নাওবৈচাত পথ দুৰ্ঘটনাত ছাত্ৰ নেতা নিহত

লখিমপুৰত অনুষ্ঠিতব্য আছুৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ কাম কাজ সামৰি ঘৰমুৱা হোৱাৰ পথত অঘটনঃ সদৌ অসম ছাত্ৰ সন্থাৰ শোক

0 33

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰ জিলাৰ নাওবৈচাত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ নাওবৈচা আঞ্চলিকৰ সাধাৰণ সম্পাদক অনন্ত বৰা [২৭] নিহত হয়৷ উল্লেখ্য যে অহা ১৯, ২০ আৰু ২১ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰত অনুষ্ঠিত হ’ব লগা সাধাৰণ অধিবেশনৰ কাম কাজত ব্যস্ত হৈ নিশা লখিমপুৰৰ পৰা নাওবৈচাৰ গৃহাভিমুখে মটৰ চাইকেলেৰে গৈ থকা পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহ মাইলত এখন অচিনাক্ত বাহনে ছাত্ৰ নেতাজনক খুন্দিয়াই গুৰুতৰ ভাৱে আহত কৰে৷ পিছত স্থানীয় লোকৰ লগতে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া ঘটনাস্থলীত উপস্থিত হৈ অনন্ত বৰাক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও পথতে তেওঁৰ মৃত্যু ঘটে ৷ আজি মৰণোত্তৰ পৰীক্ষাৰ পাছত ছাত্ৰ নেতাজনক ঘৰলৈ লৈ অনাৰ পথত নাওবৈচাস্থিত শ্বহীদ বেদীত দুই শতাধিক ছাত্ৰকৰ্মীৰ লগতে অনন্ত বৰাই অধ্যয়ন কৰা নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী, অনেক গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ প্ৰয়াত ছাত্ৰ নেতা অনন্ত বৰাই লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ লগত জড়িত হৈ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্বত থাকি নাওবৈচাৰ জ্বলন্ত সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল৷ ছাত্ৰ নেতাজনৰ ওপজা গাঁও চমুৱা গাঁৱৰ  ৰাইজৰ আপোন অনন্তই গাঁওবাসীৰ সকলো বিপদ আপদত আগভাগ লৈ আহিছিল৷ আমায়িক, মৃদুভাষী, সু-বক্তা ছাত্ৰ নেতাজনৰ এনে আকস্মিক মৃত্যুত গাঁৱৰ ৰাইজৰ লগতে অঞ্চলবাসী শোকত ম্ৰিয়মান হৈ পৰিছে৷ বিয়লি এক শোকাকুল পৰিৱেশৰ মাজত অসংখ্য গুণমুগ্ধ আৰু পৰিয়ালৰ উপস্থিতিত ছাত্ৰ নেতাজনৰ শেষকৃত্য় সম্পন্ন কৰা হয়৷ ছাত্ৰ নেতা জনৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্য়োতি বৰুৱা, মুখ্য সাংগঠনিক সম্পাদক পুলক বৰা, সদৌ লখিমপুৰ ছাত্ৰ সন্থা, উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থা, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা, লালুক আঞ্চলিক ছাত্ৰ সংস্থা, ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থা, নাওবৈচা শাখা সাহিত্য সভা, নাওবৈচা প্ৰেছ ক্লাৱকে ধৰি বহু দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More