নলবাৰীত বিশ্ব ধৰিত্ৰী দিৱস পালন

0 31

নলবাৰী, ২২ এপ্ৰিলঃ বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে ইক’ ক্লাব বনভাগখাটা দিজহাৰী বিদ্যালয়ৰ উদ্যোগত তথা প্ৰাণী বিজ্ঞান বিভাগ নলবাৰী মহাবিদ্যালয়, পৰিবেশ সংগঠন দি গ্ৰীন গ্লোৱৰ তত্বাবধানত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ লগতে পৰিবেশ,বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্রালয়ৰ, ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত  পাঁচ শতাধিক ছাত্র-ছাত্ৰীৰ উপস্থিতিত আজি বনভাগখাটা দিজহাৰী বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ধৰিত্ৰী দিৱস পালন কৰা হয়। অনুষ্ঠানটিৰ আৰম্ভণিতে নলবাৰী মহাবিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক কুমদ চন্দ্র ৰাভাই সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত দুডাল ৰাধাচুৰা গছপুলি ৰোপন কৰি আৰম্ভ কৰে। সভাত নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় সেউজ বাহিনী ইক’ ক্লাবৰ জিলা সমন্বয়ক আৰু দি গ্ৰীন গ্লোৱৰ সম্পাদক ৰাজেশ দত্ত বৰুৱাই আমি সকলোৱে পৃথিবীত নিজৰ মূল্যবান সময়, চিন্তা, অৰ্থ, শাৰিৰীক শ্ৰমদান আদি বিনিয়োগ কৰি পৃথিবীখন যাতে সমগ্র জীৱকূলৰ বাবে বাসপোযোগী হৈ থাকে শীৰ্ষক বিষয় বস্তুৰ ওপৰত ছাত্র-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে। সভাত উপস্থিত দি গ্ৰীন গ্লোৱৰ সভাপতি বিশ্বজিৎ শৰ্মাই পৃথিবীত জীয়াই থাকিবলৈ হলে গছপুলি ৰোপনৰ লগতে প্ৰতিপালন কৰাৰ সমান্তৰালকৈ সকলো প্ৰকাৰৰ বন্যপ্ৰাণী ভূমিকা সম্পর্কে বক্তব্য প্ৰদান কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক সূৰ্যকান্ত ৰাজবংশীয়ে সকলোৰে শলাগ লয়। আনহাতে নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় সেউজ বাহিনী ইক’ ক্লাবৰ লগত জড়িত প্ৰায়বোৰ বিদ্যালয়ে বিশ্ব ধৰিত্ৰী দিৱস পালন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More