ধেমাজিৰ বৰদলনিত দেউৰী জনগোষ্ঠীৰ প্ৰথমখন গ্ৰন্থ ‘দেউৰী কৃষ্টি আৰু চমু ইতিহাস’ ৰ বিশেষ সংশোধনী সংস্কৰণ উন্মোচন

বিতৰ্কৰ অৱসান

0 130

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৪এপ্ৰিল: দেউৰী জনগোষ্ঠীৰ প্ৰথমখন গ্ৰন্থ ‘দেউৰী কৃষ্টি আৰু চমু ইতিহাস’ ৰ বিশেষ সংশোধনী সংস্কৰণটি দেওবাৰে ধেমাজি জিলাৰ বৰদলনি বাম চেনিয়া দেউৰী গাঁৱৰ ৰঙ্গমঞ্চত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভ উন্মোচন কৰা হয়। উলেখ্য যে ১৯৫০ চনতে সম্পাদিত ৰূপত প্ৰকাশিত গ্ৰন্থখনত প্ৰকৃত লেখক আৰু সংগ্ৰাহকৰ নাম উল্লেখ নথকাত বহু বছৰ পৰা চলি আহিছিল এক বিতৰ্কৰ। ইয়াৰ পিছতে দ্বিতীয় বিশেষ সংশোধনী সংস্কৰণৰ ব্যৱস্থা কৰে মূল লেখক আৰু সংগ্ৰাহকৰ পৰিয়ালে। উল্লেখ্য, দেউৰী সমাজৰ আদিম যুগৰে পৰা মুখে মুখে চলি অহা কৃষ্টিৰ গীত সেই সময়ৰ শিক্ষিত লোক হিচাপে প্ৰয়াত হৰিচন্দ্ৰ বৰদেউৰীয়ে গীত বা নামৰ ৰূপ দিছিল। তেনে সময়তে ১৯৫০ চনত সমন্ধীয় প্ৰয়াত নগেন দেউৰীয়ে লগ পাই সেই গীত সমূহ প্ৰকাশৰ দিহা কৰে আজি ৭০ বছৰ আগতে। কিন্তু মূল লেখক সংগ্ৰাহকৰ নাম সেই সময়ত উল্লেখ নকৰিলে প্ৰকাশক হিচাপে প্ৰয়াত নগেন চন্দ্ৰ দেউৰী ভৰালীয়ে। যাৰ বাবে ক্ষুন্ন হৈ মূল লেখকৰ কন্যা পদ্মাৱতী দেউৰীয়ে পুনৰ ৰাজহুৱা ভাৱে বিশেষ সংশোধনী সংস্কৰণ প্ৰকাশ কৰাৰ কথা অৱগত কৰে। এই উদ্দেশ্যে ধেমাজি বামচেনিয়া দেউৰী গাঁৱত অনুষ্ঠিত কৰে গ্ৰন্থ উন্মোচনী অনুষ্ঠান। অৱসৰপ্ৰাপ্ত শিক্ষক দেৱ কুমাৰ দেউৰীয়ে পৌৰোহিত্য কৰা সভাত গ্ৰন্থ উন্মোচন কৰে দেউৰী সমাজৰ বিশিষ্ট ইতিহাসবিদ তথা লেখক যতীন্দ্ৰ দেউৰীয়ে। শুভ উন্মোচন কৰা সভাত তেওঁ কয়- দেউৰী সমাজত ১৯৫০ চনৰ আগত নাছিল কোনো ছপা গ্ৰন্থ। শিক্ষিত লোকৰ অভাৱ আছিল দেউৰী সমাজৰ মাজত। তেনে সময়তে ১৯৩০ চনতে যোৰহাটৰ নৰ্মাল পাছ কৰি শিক্ষকতাত যোগদান কৰি জাতীয় চেতনাবোধ জাগৃত কৰা লোকৰ মাজত আছিল প্ৰয়াত হৰিচন্দ্ৰ দেউৰী। হৰিচন্দ্ৰ দেউৰীয়ে সেই সময়ত বহুখিনি গীত-মাত নিজে ৰচনা কৰাৰ উপৰিও মানুহৰ মুখে মুখে বাগৰি অহা বিভিন্ন গীত-পদ লিপিবদ্ধ ৰূপ দিবলৈ চেষ্টা কৰিছিল। আনকি নিজেও বহু সংস্কাৰ সাধন