‘‘নতুন পাটপথ’’ আৰু বিশ্ব ৰাজনীতি
ড॰ ৰক্তিম ৰঞ্জন শইকীয়া
আজিৰ পৰা শতাধিক বছৰৰ আগতেই ভূ-ৰাজনীতিৰ পিতৃপুৰুষ, ব্ৰিটিছ ৰণনীতি বিশাৰদ চাৰ হেলফৰ্ড মেকিণ্ডাৰে [Sir Halford Mackinder] এ ভূগোল আৰু ৰাজনীতি সংযোগ কৰি প্ৰথমবাৰৰ বাবে এটা সূত্ৰ আগবঢ়াইছিল। আজি পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীন দেশৰ নীতি নিৰ্ধাৰকসকলে মেকিণ্ডাৰৰ সূত্ৰ অধ্যয়ন কৰি কাৰ্যতঃ প্ৰয়োগ কৰি আহিছে। মেকিণ্ডাৰে যুক্তিৰে প্ৰতিপন্ন কৰিছে যে ইউৰেছিয়া ভূখণ্ডক নিয়ন্ত্ৰণ কৰিব পৰা শক্তিটোৱেই হ’ব পাৰিব বিশ্ব মহাশক্তি ।
আজিৰ পৰা ৫০০মান বছৰ আগতে যেতিয়াৰ পৰা মহাদেশ সমূহে ৰাজনৈতিকভাৱে লেনদেন আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই ইউৰেছিয়া ভূখণ্ড বিশ্বৰ শক্তিকেন্দ্ৰ ৰূপে পৰিগণিত হৈ আহিছে । যি মহাশক্তিয়ে ইউৰেছিয়া ভূখণ্ড নিয়ন্ত্ৰণ কৰিব পাৰিছে সিয়েই প্ৰকৃততে পৃথিৱীৰ সকলোতকৈ উন্নত আৰু আৰ্থিকভাৱে উৎপাদনশীল অংশ তিনিটাৰ দুটাক নিয়ন্ত্ৰণ কৰিব পাৰিছে । পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৭৫শতাংশ ইউৰেছিয়া ভূখণ্ডত বাস কৰে। সমগ্ৰ পৃথিৱীৰ জ্ঞাত শক্তিৰ উৎস সমূহৰ চাৰিভাগৰ তিনিভাগেই ইউৰেছিয়া ভূখণ্ডত অৱস্থিত । গতিকে যি শক্তিয়ে ইউৰেছিয়া ভূখণ্ডৰ সম্পদ সমূহ নিয়ন্ত্ৰণ কৰিব যিয়েই হ’ব অপ্ৰতিৰোধ্য বিশ্ব মহাশক্তি । যদি সমগ্ৰ ইউৰেছিয়া ভূখণ্ডৰ নিয়ন্ত্ৰণ কৰাতো সম্ভৱ নহয় তেতিয়া পৃথিৱীৰ ভাগ্যনিয়ন্ত্ৰা হোৱাৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ উপায়টো হ’ল পৃথিৱীৰ মহাসাগৰ সমূহত আধিপত্য বিস্তাৰ কৰা । মহাসাগৰ আৰু সমুদ্ৰপথবোৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থ হ’ল আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু ক্ৰান্তিক পণ্য সমূহৰ প্ৰৱাহৰ নিয়ন্ত্ৰণ কুক্ষিগত কৰা ।
১৯০০ চনৰ আশেপাশে ব্ৰিটিছ সাম্ৰাজ্য ইয়াৰ শক্তিৰ সৰ্বোচ্ছ সীমাত আছিল । সেই সময়ত ব্ৰিটিছ সাম্ৰাজ্য আছিল পৃথিৱীৰ অপ্ৰতিদ্বন্দ্বী নৌশক্তি । সেই সময়ত ইয়াৰ নৌ সেনা আস্থানসমূহে ইউৰেছিয়া ভূখণ্ডক উত্তৰ আট্লাণ্টিকাৰ পৰা ভূমধ্য সাগৰলৈ, পাৰস্য উপসাগৰৰ পৰা ভাৰত মহাসাগৰ তথা হংকঙলৈ আৱৰি আছিল । ব্ৰিটিছসকলৰ এই সক্ষমতাই তেওঁলোকক ইউৰেছিয়াৰ সকলো ৰাজনৈতিক সংঘটনত হস্তক্ষেপ কৰিব পৰা সামৰিক শক্তি ৰূপে প্ৰক্ষেপ কৰিছিল । দ্বিতীয় মহাসমৰৰ পাছত বিশ্বশক্তি হিচাপে ব্ৰিটিছসকলৰ শক্তি সীমিত হৈ পৰিল । তাৰ স্থান ল’লে নতুন বিশ্বশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰই । পূৰ্বৰ ব্ৰিটিছসকলৰ দৰেই আমেৰিকা যুক্তৰাষ্ট্ৰয়ো ইউৰেছিয়া ভূখণ্ডত সামৰিক আস্থানেৰে আৱৰি ৰাখি ইয়াৰ আদৰ্শগত বিভাজনসমূহৰ পৰা লাভ আদায় কৰাৰ ৰাজনীতিকে চলাই ৰখাৰ নীতি ল’লে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই নৌ ৰণনীতিৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ সঁজুলি হ’ল প্ৰতিখনত প্ৰায় ৫০০০ নাবিকৰ সৈতে ইয়াৰ বিমানবাহী জাহাজসমূহ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌবাহিনীৰ এনে ১১খন বিমানবাহী জাহাজ আছে যিটো সংখ্যা বিশ্বৰ বাকী সকলো দেশৰ মুঠ বিমানবাহী জাহাজ লগ লগালে যিমান হ’ব তাতোকৈও অধিক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানবাহী জাহাজসমূহ কেৱল সংখ্যাতে অধিক নহয়, শক্তি আৰু প্ৰযুক্তিগত দিশতো এইসমূহ বিশ্বৰ সকলোতকৈ বহুগুণে শ্ৰেষ্ঠ । সহজ ভাষাত ক’বলৈ গ’লে কোনো সামৰিক শক্তিয়ে ভৱিষ্যতেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাসমুদ্ৰৰ ওপৰত থকা আধিপত্যক প্ৰত্যাহ্বান জনাবলৈ সমৰ্থ নহ’ব । এই সকলো দিশলৈ লক্ষ্য ৰাখি চীনদেশৰ উদ্যোগত চীন, ৰাছিয়া আৰু অন্য কিছুমান আঞ্চলিক শক্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাসমুদ্ৰৰ ওপৰত থকা আধিপত্যক গুৰুত্বহীন কৰি দিবলৈ এক অভিলাসী আঁচনি হাতত লৈছে । ইউৰেছীয়া ভূখণ্ডক একীভূত চলোৱা প্ৰচেষ্টা সমূহৰ কেন্দ্ৰীয় প্ৰকল্পটোৱেই হৈছে ‘‘নতুন পাটপথ প্ৰকল্প’’ [New Silk Route Project]। এই আঁচনিখনৰ জৰিয়তে ইউৰেছীয়াক ভূপৃষ্ঠস্থিত এখন পৰিৱহণ জালিকাৰে একেলগ কৰিবলৈ যত্ন কৰা হৈছে । ইয়াৰ বাবে আৰ্থিক, ৰাজনৈতিক আৰু সামৰিক সহযোগিতাৰ বাবে কিছুমান সহযোগী অনুষ্ঠানো প্ৰতিষ্ঠা কৰা হৈছে । যদি এই আঁচনি সফল হয় তেতিয়া শতিকাযোৰা ভূ-ৰাজনৈতিক প্ৰতিৰক্ষামূলক চিন্তাধাৰাৰ অৱলুপ্তি ঘটিব ।
