নলিনী বৰুৱাৰ কৰ্মৰাজিকলৈ নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শন

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ ৯২ সংখ্যক ওপজা দিন উদ্‌যাপন

0 19

শতাব্দ  প্ৰতিনিধি তেজপুৰ, ২৩ এপ্ৰিলঃ নিয়মীয়াকৈ খোজকঢ়া আৰু পৰিমিত খাদ্য গ্ৰহণ কৰাৰ ফলতেই ৯২ বছৰ বয়সতো তেজপুৰৰ দুৰন্ত তৰুণগৰাকীয়ে আজিও নিজেই গাড়ী চলাই অহাযোৱা কৰে আৰু আজিও কান্ধত কেমেৰাটো ওলমাই এখন ভাল আলোকচিত্ৰ গ্ৰহণৰ বাবে অনাই বনাই ঘুৰি ফুৰে । সেই ব্যক্তিজনেই হ’ল তাৰুণ্য আৰু প্ৰাণ চঞ্চলতা ভৰা জীৱন অতিবাহিত কৰি অহা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰশিল্পী তথা বিষ্ণুৰাভা বঁটা প্ৰাপক নলিনী বৰুৱা । আজি সেইগৰাকী শিল্পীৰ ৯২ সংখ্যক ওপজা দিন উপলক্ষে তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱনত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । শুভাকাংখীসকলৰ উপস্থিতিত কেক কাটি জন্মদিন পালন কৰি শিল্পী গৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, অনবৰতে তেওঁ এখন ভাল ছবিৰ সন্ধানত থাকে । এতিয়াও জীৱনৰ শ্ৰেষ্ঠতম ছবিখন তুলিব পৰা নাই । ভাল চিন্তা আৰু নিজৰ কৰ্মত নিয়োজিত হৈ থাকিলে মানুহ দীৰ্ঘজীৱী হয় । প্ৰেম ভালপোৱা আৰু মানুহৰ প্ৰতি দৰদ থাকিলে সদায় চিৰ তৰুণ হৈ থাকিব পাৰি । IMG 20220422 WA0042উল্লেখ্য যে, তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সভাপতি বাবুল পঞ্চাননৰ পৌৰোহিত্যত অনুষ্ঠিত ওলগ জ্ঞাপনৰ এই অনুষ্ঠানত তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ লগতে শোণিতপুৰ প্ৰেছ ক্লাবৰ হৈ পংকজ বৰুৱা, শোণিতপুৰ জিলা কবি সন্মিলনৰ হৈ অনুপ অসমীয়া আৰু অপূৰ্ব বৰা, তেজপুৰ সাহিত্য সভাৰ হৈ দেৱব্ৰত শৰ্মা আৰু শিল্পী গৰাকীৰ বন্ধু বীৰেন্দ্ৰ শীলে ওলগ জ্ঞাপন কৰে । ক্লাবৰ সম্পাদক বাৰ্লিন কুমাৰ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত চিৰ তৰুণ নলিনী বৰুৱাৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কত সাংবাদিক পুলক কুমাৰ ডেকাই আলোকপাত কৰি অচিৰেই শিল্পী গৰাকীৰ সংগৃহীত কেমেৰা আৰু আলোক চিত্ৰৰ বিশেষ প্ৰৰ্দশনীৰ ব্যৱস্থা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক লৈ এটি ভাৱ বিনিময় অনুষ্ঠান আয়োজন কৰিবলৈ ফটোগ্ৰাফী ক্লাবক অনুৰোধ জনায় । শোণিতপুৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক পংকজ বৰুৱাই আঁত ধৰা  অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা