নকাড়ী ৰেল ক্ৰচিঙত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি

ভূমি অধিগ্ৰহণৰ জৰীপ আৰম্ভঃ ৫০ কোটি টকাৰে নিমাৰ্ণ হ’ব উৰণীয়া সেতুঃ

0 941

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২১ মাৰ্চঃ লখিমপুৰৰ আটাইতকৈ ব্যস্ততাপূৰ্ণ পথটো হৈছে উত্তৰ লখিমপুৰ নগৰৰ পৰা নকাড়ী হৈ লীলাবাৰী বিমান বন্দৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটো৷ এই পথটোৰ ওপৰত নকাড়ীত থকা ৰেল গেট তথা ৰেল ক্ৰচিঙত প্ৰতিদিনে অভাৱনীয় যানজঁটৰ সৃষ্টি হৈ আহিছে৷ অৱশেষত উক্ত পথৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে লোক নিৰ্মাণ বিভাগৰ লগতে ৰেল বিভাগে৷ আজি নকাড়ী ৰেল ক্ৰচিঙত জিলাখনৰ লোক নিৰ্মাণ বিভাগ, বন বিভাগ, বিদ্যুৎ বিভাগ, জিলা প্ৰশাসনৰ উচ্ছ পদস্থ বিষয়াৰ লগতে লাইন ডিৰ্পামেণ্টৰ বিভিন্ন বিষয়া কৰ্মচাৰীৰ উপস্থিতিত উৰণীয়া সেতু নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ভূমি অধিগ্ৰহণৰ বাবে ৰাজহ বিভাগে জৰীপ আৰম্ভ কৰে৷ আজি এই সন্দৰ্ভত লখিমপুৰৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰঞ্জিত সন্দিকৈৰ পৰা জানিব বিছৰাত তেওঁ কয় যে নকাড়ীত উৰণীয়া সেতু নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ভূমি অধিগ্ৰহণৰ উদ্দেশ্যে আজি ৰাজহ বিভাগ তথা উত্তৰ লখিমপুৰ ৰাজহ চক্ৰই জৰীপ আৰম্ভ কৰিছে৷ ইতিমধ্যে লোক নিৰ্মাণ বিভাগে ৰেল বিভাগক উৰণীয়া সেতু নিৰ্মাণৰ বাবে নক্সা প্ৰদান কৰিছে আৰু পৰ্যায়ক্ৰমে সেই নক্সা গ্ৰহণ কৰাৰ লগে লগে ডি পি আৰ জমা দিয়া হ’ব৷ ৰেল বিভাগৰ ৫০ শতাংশ আৰু ৰাজ্য চৰকাৰৰ ৫০ শতাংশ ধনেৰে এই উৰণীয়া সেতু নিৰ্মাণ হ’ব আৰু এই উৰণীয়া সেতু নিৰ্মাণৰ বাবে প্ৰায় ৫০ কোটিৰো অধিক টকা ব্যয় হ’ব বুলি তেওঁ কয়৷ মূল উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য প্ৰায় ৪২ মিটাৰ হোৱাৰ লগতে দুয়োমূৰে সৰ্বমুঠ ৮৫০ মিটাৰ দীঘল হোৱাৰ উপৰি ২৫.১৫ মিটাৰ বহল হ’ব৷ বিষয়াজনে আৰু সদৰি কৰা অনুসৰি ইতিমধ্যে ৰেল বিভাগৰ লগতে লোক নিৰ্মাণ বিভাগে নকাড়ী ৰেল ক্ৰচিঙত উৰণীয়া সেতু নিৰ্মাণৰ বাবে যৌথ ভাৱে কেবামাহ পূৰ্বে জৰীপ সম্পূৰ্ণ কৰি তুলিছে৷ আজি উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডল কাননগুৱে ভূমি অধিগ্ৰহণৰ বাবে জৰীপ কৰাৰ সময়ত লখিমপুৰৰৰ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা উপস্থিত থকাৰ লগতে বিভিন্ন লাইন ডিপাৰ্টমেণ্টৰ লোকসকল উপস্থিত থাকে৷ উৰণীয়া সেতুখন দুইলেন যুক্ত হ’ব বুলিও তেওঁ কয়৷ এক সূত্ৰই সদৰি কৰা অনুসৰি উৰণীয়া সেতুখন লখিমপুৰৰ নকাড়ীৰ দাস হাস্পতালৰ সমীপৰ পৰা আৰম্ভ হৈ লখিমপুৰ মেডিকেল কলেজৰ দিশৰ লম্বোদৰ পথৰ ওচৰত সমাপ্ত হ’ব৷ লক্ষণীয় কথা যে লীলাবাৰী বিমান বন্দৰ, চাবতি সেনা ছাউনি, লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, লখিমপুৰ ৰেলৱে ষ্টেচন আদিলৈ যোৱা একমাত্ৰ পথটোত দীৰ্ঘদিন ধৰি উৰণীয়া সেতু নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজে নিতৌ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে৷ বিশেষকৈ ৰেল বিভাগে ব্ৰডগজ লাইন স্থাপন কৰাৰ পিছত নকাড়ী ৰেল গেটত প্ৰতিদিনে অভাৱনীয় যানযঁটৰ সৃষ্টি হৈ আহিছে৷ বহু সময়ত লখিমপুৰ মেডিকেল কলেজলৈ নিয়া ৰোগীৰ ৰেল গেট বন্ধ হৈ পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ আহিছে৷ তেনেস্থলত নকাড়ী ৰেল ক্ৰচিঙত উৰণীয়া সেতুখনৰ অতি প্ৰয়োজন হৈ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More