ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হৰপ্পা যুগৰ নৰকঙ্কাল !

আৰম্ভ তদন্ত, ডিএনএ বিশ্লেষণ

0 88

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’ : হৰিয়ানাৰ ৰাখিগাৰ্হিত এক খননকার্যৰ সময়ত উদ্ধাৰ হৈছে পাঁচ হাজাৰ বছৰ পুৰণি হৰপ্পা যুগৰ বহু সামগ্রী। উদ্ধাৰ হৈছে সেই সময়কালৰ দুটা নৰকঙ্কাল। অনুমান কৰা হৈছে এই নৰকঙ্কাল মহিলাৰ। সেই যুগত মৃতকক সমাধিস্থ কৰাৰ প্ৰথা প্রচলন আছিল বুলি ধাৰণা কৰা হৈছে। এই কঙ্কালৰ ডিএনএ পঠোৱা হৈছে পৰীক্ষাগাৰলৈ। তাত চলিছে বিশ্লেষণ। নৰ কঙ্কালৰ উপৰি এলেকাটোৰ পৰা উদ্ধাৰ কৰা হৈছে কিছুমান পাত্র আৰু শিল্প সামগ্রী। যিবোৰ হৰপ্পা যুগৰ বুলি অনুমান কৰা হৈছে। এই দাবী কৰিছে ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ কৰ্তৃপক্ষই। আর্কিঅ’লজিকেল ছার্ভে অব ইণ্ডিয়াৰ তৰফৰ পৰা এছ কে মঞ্জুলে জনাইছে— “সাতটা স্তুপ খনন কৰা হৈছে এলেকাটোৰ দুখন গাঁৱত। যিটো হৰিয়ানাৰ হিচাৰৰ ৰাখিগাড়হি আর্কিঅ’লজিকেল ছাইটৰ অংশ। আৰজিআৰ চেভেন (নৰ কঙ্কাল) হ’ল হৰপ্পান যুগৰ। তাত দুটা কঙ্কাল উদ্ধাৰ হৈছে। সেই কঙ্কালৰ ডিএনএ পঠোৱা হৈছে বিশেষজ্ঞৰ ওচৰলৈ।” উল্লেখ্য যে, দিল্লীৰ পৰা ১৫০ কিলোমিটাৰ নিলগত অৱস্থিত ৰাখিগাড়হি ছাইট। অনুমান কৰা হৈছে ফেব্রুৱাৰী মাহত উদ্ধাৰ হোৱা বিভিন্ন সামগ্রীক লৈ উদ্ভৱ হোৱা নানা প্ৰশ্নৰ উত্তৰ দিব পাৰিব ডিএনএ বিশ্লেষণে। লক্ষ্ণৌলৈ এই নমুনা পৰীক্ষাৰ বাবে পঠোৱা হৈছে। তাৰ পৰা এই ডিএনএৰ বিষয়ে উত্তৰ আহিলেই জনা যাব এই ঘটনাৰ নেপথ্যে আচল ঘটনা কি। ধাৰণা কৰা হৈছে যে, দাঁতৰ পৰা সংগ্ৰহ কৰা নমুনাই কৈ দিব পাৰে সেই সময়ৰ মানুহৰ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি নানা অজানা কাহিনী। উল্লেখ্য যে, হৰপ্পা যুগৰ সকলোতকৈ বৃহৎ ক্ষেত্ৰ মহেঞ্জোদাৰো, হৰপ্পা, গাৰৱেইড়িয়ালা বর্তমান পাকিস্তানত। কেৱল ৰাখিগাড়হি আৰু ঢোলাভিৰাহে আছে ভাৰতত। আৰু সেই এলেকাতেই উদ্ধাৰ কৰা হৈছে এই প্ৰাচীন নৰ কঙ্কাল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More