী অভিযন্ত্রালৈ ২৬ জুলাই ২০২২ তাৰিখে চিঠি নং ডিডি/ডিচিপি.২০৫/পিডব্লিউডি/২০২১-২২/পিটি-আই/৫ জৰিয়তে তাৎক্ষণিকভাৱে মেৰামতি কৰিবলৈ আহ্বান জনাইছিল যদিও ধেমাজি জিলা উপায়ুক্তৰ কথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ডিব্ৰুগড়ৰ বিষয়াই গুৰুত্বই দিয়া পৰিলক্ষিত নহ’ল ।প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আহিলে ৰাতিটোৰ ভিতৰতে ৰাস্তা বনাব পৰা গডকাপ্তানি বিভাগে কিয় এতিয়া সামান্য গাঁত কেইটাকে পুতিব নোৱাৰে বুলি ছাত্ৰ কৰ্মীসকলে কটাক্ষ কৰি “মুখ্যমন্ত্রী মহোদয়ে আন্দোলনৰ পৰিবেশ নাইকিয়া হ’ল বুলি কোৱা এইখন অসমৰে ধেমাজি জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ নিৰ্মাণ তথা মেৰামতি বাবেও আন্দোলন কৰিবলগীয়া হোৱা কাৰ্যই আপোনাৰ চৰকাৰৰ চূড়ান্ত ব্যথতাকে সূচাইছে” বুলি কয় । কাৰ্যসূচীৰ জৰিয়তে ছাত্র সন্থাই এপষেকৰ ভিতৰত ঘাইপথটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনায় অন্যথা পথ অৱৰোধৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হলে এইক্ষেত্রত চৰকাৰ আৰু জিলা প্ৰশাসনে জগৰীয়া হব বুলি সকীয়াই দিয়ে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৰুণ জ্যোতি চেতিয়া আৰু সম্পাদক ৰন্টু গগৈয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More