নকল সোণঃ ৩০ আত্মসমৰ্পণ+২২ গ্ৰেপ্তাৰ =৫২ আৰক্ষীৰ জালত

জোনমণি কাণ্ডৰে জড়িত আজগৰ আলিৰ আত্মসমৰ্পণ

0 54
  • লখিমপুৰত অপৰাধীৰ আত্মসমৰ্পণৰ জোৱাৰ
  • বিজেপি নেতা-পঞ্চায়ত সভানেত্ৰীৰ স্বামীসহ অৰ্ধ শতাধিকৰ আত্মসমৰ্পণ-গ্ৰেপ্তাৰ
  • এছ পি আনন্দ মিশ্ৰৰ এটা ধমকৰ পিছতে লখিমপুৰত নকল সোণ, জাল নোট, ড্ৰাগছ ব্যৱসায়ী আত্মসমৰ্পণৰ জোৱাৰ
  • এনকাউণ্টাৰৰ ভয়ত আত্মসমৰ্পণ অপৰাধীৰ
  • নকল সোণৰ খনিখ্যাত বঙালমৰাৰ ঘৰে ঘৰে মিশ্ৰৰ অভিযান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ মে’ ঃ লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ ধমকৰ পিছতে লখিমপুৰত অপৰাধীৰ আত্মসমৰ্পণৰ জোৱাৰ উঠিছে৷ নকল সোণ, জাল নোটৰ ঘাটি হিচাবে পৰিচিত বঙালমৰাত ঘৰে ঘৰে গৈ আৰক্ষী অধীক্ষকে অভিযান চলোৱাৰ পিছতে অপৰাধ জগতৰ লগত জড়িত লোকসকল আতংকিত হৈ উঠিছে৷ ফলত বিগত তিনিটা দিনত জিলাখনত ৩০ টা এনে অপৰাধীয়ে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে৷WhatsApp Image 2023 05 24 at 5.55.09 PM একপ্ৰকাৰে এনকাউণ্টাৰৰ ভয়তে এইসকল অপৰাধীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷ উল্লেখ্য যে লখিমপুৰ জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোৱা সোমবাৰে নকল সোণ, জাল নোট, ড্ৰাগছ আদিৰ বেহাৰ লগত জড়িত বদমাছসকলক নিজে আহি ধৰা দিবলৈ ধমক দিয়াৰ পিছতেই লখিমপুৰৰ বিভিন্ন থানা, আৰক্ষী চকীত অপৰাধীৰ আত্মসমপৰ্ণৰ ভীৰ লাগিছে৷ নকল সোণ, জাল নোট বেপাৰৰ মাষ্টাৰ মাইণ্ড আবু চুহিদ ওৰফে লম্বু চুহিদে মঙলবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰাৰ পিছতে লখিমপুৰৰ বিভিন্ন থানা, আৰক্ষী চকীত এই পৰ্যন্ত অৰ্ধ শতাধিক অপৰাধীয়ে আত্মসমৰ্পণ কৰিছে৷ লম্বু চুহিদে বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰাৰ পিছতেই কালি নিশাৰ ভাগত লখিমপুৰ মহঘূলিৰ ছৰিফুল ইছলাম, শ্বৰিয়ত আলি, সুৰজ আলি, মফিদুল ইছলাম, হাবিজুল ইছলামেও আত্মসমৰ্পণ কৰে৷ একেদৰে নাওবৈছা গড়ছিগা মহঘূলি এলেকাৰ বাবুল ইছলাম, আইনুল হক, ৰচিদুল হক, চাহাবুল ইছলামে গাঁওবুঢ়াৰ সহযোগত এজন এজনকৈ আহি আত্মসমৰ্পণ কৰে৷ আত্মসমৰ্পণকাৰীৰ চাঞ্চল্যকৰ মন্তব্য- এই অবৈধ ব্যৱসায়ৰ সৈতে গাঁওৰক্ষী বাহিনীও জড়িত আছে৷ ইফালে আত্মসমৰ্পণ কৰাৰ পিছতে বঙালমৰাৰ নকল সোণ ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড অবু চুহিদকে ধৰি বহু কেইগৰাকী অপৰাধীক চি আই ডি দলে মাৰাথান জেৰা চলায়৷ উল্লেখ্য যে বৃহত্তৰ বঙালমৰাকে ধৰি গড়ছিগা, বৰছলা, মহঘূলি আদিৰ পৰা সমগ্ৰ অসমলৈ সম্প্ৰসাৰিত এই নকল সোণ ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড লম্বু চুহিদৰ আত্মসমৰ্পণ লখিমপুৰ আৰক্ষীৰ বাবে এক বৃহৎ সাফল্য(?) যদিও আন এটা মাষ্টাৰমাইণ্ড কালিয়া অৰুণাচল প্ৰদেশলৈ পলায়ন কৰাত আৰক্ষী বিমোৰত পৰিছে৷WhatsApp Image 2023 05 24 at 5.55.09 PM 1 যি কোনো পৰিস্থিতত কালিয়াক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে কৌশল ৰচনা কৰিছে৷ ইফালে অঞ্চলটোৰ নকল সোণ, জাল নোটৰ অন্যতম মাষ্টাৰমাইণ্ড জাকিৰ হুছেইন, মিজানুৰ ৰহমান ওৰফে মিজু, চাইদুল্লাহ, চাহাবুদ্দিন ওৰফে আব্দুল ৰাজ্জাক, আটাবুৰ ৰহমান, আটিকুল ইছলাম, চামছুল হক, মিজানুৰ ৰহমান ওৰফে মুস্তানে গাঁওৰক্ষী বাহিনীৰ সহযোগত আত্মসমৰ্পণ কৰিছে৷ লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীত ১৪ জন, নাওবৈচা আৰক্ষী চকীত ১০ জন সহ মুঠ ৫২ জন আৰক্ষীৰ জালত পৰিছে৷ ইয়াৰে ২২ জনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বাকী কেইজনে আত্মসমৰ্পণ কৰিছে৷ লগতে টকা বনোৱা তিনিটা মেচিনো আৰক্ষীয়ে জব্দ কৰিছে৷ এই ব্যৱসায়ত তিনিঠেঙীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী চামচুল ইছলামকো কালি বঙালমৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে ভুৱা নথি-পত্ৰৰে মবাইলৰ চিম কাৰ্ড যোগান ধৰা চেল পইণ্টৰ চাৰিজন স্বত্বাধিকাৰক গ্ৰেপ্তাৰ কৰা হৈছে৷ উল্লেখ্য যে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই পুৱতি নিশা পৰ্যন্ত জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়াৰ সহযোগত বঙালমৰা অঞ্চলত একপ্ৰকাৰে ঘৰে ঘৰে গৈ নকল সোণ-জাল নোটৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছত অপৰাধীয়ে নিজে নিজে আহি ধৰা দিছে৷ জোনমণি কাণ্ডৰ লগত জড়িত তথা নগাঁৱৰ পৰা লখিমপুৰলৈ আহি বঙালমৰাত অভিযান চলাই জোনমণি ৰাভাই আটক কৰি নিয়া আজগৰ আলিয়েও আজি লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ আজি লখিমপুৰ আৰক্ষীয়ে নগৰখনত অভিযান চলাই কেবাজনো ড্ৰাগছ সেৱনকাৰীক আটক কৰিবলৈ সক্ষম হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More