কৰি দেউৰী জাতীয় কৃষ্টিৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত হৈছিল। তেনে সময়তে সমন্ধীয় তথা অতি ঘনিষ্ঠ লোক প্ৰয়াত নগেন চন্দ্ৰ দেউৰী ভৰালীয়ে লগ পাই নতুন ৰূপ দিয়ে এখন সংগ্ৰাহক গ্ৰন্থ হিচাপে। পৰিতাপৰ বিষয় যে, পৰৱৰ্তী সময়ত নগেন চন্দ্ৰ দেউৰী ভৰালীয়ে প্ৰকাশ কৰা আৰু শৰৎচন্দ্ৰ দেউৰী ভৰালী আৰু ৰতুৰাম দেউৰীয়ে সম্পাদনা কৰা গ্ৰন্থখনিত নাম নাছিল হৰিচন্দ্ৰ বৰদেউৰীৰ। কি কাৰণত মূল সংগ্ৰাহক বৰদেউৰীৰ নাম লিপিবদ্ধ নকৰিলে ইয়াক লৈ উদ্বিগ্ন দেউৰী সমাজৰ বৌদ্ধিক সমাজ বুলি সদৰি কৰিলে ইতিহাসবিদ যতীন্দ্ৰ কুমাৰ দেউৰীয়ে। দেউৰীয়ে এই কাৰ্যক দুৰ্ভাগ্য অভিহিত কৰি দেউৰী সমাজৰ প্ৰথমখন গ্ৰন্থ হিচাপে পৰিগণিত ‘দেউৰী কৃষ্টি চমু ইতিহাস’ত বহুখিনি বিজ্ঞান সন্মত গীত-মাত আৰু দেউৰী জাতীয় জনজীৱন জীৱন গাঁথা প্ৰতিফলিত হোৱাৰ কথা উল্লেখ কৰে। সমান্তৰালকৈ উক্ত সভাতে পদ্মাৱতী দেউৰীৰ ‘হৰিচন্দ্ৰ বৰদেউৰী- চমু জীৱনী শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে দেউৰী সাহিত্য সভাৰ সভাপতি ফিজু কুমাৰ দেউৰীয়ে। উন্মোচন কৰি ফিজু কুমাৰ দেউৰীয়ে কয়- প্ৰয়াত হৰিচন্দ্ৰ দেউৰী কেৱল দেউৰী সমাজৰে নহয় বৃহত্তৰ অসমীয়া জাতিৰ প্ৰকৃত ভোটা তৰা বুলি উল্লেখ কৰে। বিভিন্ন ঘাত-প্ৰতিঘাত থাকিলেও হৰিচন্দ্ৰ দেউৰীৰ সুকীয়া পৰিচয় আছে। বৃটিছ যুগতে জাতীয় কৃষ্টি-সংস্কৃতিৰ শিপা চৰ্চা কৰা হৰিচন্দ্ৰ দেউৰীৰ গীত আজিও দেউৰী ৰাইজৰ মুখে মুখে বুলি উল্লেখ কৰে।এই গৰাকীৰ জীৱনী গ্ৰন্থ খনি উন্মোচন কৰিবলৈ পাই সুখ অনুভৱ কৰা বুলি উল্লেখ কৰে দেউৰী সাহিত‌্য সভাৰ সভাপতি গৰাকীয়ে। উক্ত সভাত ক্ৰমে ডাঃ পৰমানন্দ দেউৰী, দেউৰী সাংস্কৃতিক সংঘৰ সম্পাদক মিত্ৰ কুমাৰ দেউৰী, লেখক লক্ষ্যপতি দেউৰী, বিশিষ্ট নাগৰিক ভদ্ৰ কান্ত দেউৰী, দেউৰী পূজাৰী সন্মিলনৰ সভাপতি উত্তম দেউৰী, ছাত্ৰনেতা ভাস্কৰ দেউৰী, ধেমাজি জিলা দেউৰী সাহিত্য সভাৰ বিষয়ববীয়া আৰু দেউৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়া, বামচেনিয়া গাঁৱৰ যুৱক সংঘ আৰু শতাধিক মহিলাই অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More