‘‘পাটপথ’’ [Silk Route] হ’ল ২০০০ বছৰৰ আগৰে পৰা গোবি মৰুভূমিৰ মাজেদি চীনদেশৰ পৰা ইউৰোপলৈ বিস্তৃত হৈ থকা বাণিজ্য পথ । এসময়ত এই পথেদিয়েই চীনদেশে ৰোমলৈ পাটৰ কাপোৰ আৰু চীনামাটিৰ সামগ্ৰী ৰপ্তানি কৰিছিল আৰু পাৰস্যৰ পৰা ইছলাম ধৰ্ম আৰু ভাৰতৰ পৰা বৌদ্ধধৰ্ম আমদানি কৰিছিল । হাজাৰ বছৰৰ আগৰে পৰাই পশ্চিমৰ দেশ সমূহৰ বাবে অতিশয় মহাৰ্ঘ পাটসূতাৰ ব্যৱসায় চলা প্ৰাচীন চিল্কৰুট বা পাটপথ আছিল সেই সময়ৰ পৃথিৱীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ স্থলপথ । ৪০০০ মাইল জোৰা এই পথ বিভিন্ন সাম্ৰাজ্য আৰু সভ্যতাৰ মাজেৰে পাৰহৈ চীনদেশ আৰু ইউৰোপক সংযোগ কৰিছিল । এই পথেদিয়েই বিখ্যাত সদাগৰ পৰ্টযক মাৰ্কোপলোৱে পূবৰ দেশবোৰলৈ ভ্ৰমণ কৰিছিল । এই পথেদিয়েই এসময়ত মাৰ্কোপলোৱে চীনদেশত প্ৰৱেশ কৰিছিল । এই সুপ্ৰাচীন বাণিজ্য পথটিকে পুনৰজীৱিত কৰি আধুনিক ৰূপ দিবলৈ যত্ন কৰা হৈছে । প্ৰাচীন কালত পৰিৱহণৰ মাধ্যম উটৰ পৰিৱৰ্তে আজি চীনদেশে প্ৰাচীন ‘‘পাটপথ’’ক অত্যাধুনিক ‘‘ট্ৰেনজিত কৰিডৰ’’ৰ যোগেদি পুনৰজীৱিক কৰিবৰ বাবে আঁচনি হাতত লৈছে । এই কৰিডৰসমূহত থাকিব উচ্চ গতি সম্পন্ন ৰেলপথ, আধুনিক ৰাজপথ, অপটিক্ ফাইবাৰ কেবল, শক্তিৰ পাইপ লাইন, বিমান ঘাটি আদি । এই কৰিডৰসমূহে ইউৰোপৰ আট্লাণ্টিক উপকূলসমূহক এচিয়াৰ প্ৰশান্ত মহাসাগাৰৰ উপকূলসমূহৰ লগত লগাব । এইটো প্ৰকৃততেই অসম্ভৱপ্ৰায় লক্ষ্য । সকলো যদি আঁচনি মতে হয়, তেতিয়া বেইজিঙৰ পৰা এখন ৰেলগাড়ী ২ দিনত লণ্ডনত উপস্থিত হ’ব পাৰিব।(ইংলিছ প্ৰণালীৰ তলেদি ‘‘ইউৰো’’ সুৰংগৰ মাজেদি)। এই প্ৰকল্পৰ জৰিয়তে চীনদেশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমান ,চলি থকা আৰ্হিসমূহ অকামিলা প্ৰমাণ কৰি দিবলৈ যত্নপৰ হৈছে । আজিলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট বিট্ৰেইনে বিশ্বৰ ভূ-ৰাজনীতি প্ৰভাৱান্বিত কৰিবলৈ যি সমূহ কুটনীতি ব্যৱহাৰ কৰি আহিছে সেই সমূহক এই আঁচনিৰে অৰ্কমণ্য প্ৰতিপন্ন কৰি দিব পৰা হ’ব । এই আঁচনিৰ সফল ৰূপায়ণ হ’লে দ্বিতীয় মহাসমৰৰ পাছত প্ৰথমবাৰৰ বাবে বিশ্বশক্তিৰ ভাৰসাম্যৰ সলনি হ’ব।
