বেদব্ৰত বৰা
ভাৰতীয় মানুহৰ চিন্তা আৰু চেতনা প্ৰৱাহ নিয়ন্ত্ৰণ কৰা দুই মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত সদায় ধৰ্মৰ জয়ৰ কথা কোৱা হৈছে আৰু ‘যথা দৈৱ তথা জয়’ নীতিৰেই ধৰ্মযুদ্ধৰ দোহাই দিয়া হৈছে। দুয়োখন মহাকাব্যতে কিন্তু ধৰ্মযুদ্ধৰ নামত বহু ধাৰ্মিক বীৰ আৰু নীতিপৰায়ণ যোদ্ধাক প্ৰাণ বিসৰ্জন দিবলৈ বাধ্য কৰোৱা হৈছিল। মহাভাৰতত অভিমন্যু বধ ধৰ্মযুদ্ধৰ এক পৰম্পৰা ভংগকাৰী অনৈতিক কাৰ্য বুলি দেখুওৱা হৈছে যদিও ৰামায়ণত মেঘনাদ বধ বা কুম্ভকৰ্ণ নিপাত ধৰ্মযুদ্ধৰেই পৰিণতি বুলি প্ৰতিষ্ঠা কৰা হৈছে। মেঘনাদ বা ইন্দ্ৰজিৎ আছিল দেৱতাৰ প্ৰধান শত্ৰু। দেৱতা আৰু অসুৰৰ মাজৰ যুঁজখনৰ শেষ পৰিণতি ধৰ্মৰ দ্বাৰা পৰিচালিত কৰিবলৈ ৰামায়ণত ৰামক মহত্ত্ব প্ৰদান কৰা হৈছিল। কিন্তু মেঘনাদৰ মৃত্যুৰ ঘটনা পৰ্যালোচনা কৰিলে ধৰ্মযুদ্ধৰ এখন বিপৰীত ছবিহে প্ৰকাশ হয়। মেঘনাদে ঋষিদৈত্য ৰাৱণৰ পৰা দৈৱগুণ অধিকাৰ কৰিছিল ঠিকেই কিন্তু ইন্দ্ৰক পৰাজিত কৰাৰ পিছত তেওঁ লাভ কৰা ইন্দ্ৰজিৎ খিতাপ লাভ কৰাৰ বাবে হৈ পৰিছিল পৰম অহংকাৰী। যাৰ বাবে নিজৰ চাৰি ভাতৃক সন্মিলিত প্ৰচেষ্টাৰে বানৰ আৰু দেৱ সেনাই হত্যা কৰাৰ পিছতো মেঘনাদে হনুমান, সুগ্ৰীব, অংগদ, জাংগবাং, নীল-নল সকলোকে ক্ষত-বিক্ষত কৰি অৰ্ধমৃত অৱস্থাত এৰি থৈ গৈছিল। ৰাম আৰু লক্ষ্ণণ দুয়ো ইন্দ্ৰজিতৰ নাগপাশত মৃতপ্ৰায় হৈ পৰিছিল। কিন্তু ৰাম আৰু বানৰ সেনাৰ মূল নায়কসকলক অচেতন অৱস্থাত ইন্দ্ৰজিতে বধ নকৰিলে একমাত্ৰ অহংকাৰৰ বাবে। ইন্দ্ৰজিতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল বিভীষণ আৰু লজ্জানত বিভীষণে মেঘনাদক নিৰস্ত্ৰ অৱস্থাত নিকুম্ভিলাত হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। মহাভাৰতৰ চক্ৰব্যহুৰ দৰেই নিকুম্ভিলাত দেৱী চামুণ্ডাৰ যজ্ঞ কৰি থকাৰ সময়ত আক্ৰমণ কৰা হৈছিল মেঘনাদক। বাল্মিকী ৰামায়ণত উল্লেখ থকা মতে, ইন্দ্ৰজিতক আক্ৰমণত দেৱতাসকলেও অংশগ্ৰহণ কৰিছিল আৰু চাৰিওফালৰ পৰা সেনাই আগুৰি নিৰস্ত্ৰ আৰু কৱচবিহীন অৱস্থাত ৰাৱণৰ বীৰ পুত্ৰ মেঘনাদক অসহায়ভাৱে হত্যা কৰিছিল। বিভীষণে জানিছিল নিকুম্ভিলাত যজ্ঞ সমাপন কৰাৰ পিছত মানসিকভাৱে অধিক শক্তিশালী হৈ পৰিব ইন্দ্ৰজিত আৰু সেই সুযোগ সন্ধানী দেৱতাৰ সহযোগত লক্ষ্ণণ, হনুমান, বিভীষণ সকলোৱে একত্ৰিতভাৱে আক্ৰমণ কৰিছিল। সেই যুদ্ধত হনুমান একপ্ৰকাৰ মৃতপ্ৰায় হৈ পৰিছিল। ইয়াৰ পূৰ্বে ইন্দ্ৰজিতে অৱশ্যে মায়াসীতাক হত্যা কৰি এক বিধৰ্মী অপৰাধ কৰি থৈছিল। কিন্তু বিভীষণে শ্ৰীৰামচন্দ্ৰক ঠিকেই বাৰ্তা দিছিল যে ৰাৱণে কেতিয়াও নাৰী নিৰ্যাতন বা হত্যা সমৰ্থন নকৰে আৰু সেইবাবেই সীতাক হত্যা কৰিবৰ বাবে মেঘনাদক নিৰ্দেশ দি দিয়ে। বিভীষণে কৈছিল ইচ্ছা কৰা হ’লে ৰাৱণে সীতাক দহ মাহ ৰাখি নথৈ বলপূৰ্বক নিৰ্যাতন চলালেহেঁতেন। মেঘনাদৰ মৃত্যুৰ বাতৰিয়ে ৰাৱণক বিচলিত কৰি উন্মাদ কৰি তুলিছিল আৰু সীতাক হত্যা কৰিবৰ বাবে অশোকবনলৈ হিতাহিত জ্ঞান হেৰুৱাই খেদি গৈছিল। শেষমুহূৰ্তত ৰাৱণে নিজৰ ভুল বুজিব পাৰিছিল আৰু বৈদেহীক হত্যা কৰাৰ পৰা বিৰত আছিল। বাল্মিকী ৰামায়ণত লক্ষ্ণণ আৰু ইন্দ্ৰজিতৰ মাজত হোৱা যুদ্ধৰ সাতটা অধ্যায়জুৰি বৰ্ণনা দিয়া হৈছে। অসামান্য বীৰ ইন্দ্ৰজিতে সুযোগ পায়ো যুদ্ধৰ নিয়ম ভঙা নাছিল, তাৰ বিপৰীতে কুম্ভকৰ্ণৰ দৰে নিৰহংকাৰী আৰু ধৰ্মজ্ঞানী বীৰক বিভীষণৰ প্ৰৰোচনাত অন্যায়ভাৱে হত্যা কৰা হৈছিল। নিজৰ জ্যেষ্ঠ ভাতৃক হেৰুৱাই বিভীষণ যি বিলাপ কৰিছিল, তাতেই স্পষ্ট ৰূপত ধৰা পৰিছিল কুম্ভকৰ্ণৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু জননীক ভালপোৱাৰ নিঃস্বাৰ্থতা। একেদৰে বালি বধৰ ক্ষেত্ৰতো ধৰ্ম দোহাই দি এজন বীৰক অন্যায়ভাৱে ভূপতিত কৰা হৈছিল। বালি বধ ভাৰতীয় সনাতন সংস্কৃতিৰ সম্পূৰ্ণ এক বিৰোধ কথা বুলি বালি পত্নী তাৰাৰ মুখত বৰ্ণনা কৰা হৈছে। তৎসত্ত্বেও ধৰ্ম স্থাপন আৰু অসুৰ নিধনৰ বাবে বালি বধ জৰুৰী হৈ পৰিছিল। আৰ্য আৰু অনাৰ্যৰ এই যুঁজখন অতীজৰে পৰা অব্যাহত আছে আৰু কূট-কৌশলৰে দেৱতাৰূপী আৰ্যসকলে অনাৰ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ভাৰতীয় লোকৰ হৃদয়ত ভক্তিভাৱৰে প্ৰোথিত হৈ থকা দুইখন মহাকাব্যৰে প্ৰণালীবদ্ধ চৰ্চা যুগ যুগ ধৰি চলি আহিছে আৰু চলি থাকিব। ৰামায়ণী সাহিত্যৰ বিচাৰ মূল সংস্কৃত ৰামায়ণতকৈ প্ৰান্তীয় ভাষাৰ ৰামায়ণসমূহে বেছি চৰ্চা লাভ কৰে। আমি অসমীয়া হিচাপে গৌৰাৱান্বিত এইবাবেই যে তুলসী দাসৰ হিন্দী ৰামায়ণ আৰু বাঙালী ভাষাৰ কৃতিবাস ৰামায়ণতকৈ মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণৰ পাঁচটা কাণ্ড প্ৰাচীন আৰু বিস্তৃত।