পাৰিজাত বৰুৱা
শিক্ষা যিহেতু জীৱনজোৰা সাধনাৰ এক নিৰবচ্ছিন্ন প্ৰক্ৰিয়া ই জন্মৰ পৰা মৃত্যুলৈকে অবিৰত গতিত জ্ঞাতে বা অজ্ঞাতে চলি থাকে । অজ্ঞাত অথচ অসচেতন সময়তো জীৱনত কেতিয়াবা ইমানেই গুৰুত্বপূৰ্ণ শিক্ষা আহৰণ কৰিব পৰা যায় যে সেই গুৰুত্বপূৰ্ণ শিক্ষাৰ গভীৰতা আৰু বাস্তৱ জীৱনত ইয়াৰ প্ৰয়োজনীয়তা সময়ৰ তাৎক্ষণিক সংকট আৰু মানসিক বিপৰ্যয়ৰ বেলাতহে ইয়াৰ সঠিক জোখ-মাখ নিৰ্ণয় কৰা যায় । আনুষ্ঠানিকভাৱে আমি যিখিনি শিকিছোঁ অনানুষ্ঠানিকভাবেও কমকৈ শিকা বুলি কেতিয়াও ক’ব নোৱাৰোঁ।
আজিকালি আমাৰ মনতো প্ৰশ্ন জাগে যে আমি জ্ঞান আহৰণৰ বাবে পঢ়িছোঁনে প্ৰকৃততে নম্বৰৰ বাবে পঢ়িছোঁ ! বাস্তৱিক সময়ত আমি নম্বৰকে জ্ঞান আহৰণৰ জোখমাখৰ মাপকাঠি কৰিও নোচোৱা নহয় । কোনে ক’ত কিমান শতাংশ (%) পালে তাৰেই আমাৰ গণনা আৰম্ভ হৈ সেই নম্বৰ-লব্ধ শিক্ষা ক’ত কেনেকৈ প্ৰয়োগ হৈছে তাতহে শেষ কৰা দৰকাৰ।
কিতাপৰ এটা গধূৰ বোজা পিঠিত বান্ধি কণমানি ল’ৰা-ছোৱালীবোৰ যেতিয়া বিদ্যালয়ৰ চাৰিসীমাৰ মাজত সোমাই যায় সিহঁতৰ ফৰকাল, ৰঙীন মুখবোৰৰ মাজত ভয়, সন্ত্ৰাস, অনিচ্ছাৰ ছবিবোৰ অতি বেদনাদায়ক বুলি অনুভৱ হয় । পাঠ্যক্ৰমৰ ভাৰ বহন কৰিব নোৱৰা বোজা আৰু পৰীক্ষাৰ সন্ত্ৰাসে কণমানিহঁতৰ চকুৰ দীপ্তি কাঢ়ি নিছে । অভিভাৱকসকলেও পৰস্পৰৰ মাজত এক অঘোষিত প্ৰতিযোগিতাৰ মাজত সোমাই পৰে । যিকোনো উপায়েৰে নিজৰ সন্তানক ৯০-১০০% দি নিজৰ বাবে ১ শতাংশও সুখ নাইকিয়া কৰা বহু অভিভাৱকে নম্বৰকে যোগ্যতাৰ মাপকাঠি কৰি A ++ গ্ৰেডকে শ্ৰেষ্ঠ গ্ৰেড বুলি সন্তোষ লাভ কৰি মানসিক তৃপ্তি লভিছে । বহু পিতৃ-মাতৃ আৰু অভিভাৱকে নিজৰ সন্তানৰ সোণালী শৈশৱৰ সোণসেৰীয়া অভিজ্ঞতা আৰু লগৰীয়াৰ পৰা পোৱা আনন্দবোৰ কাঢ়ি আনি নম্বৰৰ নিগনি দৌৰ মাৰিবলৈহে উদগণি যোগাইছে। শৈশৱ-কৈশোৰৰ একাকীত্বই অদূৰ ভৱিষ্যতে ল’ৰা-ছোৱালীবোৰৰ ওপৰত অতি নেতিবাচক প্ৰভাৱ পেলোৱা দেখা যায়। বৰ্তমান সময়ত সন্তানসকলে বৃদ্ধ পিতৃ-মাতৃক অৱজ্ঞা বা আওকাণ কৰাও সততে উচ্চাৰিত বিষয়। নৈতিকতা আৰু আধ্যাত্মিক চিন্তা-চেতনাৰ পৰা আঁতৰাই ৰখা সন্তানৰপৰা ইয়াতকৈ আৰু ভাল কি আশা কৰিব পাৰি ! যান্ত্ৰিকতাৰ চক্ৰবেহুৰ মাজত ঠেলি-হেঁচি সন্তানসকলক অভিভাৱকসকলে প্ৰত্যক্ষভাবে নিজেই সুমুৱাই দিয়া নাইনে ? আমাৰ শিক্ষাগত নম্বৰে প্ৰদান কৰা অৰ্হতাই আমাক ভৱিষ্যতে এটা বৃত্তি বা চাকৰি পাবলৈহে উপযুক্ত কৰিব । জীৱন এটা দেখাত বৰ স্বাছন্দ্যেৰে উপভোগ কৰা যেন লাগিলেও প্ৰকৃত জীৱনৰ সুখপ্ৰাপ্তিযে কেৱল এয়া নহয় সেয়া বাৰে বাৰে প্ৰমাণিত হৈ আহিছে । জ্ঞান আহৰণৰ বাবে লাভ কৰা শিক্ষাই আমাক কেতিয়াও মানসিক অন্তৰ্দ্বন্দ্বত ভূগিব লগা পৰিস্থিতিত নেপেলায়। আনহাতে বিপদ সংকুল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জ্ঞানৰ সমান একোৱে নাই । কেতিয়াবা সেয়ে অশিক্ষিত জ্ঞানীজনৰ ওচৰত শিৰনত কৰি উপলব্ধি কৰিছোঁ —বিচিত্র জীৱনত আৰু বহুকথা শিকিবলৈ বাকী থাকি গৈছে । ৰসহীন জীৱন এটাৰ মাজলৈ সন্তানসকলক ঠেলি দিয়াৰ পিছত অনুশোচনাৰে জীৱনৰ বাকীথকা সময়খিনি কেৱল মাথো মেটমৰা দুখ ভোগৰ বাবে অৱশ্যে প্ৰস্তুত থাকিব লাগিব । ইয়াৰ প্ৰভাৱ কেৱল ব্যক্তিজীৱনতে সীমাবদ্ধ হৈ নাথাকে । সমাজেও ইয়াৰ দুৰ্ভোগ ভোগে ।
লেখিকাৰ ঠিকনাঃ গোলাঘাট