‘‘নতুন পাটপথ প্ৰকল্প’’ হৈছে আজিৰ পৃথিৱীৰ সকলোতকৈ অধিক অভিলাসী আন্তঃগাঁথনি প্ৰকল্প । ‘‘নতুন পাটপথ’’ হ’ল আজিৰ চীনদেশৰ অগ্ৰাধিকাৰ ভিত্তিক বৈদেশিক নীতি । এই প্ৰকল্পক ‘‘এক আবেষ্টন এক পথ প্ৰচেষ্টা’’ [One Belt One Road Initiative] নামেৰেও জনা যায় । এই প্ৰকল্পত অকল চীনদেশেই সমগ্ৰ বিশ্বজুৰি ২০০ নিযুত আমেৰিকান ডলাৰ বিনিয়োগ কৰিব । আঁচনিমতে ‘‘নতুন পাটপথ’’ আৰম্ভ হ’ব চীনদেশৰ ‘জি’ (Xi) নামৰ নগৰখনৰ পৰা । তাৰ পাছত ই পশ্চিমলৈ গান্চু প্ৰদেশৰ (Gansu province) লান্ঝো (Lanzhou), জিনজিয়াং (Xinjiang) প্ৰদেশৰ কাজাখাস্থান সীমান্তৰ উৰুম্কি (Urumqi) আৰু খৰগাচ (Phorgas) নগৰ পাবগৈ । তাৰ পাছত কাজাখাস্থানৰ পৰা এই পথ ইৰাণ, ইৰাক, চিৰিয়া হৈ তুৰস্কৰ ইষ্টানবুল চহৰ পাবগৈ । তাৰপাছত এই পথে বচফোৰাচ প্ৰণালী অতিক্ৰম কৰি উত্তৰ পশ্চিম দিশেদি ইউৰোপত প্ৰৱেশ কৰিব । ইউৰোপৰ বুলগেৰিয়া, ৰোমানিয়া, চেক গণতন্ত্ৰৰ মাজেদি গৈ জাৰ্মানীৰ ডয়েচবাৰ্গ নগৰ পাবগৈ । ক্ৰমে ই উত্তৰমুৱা হৈ নেদাৰলেণ্ডৰ ৰটাৰডাম নগৰী পাবগৈ । ৰটাৰডামৰ পৰা এই পথ দক্ষিণমুৱা হৈ ইটালীৰ ভেনিচ পাবগৈ । ভেনিচত ই সাগৰীয়া পাটপথ নামৰ প্ৰস্তাৱিত সমুদ্ৰপথৰ লগ লাগিব ।
‘‘নতুন পাটপথ প্ৰকল্প’’ হ’ল মানৱ ইতিহাসৰ সকলোতকৈ বৃহৎ আন্তঃগাঁথনি প্ৰকল্প । ইয়াৰ ৰূপায়ণে পৃথিৱীৰ আৰ্থিক মানচিত্ৰখন সম্পূৰ্ণ নতুনকৈ অংকন কৰিব । ই যদি সম্পূৰ্ণ হয় তেন্তে ইয়াৰ যোৱা ১০০ বছৰৰ ভিতৰত সকলোতকৈ বৃহৎ ভূ-ৰাজনৈতিক সমীকৰণ সলনিৰ সক্ষমতা থাকিব । ইউৰেছিয়া ভূখণ্ডক স্থলপথেৰে সংযোগ কৰি ইয়াক সাগৰীয়া পৰিৱহণ ব্যৱস্থাৰ পৰা মুক্ত কৰিব পৰা যাব । ইয়াৰ জৰিয়তে সাগৰীয় পথৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজনীয়তাও কমি যাব । এই কথাটোৱেই বিশ্ব ক্ষমতাৰ মৌলিক কাঠামটো নতুনকৈ আকাৰ দিব । ঠিক এইটোকে ৰুছিয়া আৰু চীনদেশে কামনা কৰে । ২০১৩ চনৰ শেষৰ ফালে চীনা ৰাষ্ট্ৰপ্ৰধান জিনপিঙে (XiJinping) নতুন পাটপথ নীতিৰ ঘোষণা কৰে । চীনাসকল অতি সাৱধানী আৰু দীৰ্ঘকালীন পৰিকল্পনাকাৰী । যেতিয়াই তেওঁলোকে একো একোটা সিদ্ধান্ত লয় তেওঁলোকে তাক কাৰ্যত পৰিণত কৰিবৰ বাবে অন্তঃকৰণেৰে কাম কৰে । ইয়াৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয় ৰাজনৈতিক ইচ্ছাশক্তি আছে । ইয়াৰ লগতে তেওঁলোকৰ আৰ্থিক আৰু প্ৰযুক্তিগত সক্ষমতাও আছে ।
