নতুন ইতিহাস : গৌতম আদানী হ’ল বিশ্বৰ দ্বিতীয় ধনী

আগত আছে মাত্ৰ এলন মাস্ক

0 92

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে গৌতম আদানীয়ে। বিশ্বৰ শীৰ্ষ ১০ বিলিয়নাৰৰ তালিকাত প্ৰথম স্থানত আছে এলন মাস্ক। এই তালিকাত গৌতম আদানীয়ে দ্বিতীয় ধনী ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰছ ইনডেক্সত এই স্থান দখল কৰিছে গৌতম আদানীয়ে। বাৰ্নাৰ্ড আৰ্নাল্টৰ পিছতে দ্বিতীয় ধনী তালিকালৈ উন্নীত হৈছে এইজন ভাৰতীয় উদ্যোগপতি। যিটো প্ৰতিজন ভাৰতীয়ৰ বাবে নিশ্চিতভাৱে গৌৰৱৰ বিষয়।

* মুঠ সম্পত্তিৰ মূল্য ১৫৫.৫ বিলিয়ন
ফৰ্বছ ৰিয়েল টাইম বিলিয়নাৰছ ইনডেক্সৰ তথ্য অনুসৰি আদানীৰ ধন-সম্পত্তি ৫.৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। তেওঁৰ মুঠ ধন-সম্পত্তি হৈছে ১৫৫.৫ বিলিয়ন। আৰু তাৰ ফলতেই গৌতম আহিল তালিকাৰ দ্বিতীয় স্থানলৈ। অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ এই ব্যৱসায়ী এতিয়াও ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকত তৃতীয় স্থানতে আছে। অৱশ্যে গৌতম আদানীৰ ওপৰত এলন মাস্কে এক নম্বৰ স্থান অক্ষুণ্ণ ৰাখিছে। টেছলাৰ মালিকৰ সম্পত্তি ২৭৩.৫ বিলিয়ন ডলাৰ। বাৰ্নাৰ্ড আৰ্নল্ট আদানীৰ তললৈ নামিছে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫৫.২ মাৰ্কিন ডলাৰ। অৱশ্যে এই তালিকাত ৯২.৬ বিলিয়ন ডলাৰেৰে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী ৮ নম্বৰ স্থানত আছে।

* ইমান টকা কেনেকৈ পাইছে আদানীয়ে?
আদানীৰ সম্পত্তিৰ এটা ডাঙৰ অংশ আদানী গ্ৰুপৰ ৰাজহুৱা অংশীদাৰিত্বৰ পৰা আহে। যোৱা দুবছৰত হঠাতে ৰকেটৰ গতিৰে উঠি আহিল এইজন ব্যৱসায়ী। ২০২২ চনৰ মাৰ্চ মাহৰ ষ্টক এক্সচেঞ্জ ফাইলিঙৰ হিচাপত ইয়াৰ আদানী এণ্টাৰপ্ৰাইজ, আদানী পাৱাৰ আৰু আদানী ট্ৰেন্সমিছনত ৭৫% অংশীদাৰিত্ব আছে। আদানীৰ মুঠ গেছৰ প্ৰায় ৩৭%, আদানী বন্দৰ আৰু বিশেষ অৰ্থনৈতিক মণ্ডলৰ ৬৫% আৰু আদানী সেউজ শক্তিৰ ৬১% মালিকানাধীন। আহমেদাবাদৰ পৰা আদানীয়ে সমগ্ৰ ব্যৱসায় চলাই আছে। বহুতে কয় যে আদানীৰ উত্থানৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ ভূমিকা পালন কৰিছে। আদানীৰ সম্পত্তি ৬০০ শতাংশৰো অধিক বৃদ্ধি পাইছে। এই কথা অৰ্থনৈতিক বিশেষজ্ঞসকলে কয়।

* পলকতে উত্থান
ব্লুমবাৰ্গৰ মতে, আদানী ভাৰতৰ সৰ্ববৃহৎ বন্দৰ পৰিচালক, তাপ কয়লা উৎপাদক আৰু কয়লা ব্যৱসায়ী। আদানীৰ জন্ম হৈছিল গুজৰাটত। কলেজ এৰি কিশোৰ অৱস্থাত তেওঁ মুম্বাইলৈ গুচি যায়। কিন্তু পিছলৈ তেওঁ গৃহ ৰাজ্যলৈ ঘূৰি অহাৰ পূৰ্বে হীৰাৰ ব্যৱসায়ত কাম কৰিছিল। আদানীৰ বিশ্বব্যাপী ব্যৱসায় আৰম্ভ হৈছিল ভাতৃৰ প্লাষ্টিক ব্যৱসায়ৰ বাবে পলিভিনাইল ক্লৰাইড (পিভিচি) আমদানি কৰি। তাৰ পিছত ১৯৮৮ চনত তেওঁ সামগ্ৰী আমদানি আৰু ৰপ্তানিৰ বাবে গোটটোৰ ফ্লেগশ্বিপ কোম্পানী আদানী এণ্টাৰপ্ৰাইজ স্থাপন কৰে। ইয়াৰ পিছত আদানীয়ে পিছলৈ ঘূৰি চাব লগা হোৱা নাই। ইয়াৰ পিছত আদানী এণ্টাৰপ্ৰাইজে ১৯৯৪ চনত মুন্দ্ৰা বন্দৰত বন্দৰৰ সুবিধা স্থাপনৰ বাবে গুজৰাট চৰকাৰৰ পৰা অনুমোদন লাভ কৰে। তাৰ পিছত এটাৰ পিছত এটা সংগঠনৰ সৃষ্টি হ’ল আৰু সফলতাৰে আগবাঢ়িল। জানিব পৰা মতে আদানীয়ে পশ্চিমবংগতো বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিবলৈ ওলাইছে। তাজপুৰত নিৰ্মাণ কৰিব বিশাল বন্দৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More