নদীবান্ধ আন্দোলনৰ সুফল- ২৭১ মিটাৰলৈ বাঢ়িল মূলবান্ধৰ প্ৰস্থ

৩৮০০ মেগাৱটৰ উজনি আৰু মধ্য প্ৰকল্প দুটা নিৰ্মাণৰ বাবে এন এইচ পি চিক দায়িত্ব অৰ্পণ

0 49

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব আৰু দুটা বৃহৎ নদীবান্ধ প্ৰকল্পঃ সোৱণশিৰি নদীতে উৎপাদন হ’ব ৫৮০০ মেগাৱাট বিদ্যুৎ শক্তি

প্ৰকল্পস্থলীৰ পৰা শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৯ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখৰ সোৱণশিৰি নদীৰ ওপৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয় ইয়াৰ বুকুত শীঘ্ৰে নিৰ্মাণ হ’ব আৰু দুটা বৃহৎ নদীবান্ধ ৷ সোৱণশিৰি নদীৰ নামনিৰ লগতে উজনি আৰু মধ্যত এই প্ৰকল্প নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ গেৰুকামুখত নিৰ্মীয়মান ২০০০ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণত বৰ্তমান পাঁচ সহস্ৰাধিক শ্ৰমিক কৰ্মচাৰীয়ে দিনে নিশাই ক্ষিপ্ৰ গতিত প্ৰকল্পৰ কামকাজ আগবঢ়াই নিবলৈ সক্ষম হোৱাত এন এইচ পি চি কৰ্তৃপক্ষক তেওঁলোকৰ কৰ্মদক্ষতাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে পুৰস্কাৰৰূপে যোৱা ডিচেম্বৰ মাহতে সোৱণশিৰিৰ বুকুত নিৰ্মাণ হ’ব লগা আন দুটা বৃহৎ নদীবান্ধো নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছে৷ গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্পস্থলী পৰিভ্ৰমণকালত লখিমপুৰৰ এটা সাংবাদিক দলক এন এইচ পি চিৰ পৰামৰ্শদাতা এ এন মহম্মদে এই কথা অৱগত কৰে৷ IMG 20220909 WA0035তেওঁ প্ৰকল্পস্থলীত আৰু কয় যে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ সেউজ সংকেতত সোৱণশিৰিৰ বুকুৰ পৰাই ৫, ৮০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰি লৈছে৷ সেয়েহে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে-লগে এন এইচ পি চি কৰ্তৃপক্ষই মধ্য সোৱণশিৰিত নিৰ্মাণ হ’ব লগা ১৮০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম টামেন প্ৰকল্প আৰু উজনি সোৱণশিৰিত সোৱণশিৰি নৈৰ উপনৈ কমলা নদীত নিৰ্মাণ হ’ব লগা ২০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম কমলা জলবিদ্যুৎ প্ৰকল্প দুটা নিৰ্মাণৰ কাম হাতত ল’ব৷ উল্লেখ্য যে টামেন জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণৰ বাবে পূৰ্বে জিণ্ডাল পাৱাৰ কৰ্পৰেচন নামৰ ব্যক্তিগত এটা সংস্থাক আৰু উজনি সোৱণশিৰিৰ কমলা নদী প্ৰকল্পটো নিৰ্মাণৰ বাবে কে এছ কে পাৱাৰ কৰ্পৰেচন নামৰ আন এটা ব্যক্তিগত সংস্থাক নিবিদা ভিত্তিত দায়িত্ব অৰ্পণ কৰিছিল৷ তেওঁলোকে সময়মতে কাম আৰম্ভ কৰিব নোৱৰাৰ বাবে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এন এইচ পি চিক উক্ত দুয়োটা বান্ধ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছে৷ সম্প্ৰতি এন এইচ পি চি কৰ্তৃপক্ষই গেৰুকামুখ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিয়ে উল্লিখিত বান্ধ দুটা নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷ ইফালে যোৱা আগষ্ট মাহত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিব বুলি এন এইচ পি চি কৰ্তৃপক্ষই লক্ষ্য স্থিৰ কৰিছিল যদিও বৰ্তমান সংস্থাটোৱে ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত দুটাকৈ টাৰ্বাইনেৰে ৫০০ মেগাৱাট আৰু আগষ্ট মাহৰ ভিতৰত নিৰ্ধাৰিত ২০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে৷ বৰ্তমান তঢ়িৎ গতিত কাম কৰি প্ৰকল্পস্থলীৰ ৮৮ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে৷ স্মৰ্তব্য যে, বৃহৎ নদীবান্ধ বিৰোধী সংগঠনসমূহৰ নিষ্ক্ৰিয় ভূমিকাৰ সুবাদতে সম্প্ৰতি বিজুলী উৎপাদনৰ দিশে এন এইচ পি চি কৰ্তৃপক্ষই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম আগবঢ়াই নিছে৷ তাৎপৰ্যপূৰ্ণ কথা যে, এসময়ত উক্ত প্ৰকল্পটোক বহুমুখী প্ৰকল্পলৈ ৰূপান্তৰ তথা মূল বান্ধৰ উচ্ছতা হ্ৰাস, বান্ধৰ নামনি অংশত বসবাস কৰা লোকসকলৰ জীৱন-সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাকে ধৰি বহুকেইটা দাবীৰ সমৰ্থনত অখিল গগৈৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসমৰ ৩০ টাতকৈ অধিক সংগঠনে ৰাজ্যব্যাপী প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ অৱশ্যে বৃহৎ নদীবান্ধৰ প্ৰতিবাদৰ বাবেই এন এইচ পি চিয়ে শেহতীয়াকৈ মূল বান্ধৰ দৈঘ্য (নদীৰ প্ৰস্থ) ১৭১ মিটাৰৰ পৰা ২৭১ মিটাৰ কৰিবলৈ বাধ্য হয় ৷ ইতিমধ্যে প্ৰকল্পৰ কামকাজ সূচাৰুভাৱে চলিবৰ বাবে সোৱণশিৰি নদীৰ পানীভাগ পাঁচটা ডাইভাৰচন টাৰ্নেলেৰে বোৱাই দি পুনৰ নদীত এৰি দিয়া হৈছে৷ এনেদৰে নদীখনৰ বক্ষত ৫৯.৫কিলোমিটাৰ দৈঘ্যৰ ৰিজাৰভাৰ প্ৰায় প্ৰস্তুত কৰা হৈছে৷ মূল বান্ধৰ লগত ৯খন গেট স্থাপন কৰা হৈছে আৰু সময়ত ৰিজাৰভাৰৰ অতিৰিক্ত পানীভাগ এই গেটেৰে উলিয়াই দিয়াৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ৷ প্ৰকল্পটোৰ সামগ্ৰিক উন্নয়নৰ কাম ৮২ শতাংশ আৰু মূল বান্ধৰ কাম ৮৮ শতাংশ প্ৰায় সম্পূৰ্ণ হৈছে৷ পূৰ্বতে প্ৰকল্পটোৰ ব্যয় ৬৫০০ কোটি টকা আছিল যদিও সম্প্ৰতি প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ১৯,২০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More