যদিও নতুন পাটপথৰ আঁচনিখন এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে; কিন্তু ইয়াৰ কিছু গুৰুত্বপূৰ্ণ অংশৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে । ২০১৫ চনৰ ১৮ নৱেম্বৰত এখন মালবাহী ৰেলগাড়ীয়ে চীনদেশৰ ইউ (Yiwu) নগৰৰ পৰা স্পেইনৰ মাদ্ৰিদ নগৰলৈ যাত্ৰা আৰম্ভ কৰি ২১ দিনৰ মূৰত গন্তব্যস্থানত উপস্থিত হৈছিলগৈ । ইউৰেছিয়া ভূখণ্ডৰ মাজেদি ইউ-মাদ্ৰিদ ৰেলপথেদি এইটো প্ৰথমটো সামগ্ৰীৰ চালান যাত্ৰা আছিল । এই ৰেলপথটো এতিয়া পৃথিৱীৰ সকলোতকৈ দীঘল ৰেলপথ । এই ৰেলপথটোৱেই নতুন পাটপথৰ প্ৰথমটো উপাংশ ।
প্ৰকৃততে ‘‘নতুন পাটপথ’’ আহিব ধৰা সময়ৰ নতুন ভূ-ৰাজনীতিৰ এটা দিশহে মাত্ৰ । যোৱা কিছুদিন ধৰি বিশ্বৰাজনীতিত হৈ থকা কিছুমান সুক্ষ্ম পৰিৱৰ্তন পৰ্যবেক্ষকসকলে লক্ষ্য কৰি আহিছে । ২০১৫ চনত কেইবাটাও নতুন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ গঠন হ’ল । এই সকলো সাংগঠনিক আয়োজন ইউৰেছিয়া ভূখণ্ডত আহিব লগা সময়ৰ নতুন ৰাজনৈতিক-অৰ্থনৈতিক ভাৰসাম্যক সমৰ্থন দিবৰ বাবে তৈয়াৰ কৰা কেতবোৰ প্ৰতিষ্ঠানিক ব্যৱস্থাহে মাত্ৰ । আহিব লগা বিশ্বৰ এক নতুন অৰ্থনৈতিক সমীকৰণৰ ৰূপৰেখা ইতিমধ্যেই তৈয়াৰ হ’বলৈ আৰম্ভ হৈছে । ইয়াৰ বাবে গঠন হৈছে এলানি আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতা সংস্থাৰ ।
২০১৪ চনত চীনদেশে নতুন পাটপথ আঁচনিখনক সন্মুখত ৰাখিয়েই গঠন কৰে এচীয় আন্তঃগাঁথনি বিনিয়োগ বেংক (Asian Infrastructure Investment Bank) চমুকৈ । এই বেংকৰ বাবে চীনদেশে প্ৰাৰম্ভতে ১০০ নিযুত ডলাৰ মূলধন বিনিয়োগ কৰিছে । AIIB হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰভাৱ বিস্তাৰ কৰি থকা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (International Monetary Fund বা IMF) আৰু বিশ্ব বেংকৰ ইউৰেছীয় সংস্কৰণ । চীনদেশ, ৰাচিয়া আৰু ভাৰতবৰ্ষ হ’ব AIIB ৰ মুখ্য অংশীদাৰ আৰু সিদ্ধান্ত গ্ৰহণকাৰী । মূলতঃ ইউৰেছীয়াৰ ৬০ খন দেশে এই নতুন বেংকটোত যোগদান কৰিবলৈ সন্মতি জনাই ইতিমধ্যে স্বাক্ষৰ প্ৰদান কৰিছে । লক্ষণীয়ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ সহযোগী জাপানে ইয়াত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছে । ইয়াৰ পৰিৱৰ্তে আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ পুৰণা সংগী গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীক AHBত সহযোগ কৰাৰ পৰা বিৰত ৰাখিবলৈ বিফল প্ৰচেষ্টা চলাই নিজে অতি লজ্জাজনক পৰিস্থিতিৰহে মুখামুখী হ’ল ।
