নকল টকা,সোণ সহ কৰায়ত্ত পাঁচ প্ৰৱঞ্চকক

শোণিতপুৰ আৰক্ষীৰ অভিযান

0 10
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৭জুলাইঃ শোণিতপুৰৰ লগতে লখিমপুৰৰ এটা গভাইত চক্ৰই মিলিত হৈ নকল সোণ আৰু নকল টকাৰে একাংশ প্ৰলোভনৰ ফান্দত ভৰি দিয়া লোকক দীৰ্ঘদিন ঠগী আহিছিল। যোৱা নিশা শোণিতপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত এনে এটা চক্ৰৰ পাঁচ সদস্যক কৰায়ত্ত কৰাৰ লগতে এই চক্ৰটোৰ পৰা যথেষ্ট পৰিমাণৰ নকল টকা আৰু নকল সোণ উদ্ধাৰ হোৱা ঘটনাই এই কথা স্পষ্ট কৰিছে। উল্লেখযোগ্য যে,যোৱা নিশা চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত গুডামঘাটৰ অকা বস্তিত নিশা স্থানীয় আৰক্ষীৰ সহযোগত শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসৰ নেতৃত্বত চলা অভিযানত অঞ্চলটোৰ জালা উদ্দিন নামৰ লোক জনৰ ঘৰত লখিমপুৰৰ জেহিৰুল ইছলাম, হাফিজুল ইছলাম, মহম্মদ ইনামূল আলী আৰু গুদামঘাটৰ আক্কাছ আলীক কৰায়ত্ত কৰে। এই অভিযানৰ সময়ত আৰক্ষীয়ে প্ৰায় এক কিলোগ্ৰাম ওজনৰ নকল সোণৰ এটা টুকুৰা আৰু দুটা পেকেটত পাঁচশ টকীয়া নকল নোট জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,আজি অতিৰিক্ত আৰক্ষী অধীক্ষক দাসে তেজপুৰত প্ৰকাশ কৰা অনুসৰি,এই চক্ৰটো পূৰ্বেও নকল টকাৰ বেহাৰ সতে জড়িত আছিল। এই চক্ৰটোৱে এগুণ ধন দুগুণ কৰি দিয়াৰ প্ৰলোভনৰে বিভিন্ন জনক প্ৰৱঞ্চনা কৰি আহিছিল আৰু শেহতীয়া ভাবে এই চক্ৰটোৰে দুই সদস্য কাছেম আলী আৰু চাইফুল ইছলামে কহিমাৰ দুই যুৱক-যুৱতীৰ পৰা এই প্ৰলোভনৰেই ন লাখ টকা সৰকোৱাৰ পিছত এই বিষয়ে তেজপুৰৰ বৰঘাট আৰক্ষীয়ে লাভ কৰা অভিযোগৰ ভিত্তিত যোৱা ১৫জুলাইত দুই অভিযুক্তক ঘোঁৰামাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। এই প্ৰৱঞ্চক চক্ৰটোৰে আন একাংশ জড়িত থকাৰ তথ্য আৰক্ষীয়ে পৰৱৰ্তী সময়ত ধৃত কাছেম আৰু চাইফুলৰ পৰা লাভ কৰিবলৈ সক্ষম হয়।এই বৃহৎ জালিয়াতি চক্ৰটোৰ বিৰুদ্ধে তদন্তৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক দাসৰ নেতৃত্বতে যোৱা নিশা চাৰিদুৱাৰ আৰক্ষীৰ সহায়ত এই অভিযান চলে আৰু জালা উদ্দিন সহ পাঁচজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। যথেষ্ট পৰিমানৰ সন্দেহজনক নকল টকা আৰু নকল সোণ উদ্ধাৰ হোৱা এই চক্ৰটোৱে সুযোগ পালেই নকল সোণৰে প্ৰলোভন দি  একাংশলোকৰ পৰা যেনেদৰে ধন আত্মসাত কৰি আহিছিল একেদৰে একাংশ লোকক তেওঁলোকে আদায় দিয়া ধনৰ বিপৰীতে জব্দকৃত নোটৰে দুগুণ পৰিমাণৰ ধন ঘূৰাই দিয়াৰ আন এক প্ৰৱঞ্চনা অব্যাহত ৰাখিছিল। সম্প্ৰতি যোৱা নিশা গ্ৰেপ্তাৰ হোৱা পাঁচ প্ৰৱঞ্চকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু এই চক্ৰটোৰ বিষয়ে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More