আৰু বিশিষ্ট চিত্ৰ শিল্পী ৰাতুমণি দাস উপস্থিত থাকে । অনুষ্ঠানটিত মনোৰঞ্জন বৰদলৈয়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাকলৈ প্ৰস্তুত কৰি উলিওৱা আঠ মিনিট দৈৰ্ঘ্যৰ তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ লগতে পৰিয়ালৰ ফালৰ পৰাও কেক কাটি শিল্পী গৰাকীক জন্মদিনৰ শুভেচ্চা জ্ঞাপন কৰা হয় । সভাপতিৰ আসনৰ পৰা ভাষণ প্ৰসংগত পঞ্চাননে শিল্পী নলিনী বৰুৱাৰ জীৱন শৈলী আৰু কৰ্তব্য নিষ্ঠাৰ কথা কৈ সকলো বয়সৰ লোকৰ লগতে আত্মীয়তা গঢ়ি তুলি বৰুৱাই সহজ সৰল জীৱন-যাপন কৰাৰ কথা উল্লেখ কৰে । উল্লেখ্য যে, প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ পৰা জীয়া বাস্তৱৰ যুগজয়ী আলোকচিত্ৰৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা এইগৰাকী দুৰুন্ত তৰুণ আলোকচিত্ৰশিল্পী ৰাজ্য, দেশবাসীতেই নহয়, আমেৰিকা ইটালী আদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হৈছিল । এৱাৰ্ডেড ফটোগ্ৰাফ ছচাইটি অব আমেৰিকাৰ দ্বাৰা পুৰস্কৃত হোৱাৰ লগতে ইটালীৰ এ ফেডাৰেশ্যন অৱ ইণ্টাৰনেচনেল আৰ্ট ফটোগ্ৰাফীত স্বৰ্ণ তথা ব্ৰঞ্জৰ পদক লাভ কৰা আলোকচিত্ৰশিল্পী নলিনী বৰুৱাৰ প্ৰতিখন ছবিয়েই কয় কথা । ১৯৭১ চনত গুৱাহাটী ৰবীন্দ্ৰ ভৱন, ১৯৭৬ চনত দিল্লীৰ একাডেমী অৱ ফাইন আৰ্টচ, ১৯৭৭ চনত কলকাতাত একক আলোচনী প্ৰদৰ্শনীলৈ আমন্ত্ৰিত হোৱাৰ পিছত দেশৰ বিভিন্ন স্থানৰ লগতে জাৰ্মানী, লণ্ডন, নিউ জাৰ্চি, ৱাচিংটন আদিত প্ৰায় তিনিকুৰিখন একক আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা শিল্পীগৰাকীয়ে বহু ৰাষ্ট্ৰীয় সন্মানো ইতিমধ্যে লাভ কৰিছে । আনহাতে বিশ্বৰ আগশাৰী কাকত আলোচনী শংকৰ উইকলি, ফটোগ্ৰাফী ইয়েৰ বুক, লণ্ডন, ইলাষ্ট্ৰেটেড ইউকলি অৱ ইণ্ডিয়া আদিত শিল্পীগৰাকীৰ আলোকচিত্ৰ প্ৰকাশ হোৱাৰ লগতে ১৯৭৭ চনত আমেৰিকাৰ ফটোগ্ৰাফী চছাইটিৰ জাৰ্নেল এৱাৰ্ড, ১৯৮১ চনত ইটালীত অনুষ্ঠিত ইণ্টাৰনেচনেল কালাৰ শ্লাইড একজিভিছ্যনত ক্লাৱ এৱাৰ্ড, ১৯৮২ চনত ইটালীত ফেডাৰেশ্যন অৱ ইণ্টাৰনেচনেল আৰ্ট ফটোগ্ৰাফীৰ বিৰল সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল । কেট ট্ৰাইঅ’, মিছিং বিহু ডেন্স আদি শিৰোনামৰ যুগজয়ী আলোকচিত্ৰৰে সমাদৃত হোৱা নলিনী বৰুৱাই কেইবছৰ মান পূৰ্বে নিজৰ যুগান্তকাৰী আলোকচিত্ৰসমূহ একত্ৰিত কৰি ‘ইমেজেচ’ শীৰ্ষক এখন বৃহৎ কলেৱৰৰ গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছিল

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More