ইউৰেছীয়া ভূখণ্ডৰ একীকৰণৰ পৰা হ’ব পৰা আৰ্থিক লাভালাভ আদায় কৰাৰ অন্যতম উদ্দেশ্য আগত ৰাখিয়েই ব্ৰাজিল, ৰাচিয়া, ভাৰত, চীনদেশ আৰু দক্ষিণ আফ্ৰিকাক লৈ গঠিত হৈছে BRICS নামৰ সংগঠনটোৰ । BRICS দেশ সমূহে ২০১৫ চনৰ জুলাইত AIIB ৰ দৰেই গঠন কৰিছে ‘‘নৱ বিকাশ বেংক’’ (New Development Bank বা NDB) নামৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থ সংস্থাটোৰ । ১০০ নিযুত ডলাৰ মূলধনেৰে গঠন হোৱা NDB ৰ মুখ্য কাৰ্যালয় চীনদেশত আৰু ইয়াৰ মূৰব্বীজন হ’ল কে.ভি. কামাথ নামৰ ভাৰতীয় অৰ্থনীতিবিদজন । NDB আৰু AIIB পৰস্পৰ পৰিপূৰকহে হ’ব প্ৰতিযোগী নহ’ব । NDB এ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাতো আন্তঃগাঁথনি প্ৰকল্পত বিনিয়োগ কৰিব । ইয়াৰ জৰিয়তে NDBএ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহৰহ আৰ্থিক হেঁচাৰ পৰা নিজকে আঁতৰত ৰাখিব পাৰিব বুলি আশা কৰা হৈছে ।
ইয়াৰ উপৰি BRICS দেশসমূহে এতিয়া SWIFT নামৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থসঞ্চালন জালিকা (International payments networks) খনৰো বিকল্প ব্যৱস্থাৰ বিষয়ে চিন্তা চৰ্চা চলাই আছে । SWIFT জালিকাখন আজিৰ বিশ্ব অৰ্থব্যৱস্থাৰ বাবে এক এৰাব নোৱাৰা অংগ । ইয়াৰ অবিহনে এখন ৰাষ্ট্ৰৰ কোনো বেংকৰ পৰা অন্য এখন ৰাষ্ট্ৰৰ কোনো বেংকলৈ অৰ্থ সৰবৰাহ কৰাটো প্ৰায় অসম্ভৱ । ২০১২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণক ব্যৱস্থাটোৰ পৰা উলিয়াই দিবলৈ সক্ষম হয় । এই ঘটনাটোৱে ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সক্ষমতা বহু পৰিমাণে সীমাবদ্ধ কৰি পেলালে । এই ঘটনাই SWIFT ক যে আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে তাকো উলংগ ভাৱে প্ৰদৰ্শন কৰিলে । শেহতীয়াকৈ ইউক্ৰেইন আক্ৰমণৰ বাবে ৰাছিয়াকো SWIFT ৰ পৰা উলিয়াই দিয়া হ’ল । শক্তিৰ ভাৰসাম্য ৰক্ষাৰ বাবেই BRICS ৰ দেশসমূহে নিজাকৈ এটা আন্তঃৰাষ্ট্ৰীয় অৰ্থসঞ্চালন জালিকা তৈয়াৰ কৰাৰ চেষ্টাত আছে ।
