নতুন ন্যায় সংহিতাৰ নতুন দিশবোৰ

লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ কৰ্মশালা

0 24
  • সমল ব্যক্তিৰূপে অংশগ্ৰহণ জিলা আইন সেৱা প্ৰাধিকাৰী সচিব প্ৰসেনজিৎ দাসৰWhatsApp Image 2024 08 11 at 7.26.44 PM e1723385833319

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ আগষ্টঃ  এতিয়াৰে পৰা কোনো লোকে অভিসন্ধি কৰি আন কোনো লোকক আদালতত এজাহাৰ দি হাৰাশাস্তি কৰিব নোৱাৰিব। আদালতে এজাহাৰ পোৱাৰ পিছত দুয়োপক্ষকে মাতি আনি সোধপোছ কৰি যদি সি এটা ”গোচৰ” হোৱাৰ যোগ্যতা অৰ্জন কৰে, তেতিয়াহে নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰিব পাৰিব।—- নতুন ন্যায় সংহিতাৰ বহু নতুন দিশৰ সন্দৰ্ভত বিস্তৃতভাবে আলোকপাত কৰি এইদৰে কয়–লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰসেনজিৎ দাসে। আজি লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ উদ্যোগত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত ”নতুন ন্যায় সংহিতাৰ সন্দৰ্ভত কৰ্মশালা”ত অংশগ্ৰহণ কৰি তেঁও এইদৰে কয়। ন্যায়াধীশ দাসে লগতে কয়- পুৰণি আইনখনৰ প্ৰায় ৮০ শতাংশ একে আছে যদিও নতুন আইনখনত প্ৰয়োজনীয় সম্পাদনা কৰা হৈছে। পুৰণি আইনত থকা ঔপনিৱেশিক শব্দবোৰ কৰ্তন কৰা হৈছে আৰু ভাৰতীয় শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। নতুন আইনখনৰ জড়িয়তে গোচৰৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক আৰু ডিজিটেল তথ্য-প্ৰমাণ আদালতত দাখিল কৰিব পাৰিব। একেদৰে দূৰৈত থকা সাক্ষীৰ ক্ষেত্ৰত ভিডিঅ’ কনফাৰেন্সিঙৰ ব্যৱস্থা আছে। পূৰ্বতে আদালতৰ ৰায় মানেই জেললৈ প্ৰেৰণ বা ফাঁচী বুলি ৰাইজে জানিছিল যদিও নতুন আইনত ”কমিউনিটি চাৰ্ভিচ” বুলি এক নতুন শাস্তিৰ পোষকতা কৰা হৈছে। সেইমৰ্মে আদালতে লঘু শাস্তিৰূপে কোনো দোষীক ৰাজহুৱা স্থান পৰিস্কাৰ বা ৰাজহুৱা স্থানত চৰকাৰী কৰ্মীক সহায় কৰাৰ শাস্তি প্ৰদান কৰিব। নতুন আইনে ”তৃতীয় লিংগ”ক বিচাৰ প্ৰক্ৰিয়াৰ আউটিলৈ আনিব। যোৱা ১ জুলাইৰ পৰা সমগ্ৰ দেশজুৰি প্ৰৱৰ্তন হোৱা এই আইনৰ আন এক উল্লেখযোগ্য় দিশ অৱতাৰণা কৰি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰসেনজিৎ দাসে কয়- আদালত গোচৰবোৰ মূলতঃ দুখীয়া মানুহৰেই অধিক। তেনেক্ষেত্ৰত দুখীয়া মানুহে অৰ্থৰ অভাৱত যাতে ন্য়ায় প্ৰাপ্তিত বাধা আহিব নোৱাৰে তাৰ বাবে ”লিগেল এইড ডিফেন্স কাউন্সিল চিষ্টেম” প্ৰৱৰ্তন কৰিছে। এই পদ্ধতিত প্ৰতিখন আদালততে দুখীয়া লোকক সহায় কৰিব পৰাকৈ চৰকাৰে অধিবক্তা নিয়োগ কৰিছে আৰু এনে অধিবক্তাই আৰ্তজনক বিনামূলীয়াকৈ আইনী সাহায্য প্ৰদান কৰিব। এইক্ষেত্ৰত জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাষ চাপিবলৈও তেঁও পৰামৰ্শ আগবঢ়ায়। লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি শৈলেন বৰুৱাই সঞ্চলনা কৰা আৰু সম্পাদক মুকুল ভূঞাই আঁত ধৰা অনুষ্ঠানত সমল ব্যক্তি প্ৰসেনজিৎ দাসক পোনতে এখন গামোচাৰে আদৰণি জনাই জিলা সংস্থাৰ সাংগঠনিক সম্পাদক কৰুণাকৃষ্ণ নাথে। জিলাখনৰ ভিন্ন প্ৰান্তত থকা ১০ টা প্ৰেছ ক্লাবৰ পৰা অহা অৰ্ধ শতাধিক সাংবাদিকে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সমল ব্যক্তিজনৰে মত বিনিময় কৰে। উল্লেখ্য যে দেশৰ যিকোনো প্ৰান্ততে কোনো লোক বিপদত পৰি আইন সাহায্যৰ প্ৰয়োজন হলে ১৫১০০ হেল্পলাইন নম্বৰ ব্য়ৱহাৰ কৰি নিজ জিলাৰ পৰা আইন সাহায্য লাভ কৰাৰ নতুন পদ্ধতিও আৰম্ভ হৈছে।WhatsApp Image 2024 08 11 at 7.31.57 PM e1723386013173

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More