নতুন বছৰত গুৱাহাটীত এটি অত্যাধুনিক “আৰ্ট গেলেৰী” নিৰ্মাণ কৰক– বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰী
নীল পৱন বৰুৱা আৰু পুলক গগৈৰ কায়িক অবৰ্তমানে মোক নিসংগ কৰি তুলিছে - মোৰ দায়িত্ব এতিয়া বৃদ্ধি হ'ল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৩০ ডিচেম্বৰ : ৰাজ্যখনত সম্প্ৰতি সকলো ক্ষেত্ৰতে উন্নয়নৰ চকুত লগা দৃশ্যই ৰাজ্যবাসীক আহ্লাদিত কৰি তুলিছে যদিও অসমীয়া চিত্ৰকলা শিল্প ক্ষেত্ৰখনৰ পুতৌলগা অৱস্থা প্ৰত্যক্ষ কৰিয়েই কায়িক ভাৱে আমাৰ মাজৰ পৰা প্ৰায় একে সময়তে আঁতৰি গ’ল পুৰোধা চিত্ৰশিল্পী পুলক গগৈৰ লগতে নীল পৱন বৰুৱা। এই দুগৰাকী নমস্য চিত্ৰশিল্পীৰ কায়িক অবৰ্তমানত মই বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ। এই অনুভৱৰ মাজতে এতিয়া অধিক দায়িত্ব বাঢ়িল যেন এতিয়া মোৰ বোধ হৈছে বুলি কালি তেজপুৰত সাংবাদিকৰ আগত এক অন্তৰংগ মুহূৰ্তত মন্তব্য কৰে ৰাজ্যখনৰ বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে। উল্লেখ্য যে ইংৰাজী বৰ্ষৰ শেষৰ সময়ছোৱাত শোণিতপুৰ আৰু অৰুণাচল প্ৰদেশৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ সপৰিয়ালে অহা বিশিষ্ট চিত্ৰশিল্পী গৰাকীয়ে কালি সন্ধিয়া এক সৌহাদ্যমূলক পৰিৱেশত তেজপুৰৰ একাংশ সাংবাদিকৰে হোৱা অন্তৰংগ আলাপত অসমৰ উঠি অহা প্ৰজন্মৰ বুজন সংখ্যক চিত্ৰশিল্পী কাম কাজত আশাৰ বতৰা প্ৰত্যক্ষ কৰিছোঁ বুলি চিত্ৰশিল্পী সকলক নিৰ্দিষ্ট বিষয়ৰ ওপৰত অধ্যয়নৰ যথেষ্ট প্ৰয়োজন আৰু গৱেষণালব্ধ ভাৱে নিজৰ নিজৰ শিল্প কৰ্মত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। প্ৰসংগ ক্ৰমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এগৰাকী ডাইনামিক মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰি সকলো ক্ষেত্ৰতে উন্নয়ন পৰিলক্ষিত হৈছে যদিও গুৱাহাটী বা অন্য ঠাইত বিজ্ঞান সন্মত অধিক উন্নতমানৰ এখন “আৰ্ট গেলেৰী” ৰ অভাৱে চিত্ৰশিল্পী সকলক সমস্যাৰ সন্মুখীন কৰাইছে বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত আগন্তুক নৱবৰ্ষতে গুৱাহাটীত এটা উন্নতমানৰ “আৰ্ট গেলেৰী” নিৰ্মাণৰ ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনায় কয় – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কাম কৰিম বুলি ভাৱিলে অতি কম সময়তে কৰি দেখুৱাব পাৰে বুলিও মন্তব্য কৰি এই কাম হৈ উঠিলে চিত্ৰশিল্পী সকলৰ দীৰ্ঘদিনীয়া এক অভাব দূৰ হ’ব বুলি কয়। তেজপুৰ তথা শোণিতপুৰৰ সৌন্দৰ্য্যই চিত্ৰশিল্পী গৰাকীক সদায় হাতবাউল দি মাতে বুলি মন্তব্য কৰি ইয়াৰ প্ৰাকৃতিক শোভাই সৃষ্টিশীলতাৰ উন্মেষ ঘটাই বুলি কৈ মন গ’লেই বা সময় পালে তেনে পৰিৱেশৰ সোৱাদ ল’বলৈ ওলাই আহে বুলি কয়। প্ৰকৃতিৰ সুবিমল শোভাই সকলো সৃষ্টিশীল লোককে সৃষ্টিন্মুখ কৰি তোলে আৰু সেয়েহে চিত্ৰশিল্পী সকলে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত পাৰ কৰিবলৈ পালে মানসিক প্ৰশান্তিৰ লগতে নতুন নতুন সৃষ্টিৰ সমল বিচাৰি পাই বুলি কয়। উল্লেখ্য যে, চিত্ৰশিল্পী গৰাকীয়ে সহধৰ্মিনী, দুই কন্যা, জোঁৱাইৰ সৈতে যোৱা দুটা দিন ভালুকপুঙৰ প্ৰশান্তি অতিথিশালাত থাকি ভালুকপুঙৰ লগতে নামেৰী আৰু অৰুণাচল প্ৰদেশৰ কিছু অঞ্চলৰ প্ৰাকৃতিক শোভা উপভোগ কৰি আহি কালি সন্ধিয়া তেজপুৰৰ আত্মীয়ৰ ঘৰত পাৰ কৰাৰ মুহূৰ্তত একাংশ সাংবাদিকৰ সৈতে অন্তৰংগ আলাপ কৰে। আলাপৰ মাজতে আগন্তুক ইংৰাজী নৱবৰ্ষৰ বাবে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰি অসমৰ চিত্ৰশিল্পী সকলৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ অৰ্থে গুৱাহাটীত অত্যাধুনিক “আৰ্ট গেলেৰী” এটি নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনায়।