২০১৫ চনৰ জানুৱাৰীত ৰাছিয়াই গঠন কৰে ইউৰেছীয় অৰ্থনৈতিক ইউনিয়ন (Eurasian Economic Union বা EEU) নামৰ অৰ্থনৈতিক জোঁটবন্ধনটোৰ । এই সংস্থাটোৰ জৰিয়তে ৰাছিয়া, বেলাৰুচ, কাজাখাস্থান, কিৰঘিস্থান আৰু আৰ্মেনীয়াৰ মাজেৰে বাণিজ্য সামগ্ৰীৰ শুল্ক যাতায়াত হ’ব । অন্য ইচ্ছুক দেশও এই জোঁটটোত যোগদান কৰিব পাৰিব । EEU এ ইতিমধ্যে ভাৰত, ভিয়েটনাম, ইৰাণ আদিৰ দেশৰ লগত আলোচনা আৰম্ভ কৰিছেই । EEUএ পৰ্যায়ক্ৰমে নতুন পাটপথেদি সকলো বাণিজ্যিক নিষেধাজ্ঞা অতিক্ৰম কৰি সম্প্ৰসাৰণ ঘটাই যাব পাৰিব বুলি আশা কৰা হৈছে । ইজিপ্ত, আৰ্জেণ্টিনা, পাৰাগুৱে, উৰুগুৱে আৰু ভেনিজুৱেলাইও EEUৰ লগত কথাবাৰ্তা আৰম্ভ কৰিছে । অৰ্থনৈতিক সহযোগিতা সংস্থা সমূহৰ সমান্তৰালভাৱে সামৰিক সহযোগিতাৰো নতুন দুৱাৰ মুকলি কৰিব খোজা হৈছে।…. চনৰ…. তাৰিখে গঠন কৰা হৈছে ‘‘চাংহাই সহযোগিতা সংস্থা’’ (Shanghai Co-operation Organisation বা SCO) নামৰ আন্তঃৰাষ্ট্ৰীয় সামৰিক সহযোগিতাৰ সংস্থাটো । SCO ৰ বৰ্তমানৰ সদস্য হ’ল চীনদেশ, ৰাছিয়া, কাজাখাস্থান, কিৰঘিজস্থান, তাজিকিস্থান আৰু উজবেকিস্থান । ২০১৬ চনৰ ভিতৰত ভাৰত আৰু পাকিস্থানেও ইয়াত যোগদান কৰাৰ কথা আছিল । ভৱিষ্যতেও ইৰাণো ইয়াৰ সদস্য হ’ব ।
ইউৰেছীয়া ভূখণ্ডৰ একীকৰণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াক বিফল কৰিবৰ বাবে লোৱা বিভিন্ন প্ৰচেষ্টাই আগন্তুক দহটা বছৰত বিশ্ব ৰাজনীতি আবৰি থাকিব বুলি অনুমান কৰা হৈছে । বিট্ৰিছ সাম্ৰাজ্যৰ বেলি বুৰ নোযোৱাৰ সময়ত ৰাছিয়া-বিট্ৰেইনৰ বিখ্যাত ‘‘গ্ৰেটগেম’’ আন্তৰ্জাতিক কুটনীতিৰ জৰিয়তে এক নতুন ধৰণৰ ৰাজনীতিৰ আখৰা পৃথিৱীত আৰম্ভ হৈছিল । আজিৰ পৃথিৱীত নতুন ‘‘নতুন পাটপথ’’ক কেন্দ্ৰ কৰি আৰম্ভ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যদেশসমূহৰ এক নতুন ‘‘গ্ৰেটগেম’’। ইউৰেছীয়া ভূখণ্ডক একীভূত কৰিবলৈ হোৱা প্ৰচেষ্টা আৰু ইয়াক প্ৰতিহত কৰিবলৈ চলোৱা প্ৰতিৰোধৰ কূটনীতিয়েই হৈছে নতুন শতিকাৰ ‘‘নতুন বৃহৎ খেল’’…The New Great Game ।
‘‘নতুন পাটপথ’’, এচীয় আন্তঃগাঁথনি বিনিয়োগ বেংক, BRICS, ‘‘নৱ বিকাশ বেংক’’ বিকল্প SWIFT কাঠাম, ইউৰেছীয় অৰ্থনৈতিক ইউনিয়ন, ‘‘চাংহাই সহযোগিতা সংস্থা’’ এই সকলোবোৰ হৈছে আহিব লগা সময়ৰ নতুন পৃথিৱীৰ মূলস্তম্ভ । এই প্ৰকল্পসমূহত সঠিক সময়ত বিনিয়োগ কৰিব পৰা দেশ সমূহেই নিয়ন্ত্ৰণ কৰিব ভৱিষ্যতৰ পৃথিৱীৰ অৰ্থনৈতিক বুনিয়াদ । ইতিমধ্যেই ‘‘নতুন পাটপথ’’ক কেন্দ্ৰ কৰি আন্তৰ্জাতিক