নতুন পাঠ্যক্ৰমেৰে আৰম্ভ হ’ব আছাম স্কুল অৱ জাৰ্নেলিজম

প্ৰত্যাশা ফাউণ্ডেচনৰ সঞ্চালকদ্বয় মনোৰম গগৈ আৰু ডঃ নীলাক্ষী কলিতাৰ ঘোষণা

0 19

গুৱাহাটী, ১৭ আগষ্ট : ২০১১ বৰ্ষৰ পৰা ব্যৱহাৰিক সাংবাদিকতা পাঠ্যক্ৰমেৰে সহস্ৰাধিক শিক্ষার্থীক ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত হোৱাত সহায় কৰা আছাম স্কুল অৱ জাৰ্নেলিজম নতুন কাৰ্যসূচীৰে পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ সাজু হৈছে। প্ৰত্যাশা ফাউণ্ডেচনৰ উদ্যোগত আছাম স্কুল অৱ জাৰ্নেলিজমত পুনৰবাৰ ব্যৱহাৰিক পাঠ্যক্ৰমেৰে ২০২২ চনৰ শিক্ষাবৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া বুধবাৰৰ পৰা আৰম্ভ হৈছে। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা শ্ৰেণীসমূহ আছাম স্কুল অৱ জাৰ্নেলিজমৰ শিলপুখুৰীস্থিত নতুন কেন্দ্ৰত আৰম্ভ হ’ব। গুৱাহাটী মহানগৰীৰ উজান বজাৰস্থিত থলুৱা সম্ভাৰৰ উদ্যোক্তা ‘থলগিৰি’ত অনুষ্ঠিত এখন বৈঠকত এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰিছে প্ৰত্যাশা ফাউণ্ডেচনৰ সঞ্চালকদ্বয় মনোৰম গগৈ আৰু ড° নীলাক্ষী কলিতাই। বৈঠকত কৌশল বিকাশ আৰু গৱেষণা কেন্দ্ৰ এটাও আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা ঘোষণা কৰে সঞ্চালকদ্বয়ে। ঘোষিত এই ব্যৱহাৰিক সাংবাদিকতা পাঠ্যক্ৰমত বিশেষভাবে ছপা মাধ্যম তথা বৈদ্যুতিন মাধ্যমৰ উপৰি ডিজিটেল কমিউনিকেচন আৰু মাৰ্কেটিঙৰ বিশেষ পাঠ্যক্ৰম সুবিধা উপলব্ধ হ’ব। পাঠ্যক্ৰম সন্দৰ্ভত সঞ্চালক মনোৰম গগৈয়ে কয়- এগৰাকী শিক্ষাৰ্থীয়ে এই পাঠ্যক্ৰমৰ দ্বাৰা স্ব-নিৰ্ভৰশীল হৈ স্বচ্ছলভাৱে প্ৰতিষ্ঠিত হোৱাত সহায় কৰাটোৱেই হৈছে প্ৰত্যাশা ফাউণ্ডেচনৰ লক্ষ্য আৰু উদ্দেশ্য। সাম্প্ৰতিক সময় আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই ৰাষ্ট্রীয় শিক্ষানীতি- ২০২০ৰ আধাৰত এই পাঠ্যক্ৰম উন্নীতকৰণ কৰি প্ৰস্তুত কৰা হৈছে বুলি আন এগৰাকী সঞ্চালক ডঃ নীলাক্ষী কলিতাই জনাইছে। আজিৰ অনুষ্ঠানত বহুসংখ্যক বিশিষ্ট ব্যক্তি তথা শিক্ষা আৰু সংবাদ মাধ্যমৰ ব্যক্তি উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More