ৰাজনৈতিক সমীকৰণসমূহ হ’বলৈ আৰম্ভ হৈছেই । কিছু ক্ষেত্ৰত সন্দেহ আৰু শংকাৰ ভাৱো আহিছে । কিৰঘিজস্থানে বেইজিঙৰ লগত সম্পৰ্কত ভাৰসাম্য আনিবলৈ মস্কোৰ লগত উন্নত সম্পৰ্ক স্থাপন কৰিছে । তুৰস্কতো বেইজিঙৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হৈ পৰিবলগীয়া হ’ব বুলি শংকাৰ সৃষ্টি হৈছে । ভাৰতেও ‘‘নতুন পাটপথ’’ৰ অন্তৰ্গত ‘‘চীন-পাকিস্তান অৰ্থনৈতিক প্ৰৱেশ পথ’’ (China-Pakistan Economic Corridor চমুকৈ C-PEC] ক লৈ তীব্ৰ আপত্তি দৰ্শাই আহিছে । বৰ্তমান পাকিস্তান অধিকৃত বিবাদমান গিলগিট-বাল্টিস্তানৰ মাজেদি গৈ বেলুচিস্তানৰ গোৱাদাৰ বন্দৰলৈ প্ৰস্তাৱিত C-PECক লৈ ভাৰতৰ লগতে বেলুচসকলেও বিৰোধিতা কৰি আহিছে । ইতিমধ্যে পাকিস্তানৰ সেনা-ৰাজনৈতিক নেতাসকলৰ অবাধ দুৰ্নীতি, ভাৰতৰ বিৰোধিতা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনীতিৰ বাবে C-PEC বন্ধ হৈ পৰিছে । ইয়াত চীনদেশৰ বহু মূলধন ইতিমধ্যে পানীত পৰিছে ।
‘‘নতুন পাটপথ’’ দেখাত এক আন্তৰ্জাতিক সহযোগিতাৰ অংশ যদিও ইয়াৰ জৰিয়তে চীনদেশৰ নিজকে বিশ্বশক্তি হিচাপে প্ৰক্ষেপ কৰাৰ বাসনাও লুকাই আছে । বিশেষকৈ ‘‘নতুন পাটপথ’’ৰ পৰবৰ্তী পৰ্যায় ‘‘২১ শতিকাৰ সামুদ্ৰিক পাটপথ’’ (21th Century Maritime) ভাৰতক সমুদ্ৰত আৱেষ্টন কৰাৰ পৰিকল্পনা বুলিও সন্দেহ কৰা হয় । ইয়াক প্ৰতিৰোধ কৰিবলৈ ভাৰতেও যাৱতীয় কূটনীতি আৰম্ভ কৰিছে । বলকান অঞ্চল দেশ মণ্টেনেগ্ৰো ইতিমধ্যে ‘‘নতুন পাটপথ’’ৰ যোগেদি চীনদেশৰ ঋণ ফান্দত সোমাই পৰাত সেইদেশৰ চৰকাৰে ‘‘নতুন পাটপথ’’ৰ পৰা ওলাই আহিছে । বিশ্বজোৰা ক’ভিদ-১৯ মহামাৰীৰ বাবে সমগ্ৰ পৃথিৱীতে চীনদেশৰ বিশ্বাসযোগ্যতা হ্ৰাস পালে । লাডাখৰ গালোৱানৰ সংঘৰ্ষৰ পাছত ভাৰতো ‘‘নতুন পাটপথ’’ দুৰ্ঘোৰ বিৰোধী হৈ উঠিছে । BRICS কে ধৰি আঞ্চলিক সহযোগিতা সংস্থাবোৰৰ প্ৰতি ভাৰতৰ মনোভাৱ কুহুমীয়া হৈ পৰাত এই সমূহৰ সফলতাৰ প্ৰতিও সন্দেহ আহিছে । এই সমূহ সীমাবদ্ধতাৰ বাবে ‘‘নতুন পাটপথ’’ প্ৰকল্পৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত শক্তিৰ ভাৰসাম্য সলনি হ’ব বুলি যি আশা কৰা হৈছিল সেয়া কমি আহিছে ।
(লেখকৰ ঠিকনাঃ সহকাৰী অধ্যাপক,
ভূতত্ত্ব বিভাগ, জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট-৭৮৫০০১, ফোনঃ ৯৮৫৯৩ ৮৮৭১৭